--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লেখক, শীর্ষ আৰক্ষী বিষয়া ড° পাৰ্থসাৰথি মহন্তৰ এটি কবিতাৰ আধাৰত ৰচিত কাহিনীৰে নির্মিত এই ছবিখনে লাভ কৰিছে শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান।

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে সমাদৃত হৈ বহুকেইটা বঁটা লাভেৰে গৌৰৱ কঢ়িয়াই অনা 'অনসুনী চীখে' চুটি ছবিখনে ১৯সংখ্যক অযোধ্যা চলচ্চিত্র মহোৎসৱতো সন্মান বুটলিবলৈ সক্ষম হৈছে।


লেখক, শীর্ষ আৰক্ষী বিষয়া ড° পাৰ্থসাৰথি মহন্তৰ এটি কবিতাৰ আধাৰত ৰচিত কাহিনীৰে নির্মিত এই ছবিখনে লাভ কৰিছে শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান।


উল্লেখযোগ্য যে ছবিখনত এককভাৱে অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে। অভিনেত্ৰীগৰাকীৰ বলিষ্ঠ অভিনয়েৰে ছবিখনত ভাৰতৰ এগৰাকী যুৱতীৰ প্ৰত্যাহ্বানেৰে ভৰা কষ্টকৰ এক শক্তিশালী জীৱন-যাত্ৰাক চিত্রায়িত কৰা হৈছে। জন্মৰ পৰা প্ৰাপ্তবয়স্কলৈ তেওঁ কিদৰে সমাজত বৈষম্যৰ সন্মুখীন হয়, ইয়াৰ বাস্তৱ প্ৰতিচ্ছবি ইয়াত প্রতিফলিত হৈছে।


 ড° পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা আৰু মীনা মহন্ত-ইন্দ্ৰাণী বৰুৱাই প্ৰযোজনা কৰা এই চুটি ছবিখনে চেন্নাইত অনুষ্ঠিত কল্লীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ এছিয়ান চুটি ছবিৰ বঁটাৰ উপৰি জয়পুৰ চলচ্চিত্র মহোৎসৱ, দিল্লী চলচ্চিত্র মহোৎসৱ আৰু কলকাতাত অনুষ্ঠিত ইণ্ডিপেণ্ডেন্ট চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছিল। তদুপৰি, ছবিখন কান চলচ্চিত্র মহোৎসৱৰ মার্চে ডু ফিল্মতো (অনলাইন শাখা) প্রদর্শিত হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশৰ দৰ্শকে ছবিখনক অতি উচ্চ প্রশংসা কৰিছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু