--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লেখক, শীর্ষ আৰক্ষী বিষয়া ড° পাৰ্থসাৰথি মহন্তৰ এটি কবিতাৰ আধাৰত ৰচিত কাহিনীৰে নির্মিত এই ছবিখনে লাভ কৰিছে শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান।

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে সমাদৃত হৈ বহুকেইটা বঁটা লাভেৰে গৌৰৱ কঢ়িয়াই অনা 'অনসুনী চীখে' চুটি ছবিখনে ১৯সংখ্যক অযোধ্যা চলচ্চিত্র মহোৎসৱতো সন্মান বুটলিবলৈ সক্ষম হৈছে।


লেখক, শীর্ষ আৰক্ষী বিষয়া ড° পাৰ্থসাৰথি মহন্তৰ এটি কবিতাৰ আধাৰত ৰচিত কাহিনীৰে নির্মিত এই ছবিখনে লাভ কৰিছে শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান।


উল্লেখযোগ্য যে ছবিখনত এককভাৱে অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে। অভিনেত্ৰীগৰাকীৰ বলিষ্ঠ অভিনয়েৰে ছবিখনত ভাৰতৰ এগৰাকী যুৱতীৰ প্ৰত্যাহ্বানেৰে ভৰা কষ্টকৰ এক শক্তিশালী জীৱন-যাত্ৰাক চিত্রায়িত কৰা হৈছে। জন্মৰ পৰা প্ৰাপ্তবয়স্কলৈ তেওঁ কিদৰে সমাজত বৈষম্যৰ সন্মুখীন হয়, ইয়াৰ বাস্তৱ প্ৰতিচ্ছবি ইয়াত প্রতিফলিত হৈছে।


 ড° পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা আৰু মীনা মহন্ত-ইন্দ্ৰাণী বৰুৱাই প্ৰযোজনা কৰা এই চুটি ছবিখনে চেন্নাইত অনুষ্ঠিত কল্লীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ এছিয়ান চুটি ছবিৰ বঁটাৰ উপৰি জয়পুৰ চলচ্চিত্র মহোৎসৱ, দিল্লী চলচ্চিত্র মহোৎসৱ আৰু কলকাতাত অনুষ্ঠিত ইণ্ডিপেণ্ডেন্ট চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছিল। তদুপৰি, ছবিখন কান চলচ্চিত্র মহোৎসৱৰ মার্চে ডু ফিল্মতো (অনলাইন শাখা) প্রদর্শিত হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশৰ দৰ্শকে ছবিখনক অতি উচ্চ প্রশংসা কৰিছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ