--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রায় ৩০ কিঃ মিঃ দৈৰ্ঘ্যৰ এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা সুদীর্ঘ দিনধৰি বিভাগীয় কর্তৃপক্ষই মেৰামতিৰ ব্যৱস্থা নকৰাৰ বাবেই সৃষ্টি হৈছে পুখুৰী-সদৃশ গাঁত।

ডিজিটেল ডেস্ক : শোণিতপুৰ জিলাৰ বালিপৰাৰ পৰা জামুগুৰিহাট সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কদৰ্য ৰূপে যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণক যমৰ যাতনা ভোগাইছে।


প্রায় ৩০ কিঃ মিঃ দৈৰ্ঘ্যৰ এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা সুদীর্ঘ দিনধৰি বিভাগীয় কর্তৃপক্ষই মেৰামতিৰ ব্যৱস্থা নকৰাৰ বাবেই সৃষ্টি হৈছে পুখুৰী-সদৃশ গাঁত। ইয়াৰ লগতে ১৯৬২ চনতে নির্মিত জীয়াভৰলী নদীৰ ওপৰৰ পকী দলংখনৰো মেৰামতি নোহোৱাৰ ফলত দলংখনৰ মাজতো সৃষ্টি হৈছে ভয়ংকৰ গাঁত।


ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ লগতে জীয়াভৰলী দলংখনৰ মেৰামতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শোণিতপুৰ জিলা সংমণ্ডল কর্তৃপক্ষই প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। বিশেষকৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ তেজপুৰৰ পৰা বালিপৰা, খনামুখ, টৌভঙা, টুপিয়া, ধলাইবিল আৰু চৈবাৰী আদি অঞ্চলসমূহৰ মাজেৰে গৈ জামুগুৰিহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰি দৈনিক শতাধিক সৰু-বৰ যান-বাহনসমূহৰ লগতে যাত্রীবাহী বাছসমূহ এই পথৰ ওপৰেৰে নিতৌ চলাচল কৰি আছে।


ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ উপৰি জীয়াভৰলী দলংখনৰ ওপৰছোৱা পুখুৰী সদৃশ-গাঁতেৰে পূৰ্ণ হৈ পৰাৰ ফলতেই এজাক সামান্য বৰষুণ হ'লেই পানীৰে পৰিপূৰ্ণ হৈ থাকে পথ আৰু দলং। অভিযোগ মতে সৰু-বৰ যান-বাহনসমূহৰ লগতে যাত্রীবাহী বাছ আৰু মালবাহী ট্রাকসমূহ এই দলংখনৰ ওপৰেৰে পাৰ হ'বলৈ চালক আৰু। যাত্ৰীসকলে প্রথমে ঈশ্বৰকেই চিন্তা কৰিবলগীয়া হয়।


ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ জৰাজীৰ্ণ ৰূপৰ বাবেই বিগত সময়ছোৱাত বহুকেইটা ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈ কেইবাগৰাকীও লোকে অকাল মৃত্যুক সাবটি ল'বলগীয়া হৈছে আৰু বহুতে পংগু জীৱন অতিবাহিত কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।


জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত কেন্দ্ৰীয় চৰকাৰে বছৰি কোটি কোটি টকা আবণ্টন দি আহিছে যদিও সেই ধন পথ মেৰামতিৰ বিপৰীতে বিভাগীয় অভিযন্তা ঠিকাদাৰে গোগ্রাসে গিলি অহাৰ ফলতেই ৰাইজে যাতায়াতত দুর্ভোগহে ভুগি আহিব লগা হৈছে। সম্প্রতি জামুগুৰিহাটবাসীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথছোৱাৰ লগতে ভীয়াভৰলী দলংখনৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শোণিতপুৰ জিলা সংমণ্ডল কর্তৃপক্ষক দাবী জনাইছে।


অন্যথা পুৰুষ-মহিলা, যুৱক-যুৱতী সমন্বিতে ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement