--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-ইংলেণ্ড হায়দৰাবাদ টেষ্টৰ প্ৰথম পুৱাই এযোৰ অভিলেখ ৰচিত হ’ল। ৰবিচন্দ্ৰন অশ্বিনে এক নজিৰ গঢ়ি তুলিলে। আনটো গঢ়িলে জো ৰুট-এ। ভাৰতীয় অফ স্পিনাৰগৰাকীয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ১৫০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হোৱা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। ৰুটে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৪০০০ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ১৫০ ৰানৰ মাইলৰ খুঁটিত উপনীত হোৱা অশ্বিন বিশ্বৰ তৃতীয়জন বলাৰ হিচাপে পৰিগণিত হয়। অভিজ্ঞ অফস্পিনাৰগৰাকীয়ে প্ৰথমে বেন ডাকেটক আউট কৰি ১৪৯ নং উইকেট দখল কৰে। পিছত ইংলেণ্ডৰ ইনিংছৰ ১৬ অভাৰৰ প্ৰথমটো বলত জেক ক্ৰ’লীক আউট কৰি ১৫০ উইকেট সম্পূৰ্ণ কৰে। অশ্বিনৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল অষ্ট্ৰেলিয়াৰ দুগৰাকী বলাৰ।

অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ হাতত আছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক উইকেট লোৱাৰ অভিলেখ। তেওঁ এই পৰ্যন্ত ১৬৯টা উইকেট দখল কৰিছে। সকলো সংখ্যাৰ উইকেটৰে যৌথ শীৰ্ষত আছে নাথান লায়ন। অশ্বিন এতিয়া তৃতীয় স্থানত আছে। এই তালিকাত চতুৰ্থ স্থানত আছে অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰক। তেওঁৰ সংগ্ৰহ ১৪০ উইকেট। ১৩৪ উইকেটৰে পঞ্চম স্থানত আছে ষ্টুয়াৰ্ট ব্ৰড। মন কৰিবলগীয়া যে যোৱা বছৰ ব্ৰডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে নজিৰ গঢ়িবলৈ ১৩ ৰান দূৰত আছিল। হায়দৰাবাদে ২২ গজৰ ডাঙৰ ৰান নাপালেও ৰুটে মাইলৰ খুঁটিত উপনীত হোৱাত কোনো অসুবিধা নাপালে। আজিৰ দিনটোত ১৩ ৰান সংগ্ৰহ কৰি তেওঁ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৪০০০ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ইংলেণ্ডৰ ইনিংছৰ ২১ অভাৰত অক্ষৰ পেটেলৰ পঞ্চম বলত ২ ৰানেৰে মাইলৰ খুঁটি স্পৰ্শ কৰে ৰুটে। ৪৮ সংখ্যক টেষ্টত তেওঁ এই নজিৰ গঢ়ি তুলিছিল। প্ৰথম ইনিংছত ৰুটৰ বেটৰ পৰা ২৯ ৰান। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত তেওঁৰ মুঠ ৰান ৪০১৬।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৰান সংগ্ৰহৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুশ্বানে দ্বিতীয় স্থানত আছে। তেওঁ এই পৰ্যন্ত ৪৩খন টেষ্টত ৩৭৯৭ ৰান সংগ্ৰহ কৰিছে। এই তালিকাত তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথ। তেওঁ এই পৰ্যন্ত ৪৩খন টেষ্টত ৩৩৩৮ ৰান সংগ্ৰহ কৰিছে। চতুৰ্থ স্থানত আছে বেন ষ্ট’কছ। ইংলেণ্ডৰ অধিনায়কগৰাকীয়ে ৪১খন খেলত ২৭১০ ৰান সংগ্ৰহ কৰে। পঞ্চম স্থানত আছে বাবৰ আজম। ২৯খন টেষ্টত পাক বেটাৰৰ সংগ্ৰহ ২৬৬১ ৰান। ভাৰতীয়ৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বিৰাট কোহলী। এই তালিকাৰ নৱম স্থানত আছে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকী। তেওঁ এই পৰ্যন্ত ৩৬খন টেষ্টত ২২৩৫ ৰান সংগ্ৰহ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক