--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষণ ধৰ্ষণেই। স্বামীৰ দ্বাৰা হ’লেও এটা ধৰ্ষণকাণ্ড ধৰ্ষণেই। শেহতীয়াকৈ গুজৰাট উচ্চ ন্যায়ালয়ে এইদৰে বক্তব্য ৰাখিছে। বৈবাহিক ধৰ্ষণক শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা উচিত নে নাই সেই সন্দৰ্ভত বৰ্তমান উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন বিচাৰাধীন হৈ আছে। ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত পত্নীৰ সন্মতি অবিহনে স্বামীক যৌন সম্পৰ্ক স্থাপনৰ পৰা ৰেহাই দিয়া হৈছে।

গুজৰাট উচ্চ ন্যায়ালয়ে আপাত দৃষ্টিত এই কথাত মতানৈক্য প্ৰকাশ কৰি কয় যে আমেৰিকাৰ ৫০খন ৰাজ্য, অষ্ট্ৰেলিয়াৰ ৩খন ৰাজ্যকে ধৰি বহু দেশত বৈবাহিক ধৰ্ষণ বৈধ নহয়। আনকি য’ত ভাৰতীয় দণ্ডবিধিৰ বহুলাংশে ব্ৰিটিছ দণ্ডবিধিৰ আৰ্হি তৈয়াৰ কৰা হৈছে, তাতো স্বামীৰ বাবে এই ‘ব্যতিক্ৰমী ৰেহাই’ ১৯৯১ চনত আঁতৰাই পেলোৱা হৈছিল।

ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰাত ধৰ্ষণক মহিলাৰ সন্মতি অবিহনে যৌন সম্পৰ্ক বুলি সংজ্ঞায়িত কৰা হৈছে। কিন্তু ব্যতিক্ৰম ২ৰ অধীনত স্বামীক ৰেহাই দিয়া হয়। গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দিবেশ যোশীৰ বিচাৰপীঠৰ সন্মুখত অহা গোচৰটোত অভিযোগকাৰীয়ে স্বামীক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। লগতে শহুৰেক আৰু শাহুৱেকে নিজৰ ল’ৰাক নিয়মিতভাৱে উচটনি দি বিয়া পাতি অনা ছোৱালীজনীৰ নগ্ন ফটো তুলি হোৱাটছএপ গ্ৰুপ আৰু পৰ্ণগ্ৰাফিক চাইটত পোষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে। ই তেওঁলোকৰ উপাৰ্জনৰ ধৰণ হৈ পৰিল।  শহুৰেকৰ বিৰুদ্ধেও যৌন নিৰ্যাতনৰ অভিযোগো উত্থাপন হৈছে।

শাহুৱেকৰ জামিন আবেদন খাৰিজ কৰিলে ন্যায়াধীশ যোশীয়ে। তেওঁ কয় যে নিজে ছোৱালী হোৱাৰ পিছতো শাহুৱেকে স্বামী-পুত্ৰৰ লগতে সমান অত্যাচাৰীৰ ভূমিকা পালন কৰিছিল। জামিন আদেশত ন্যায়াধীশগৰাকীয়ে লিখিছে যে পুৰুষ আৰু মহিলাৰ অসমান ক্ষমতাৰ সম্পৰ্কই নাৰীৰ ওপৰত হোৱা হিংসাৰ আঁৰৰ মূল কাৰণ। সামাজিক আৰু সাংস্কৃতিক নীতি-নিয়ম, অৰ্থনৈতিক নিৰ্ভৰশীলতা, দৰিদ্ৰতা, মদ্যপান আদিৰ সমন্বয়ৰ ফলত এই হিংসা আৰু অধিক ভয়াৱহ হৈ পৰে। সামাজিকভাৱে এনে অপৰাধক হেয়জ্ঞান কৰাৰ প্ৰৱণতা প্ৰায়ে দেখা যায়। চিনেমাৰ দৰে জনপ্ৰিয় মাধ্যমেওমহিমামণ্ডিত কৰে। স্বাভাৱিক যেন দেখাব বিচাৰে।

এই প্ৰেক্ষাপটতে আদালতে বৈবাহিক ধৰ্ষণৰ বিষয়টো উত্থাপন কৰে। ন্যায়াধীশ যোশীয়ে লক্ষ্য কৰিছিল যে সন্মতিৰ প্ৰতি লক্ষ্য ৰাখি বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ। যোৱা বছৰ দিল্লী উচ্চ ন্যায়ালয়ে বৈবাহিক ধৰ্ষণৰ গোচৰত বিভাজন ৰায় দিছিল। সম্প্ৰতি উচ্চতম ন্যায়ালয়ে বৈবাহিক ধৰ্ষণক ধৰ্ষণ বুলি গণ্য কৰাৰ আবেদন সন্দৰ্ভত এক গোচৰৰ শুনানি গ্ৰহণ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক