--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত ভাৰতে ৩২২ ৰানত অগ্ৰগতি লাভ কৰে। যশস্বী জয়ছোৱালে শতক অৰ্জন কৰে। কিন্তু আঘাতৰ বাবে খেলপথাৰ এৰিব লগা হৈছিল। সেই ঠাইত ৰজত পাতিদাৰে ভুল শ্বট খেলি ওলাই আহিল। দিনৰ শেষত ভাৰতে ১৯৬/২ স্ক’ৰ কৰে। এটা বৃহৎ ৰানৰ অগ্ৰগতি লাভৰ পথত ভাৰত। যশস্বীয়ে ১৩৩টা বলত ১০৪ ৰান সংগ্ৰহ কৰে।

ৰজত পাটিদাৰ ব্যৰ্থ হয়। শূন্য ৰাণত ১০টা বল খেলি আউট হয়। অভিষেক টেষ্টত তেওঁ প্ৰথম ইনিংছত ৩২ ৰান সংগ্ৰহ কৰে। সেইটোৱেই তেওঁৰ সৰ্বোচ্চ ৰান। চলিত মেচৰ পূৰ্বৰ ইনিংছত তেওঁ ৫ ৰান সংগ্ৰহ কৰি আউট হৈছিল। এই ইনিংছত শূন্য স্ক’ৰ। পৰৱৰ্তী মেচত যদি লোকেশ ৰাহুল ঘূৰি আহে তেন্তে তেওঁ হয়তো বাদ পৰিব লাগিব।

শুকুৰবাৰে ইংলেণ্ডে যি ধৰণে খেলিছিল, সেইটোৱে এটা ডাঙৰ ৰানৰ ইংগিত দিছিল। ৰাতি মাকৰ অসুস্থতাৰ বাবে ৰবিচন্দ্ৰন অশ্বিন হঠাতে ঘৰলৈ উভতি অহাৰ লগে লগে ভাৰতৰ সমস্যা বাঢ়ি যায়। কিন্তু শনিবাৰে পুৱা যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱে ইংলেণ্ডৰ বাবে কঠিন কৰি তুলিলে। দৌৰৰ গতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে। তেতিয়াই ইংলেণ্ডে উইকেট দিবলৈ আৰম্ভ কৰিলে। ইংলেণ্ড আক্ৰমণাত্মক ক্ৰিকেট খেলিবলৈ গৈছিল। তাতেই পতন হ’বলৈ আৰম্ভ কৰিলে।

ৰুট আউট হোৱাৰ মাত্ৰ কেইমুহূৰ্ত পিছতে জনী বেয়াৰষ্টো আউট হৈছিল। ১৫২ ৰান সংগ্ৰহ কৰা বেন ডাকেটেও আউট হয়। একেৰাহে তিনিটা উইকেট হেৰুৱাই ইংলেণ্ড বিপদত পৰিল। কিন্তু বেন ষ্ট’কে এনে পৰিস্থিতিৰ পৰা কেইবাখনো মেচত ইংলেণ্ডক আত্মবিশ্বাস প্ৰদান কৰিছিল। 

ইংলেণ্ডৰ ইনিংছ ৩১৯ ৰানেৰে সমাপ্ত হয়। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত ২৯ ৰানত ৫ উইকেট হেৰুৱাই ইংলেণ্ডৰ বাবে চাপত পৰিণত হয়। দেওবাৰে ইংলেণ্ডৰ সন্মুখত ৰান সংগ্ৰহ কৰি ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰিব বিচাৰিব ভাৰতে। সেইটো কৰিবলৈ সৰফৰাজ খানে ৰান কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ