--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষণ ধৰ্ষণেই। স্বামীৰ দ্বাৰা হ’লেও এটা ধৰ্ষণকাণ্ড ধৰ্ষণেই। শেহতীয়াকৈ গুজৰাট উচ্চ ন্যায়ালয়ে এইদৰে বক্তব্য ৰাখিছে। বৈবাহিক ধৰ্ষণক শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা উচিত নে নাই সেই সন্দৰ্ভত বৰ্তমান উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন বিচাৰাধীন হৈ আছে। ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত পত্নীৰ সন্মতি অবিহনে স্বামীক যৌন সম্পৰ্ক স্থাপনৰ পৰা ৰেহাই দিয়া হৈছে।

গুজৰাট উচ্চ ন্যায়ালয়ে আপাত দৃষ্টিত এই কথাত মতানৈক্য প্ৰকাশ কৰি কয় যে আমেৰিকাৰ ৫০খন ৰাজ্য, অষ্ট্ৰেলিয়াৰ ৩খন ৰাজ্যকে ধৰি বহু দেশত বৈবাহিক ধৰ্ষণ বৈধ নহয়। আনকি য’ত ভাৰতীয় দণ্ডবিধিৰ বহুলাংশে ব্ৰিটিছ দণ্ডবিধিৰ আৰ্হি তৈয়াৰ কৰা হৈছে, তাতো স্বামীৰ বাবে এই ‘ব্যতিক্ৰমী ৰেহাই’ ১৯৯১ চনত আঁতৰাই পেলোৱা হৈছিল।

ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰাত ধৰ্ষণক মহিলাৰ সন্মতি অবিহনে যৌন সম্পৰ্ক বুলি সংজ্ঞায়িত কৰা হৈছে। কিন্তু ব্যতিক্ৰম ২ৰ অধীনত স্বামীক ৰেহাই দিয়া হয়। গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দিবেশ যোশীৰ বিচাৰপীঠৰ সন্মুখত অহা গোচৰটোত অভিযোগকাৰীয়ে স্বামীক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। লগতে শহুৰেক আৰু শাহুৱেকে নিজৰ ল’ৰাক নিয়মিতভাৱে উচটনি দি বিয়া পাতি অনা ছোৱালীজনীৰ নগ্ন ফটো তুলি হোৱাটছএপ গ্ৰুপ আৰু পৰ্ণগ্ৰাফিক চাইটত পোষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে। ই তেওঁলোকৰ উপাৰ্জনৰ ধৰণ হৈ পৰিল।  শহুৰেকৰ বিৰুদ্ধেও যৌন নিৰ্যাতনৰ অভিযোগো উত্থাপন হৈছে।

শাহুৱেকৰ জামিন আবেদন খাৰিজ কৰিলে ন্যায়াধীশ যোশীয়ে। তেওঁ কয় যে নিজে ছোৱালী হোৱাৰ পিছতো শাহুৱেকে স্বামী-পুত্ৰৰ লগতে সমান অত্যাচাৰীৰ ভূমিকা পালন কৰিছিল। জামিন আদেশত ন্যায়াধীশগৰাকীয়ে লিখিছে যে পুৰুষ আৰু মহিলাৰ অসমান ক্ষমতাৰ সম্পৰ্কই নাৰীৰ ওপৰত হোৱা হিংসাৰ আঁৰৰ মূল কাৰণ। সামাজিক আৰু সাংস্কৃতিক নীতি-নিয়ম, অৰ্থনৈতিক নিৰ্ভৰশীলতা, দৰিদ্ৰতা, মদ্যপান আদিৰ সমন্বয়ৰ ফলত এই হিংসা আৰু অধিক ভয়াৱহ হৈ পৰে। সামাজিকভাৱে এনে অপৰাধক হেয়জ্ঞান কৰাৰ প্ৰৱণতা প্ৰায়ে দেখা যায়। চিনেমাৰ দৰে জনপ্ৰিয় মাধ্যমেওমহিমামণ্ডিত কৰে। স্বাভাৱিক যেন দেখাব বিচাৰে।

এই প্ৰেক্ষাপটতে আদালতে বৈবাহিক ধৰ্ষণৰ বিষয়টো উত্থাপন কৰে। ন্যায়াধীশ যোশীয়ে লক্ষ্য কৰিছিল যে সন্মতিৰ প্ৰতি লক্ষ্য ৰাখি বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ। যোৱা বছৰ দিল্লী উচ্চ ন্যায়ালয়ে বৈবাহিক ধৰ্ষণৰ গোচৰত বিভাজন ৰায় দিছিল। সম্প্ৰতি উচ্চতম ন্যায়ালয়ে বৈবাহিক ধৰ্ষণক ধৰ্ষণ বুলি গণ্য কৰাৰ আবেদন সন্দৰ্ভত এক গোচৰৰ শুনানি গ্ৰহণ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক