ডিজিটেল ডেস্কঃ সাধাৰণতে যিকোনো ঠাইত নিৰ্মাণৰ কাম হ’লে প্ৰথমে ভেটিত মাটি দিয়া হয়। শিলৰ কংক্ৰিটৰ মিশ্ৰণ আদি যোগ কৰি পানীৰ লগত মিহলাই ভেটি ভৰোৱাৰ কাম সম্পূৰ্ণ হয়। কিন্তু ভাৰতবৰ্ষত এনে এটা মন্দিৰ আছে যাৰ ভেটিৰ পানী মিহলি হোৱা নাছিল। বৰঞ্চ চল্লিশ হাজাৰ কিলোগ্ৰাম ঘিউ ব্যৱহাৰ কৰা হৈছিল। এই ঐতিহাসিক মন্দিৰটো চাবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ লোক আহে। কেৱল ভাৰতৰ পৰাই নহয় বহিঃৰাষ্ট্ৰৰ পৰাও এই মন্দিৰটো চাবলৈ আহে।
এই মন্দিৰটো হৈছে ৰাজস্থানৰ বিকানেৰত ভাণ্ডাশ্বাহ জৈন মন্দিৰ৷ এই মন্দিৰৰ আটাইতকৈ বিশেষ কথাটো হ’ল মন্দিৰৰ ভেটিৰ লগত জড়িত কাহিনী। কোৱা হয় যে এই মন্দিৰৰ ভেটি ভৰোৱাৰ বাবে প্ৰায় ৪০ হাজাৰ কিলোগ্ৰাম ঘিউ ব্যৱহাৰ কৰা হৈছিল। এই মন্দিৰটো চাবলৈ প্ৰতিদিনে ভাৰতৰ আন আন ঠাইৰ পৰা বৃহৎ সংখ্যক পৰ্যটক আহে।এই মন্দিৰৰ ইতিহাস প্ৰায় ৫০০ বছৰ পুৰণি বুলি কোৱা হয়। ১৪৬৮ চনত ভাণ্ডা শ্বাহ নামৰ এজন ব্যৱসায়ীয়ে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। ভাণ্ডা শ্বাহৰ মৃত্যুৰ পাছত ১৫৪১ চনত তেওঁৰ কন্যাই বাকী থকা মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰে। ভাণ্ডাশ্বাহ জৈনে নিৰ্মাণ কৰা বাবেই মন্দিৰটোৰ নাম ভাণ্ডাশ্বাহ ৰখা হৈছিল।