--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রায় ৩০ কিঃ মিঃ দৈৰ্ঘ্যৰ এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা সুদীর্ঘ দিনধৰি বিভাগীয় কর্তৃপক্ষই মেৰামতিৰ ব্যৱস্থা নকৰাৰ বাবেই সৃষ্টি হৈছে পুখুৰী-সদৃশ গাঁত।

ডিজিটেল ডেস্ক : শোণিতপুৰ জিলাৰ বালিপৰাৰ পৰা জামুগুৰিহাট সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কদৰ্য ৰূপে যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণক যমৰ যাতনা ভোগাইছে।


প্রায় ৩০ কিঃ মিঃ দৈৰ্ঘ্যৰ এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা সুদীর্ঘ দিনধৰি বিভাগীয় কর্তৃপক্ষই মেৰামতিৰ ব্যৱস্থা নকৰাৰ বাবেই সৃষ্টি হৈছে পুখুৰী-সদৃশ গাঁত। ইয়াৰ লগতে ১৯৬২ চনতে নির্মিত জীয়াভৰলী নদীৰ ওপৰৰ পকী দলংখনৰো মেৰামতি নোহোৱাৰ ফলত দলংখনৰ মাজতো সৃষ্টি হৈছে ভয়ংকৰ গাঁত।


ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ লগতে জীয়াভৰলী দলংখনৰ মেৰামতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শোণিতপুৰ জিলা সংমণ্ডল কর্তৃপক্ষই প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। বিশেষকৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ তেজপুৰৰ পৰা বালিপৰা, খনামুখ, টৌভঙা, টুপিয়া, ধলাইবিল আৰু চৈবাৰী আদি অঞ্চলসমূহৰ মাজেৰে গৈ জামুগুৰিহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰি দৈনিক শতাধিক সৰু-বৰ যান-বাহনসমূহৰ লগতে যাত্রীবাহী বাছসমূহ এই পথৰ ওপৰেৰে নিতৌ চলাচল কৰি আছে।


ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ উপৰি জীয়াভৰলী দলংখনৰ ওপৰছোৱা পুখুৰী সদৃশ-গাঁতেৰে পূৰ্ণ হৈ পৰাৰ ফলতেই এজাক সামান্য বৰষুণ হ'লেই পানীৰে পৰিপূৰ্ণ হৈ থাকে পথ আৰু দলং। অভিযোগ মতে সৰু-বৰ যান-বাহনসমূহৰ লগতে যাত্রীবাহী বাছ আৰু মালবাহী ট্রাকসমূহ এই দলংখনৰ ওপৰেৰে পাৰ হ'বলৈ চালক আৰু। যাত্ৰীসকলে প্রথমে ঈশ্বৰকেই চিন্তা কৰিবলগীয়া হয়।


ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ জৰাজীৰ্ণ ৰূপৰ বাবেই বিগত সময়ছোৱাত বহুকেইটা ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈ কেইবাগৰাকীও লোকে অকাল মৃত্যুক সাবটি ল'বলগীয়া হৈছে আৰু বহুতে পংগু জীৱন অতিবাহিত কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।


জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত কেন্দ্ৰীয় চৰকাৰে বছৰি কোটি কোটি টকা আবণ্টন দি আহিছে যদিও সেই ধন পথ মেৰামতিৰ বিপৰীতে বিভাগীয় অভিযন্তা ঠিকাদাৰে গোগ্রাসে গিলি অহাৰ ফলতেই ৰাইজে যাতায়াতত দুর্ভোগহে ভুগি আহিব লগা হৈছে। সম্প্রতি জামুগুৰিহাটবাসীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথছোৱাৰ লগতে ভীয়াভৰলী দলংখনৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শোণিতপুৰ জিলা সংমণ্ডল কর্তৃপক্ষক দাবী জনাইছে।


অন্যথা পুৰুষ-মহিলা, যুৱক-যুৱতী সমন্বিতে ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু