--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দুৰ্বল জীৱনশৈলী, খাদ্যাভ্যাস, শাৰীৰিক ব্যায়ামৰ অভাৱ আৰু কম পুষ্টিকৰ খাদ্যৰ বাবে ভাৰতীয় যুৱক-যুৱতীসকলৰ হাই কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাইছে। কলেষ্টেৰল হৃদৰোগ, ডায়েবেটিছ আৰু মেদবহুলতাৰ কাৰণ।

ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত কিয় বৃদ্ধি পাইছে কলেষ্টেৰল?

নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালৰ আভ্যন্তৰীণ চিকিৎসা বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ সুৰঞ্জিত চেটাৰ্জীয়ে জনাইছে যে, “মোৰ বহু ৰোগী আছে যিসকলৰ বয়স ২০ বছৰ আৰু তেওঁলোকে বিশ্বাস নকৰে যে তেওঁলোকৰ কলেষ্টেৰলৰ উচ্চতা আছে। কলেষ্টেৰল ৰোগক দীৰ্ঘদিন ধৰি বৃদ্ধসকলৰ ৰোগ বুলি গণ্য কৰা হৈছিল যদিও শেহতীয়া বছৰবোৰত এক চিন্তনীয় অভিলেখ পোহৰলৈ আহিছে য’ত যুৱ জনসংখ্যাৰ মাজত কলেষ্টেৰলৰ ক্ৰমাৎ বৃদ্ধি পোৱা ধাৰা দেখা গৈছে। আটাইতকৈ ভয়ংকৰ কথাটো হ’ল এই স্বাস্থ্যজনিত সমস্যাটোক প্ৰায়ে আওকাণ কৰা হয় কাৰণ হাই কলেষ্টেৰলে লক্ষণ দেখুৱাত দেৰি কৰে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কলেষ্টেৰলৰ ৰোগ অতি কম বয়সৰ পৰাই আৰম্ভ হ’ব পাৰে, আনকি কৈশোৰ কালতো, কিন্তু ৰোগীয়ে ২০ বছৰ বয়স অতিক্ৰম নকৰালৈকে কোনো সমস্যাৰ সন্মুখীন নহয়। এই কাৰণেই বহু যুৱক-যুৱতী কম বয়সতে কলেষ্টেৰল বেছি হোৱাৰ ফলত হোৱা প্লেকৰ বাবে হাৰ্ট এটেকৰ বলি হয়।

কলেষ্টেৰল কি

কলেষ্টেৰল হৈছে যকৃতত উৎপন্ন হোৱা মমৰ সদৃশ পদাৰ্থ যিয়ে হজমৰ বাবে প্ৰয়োজনীয় বহুতো হৰম’ন উৎপন্ন কৰে। উচ্চ ঘনত্বৰ লাইপোপ্ৰটিন (HDL) আৰু নিম্ন ঘনত্বৰ লাইপোপ্ৰটিন (LDL)ক এল ডি এল বোলা হয়। এইচ ডি এলক ভাল কলেষ্টেৰল বুলি জনা যায় আৰু ইয়াৰ পৰিমাণ ৫০মিলিগ্ৰাম/ডেচিলিটাৰ বা তাতকৈ অধিক হ’ব লাগে। আপোনাৰ শৰীৰত এল ডি এল অৰ্থাৎ বেয়া কলেষ্টেৰলৰ পৰিমাণ কম কৰিব লাগে। বিশেষকৈ ভাৰতীয়সকলৰ বাবে এল ডি এল কলেষ্টেৰল ১০০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ কম হ’ব লাগে।

হাই কলেষ্টেৰলৰ লক্ষণ

হাই কলেষ্টেৰলৰ সাধাৰণতে কোনো লক্ষণ নাথাকে যদিও চিকিৎসা নকৰিলে হাৰ্ট এটেক আৰু ষ্ট্ৰোক হ’ব পাৰে। এইটো প্ৰায়ে এটা লুকাই থকা বিপদজনক কাৰক, অৰ্থাৎ বহু দেৰি নোহোৱালৈকে আমি নজনাকৈয়ে হ’ব পাৰে, যাৰ বাবে নিয়মিতভাৱে কলেষ্টেৰল পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।

যুৱক-যুৱতীৰ কলেষ্টেৰল বৃদ্ধিৰ কাৰণ কি?

ই জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ সৈতে জড়িত যিটো আপোনাৰ শৈশৱৰ চিপছৰ পেকেটৰ পৰা আৰম্ভ হয়। প্ৰচেছড ফুড আৰু চেচুৰেটেড ফেট আৰু ট্ৰেন্স ফেটেৰে সমৃদ্ধ ফাষ্ট ফুডৰ ধাৰা যোৱা দশকবোৰত আকাশলংঘী হৈছে। অস্বাস্থ্যকৰ খাদ্যাভ্যাস, দুৰ্বল জীৱনশৈলী আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি কৰে।

পাৰিবাৰিক ইতিহাস আৰু ডায়েবেটিছৰো ইয়াৰ কাৰণ হ’ব পাৰে

হাই কলেষ্টেৰলৰ ফলত হৃদৰোগ হ’ব পাৰে, যদিও উচ্চ মাত্ৰাই নিজেই লক্ষণৰ সৃষ্টি নকৰে, গতিকে ২০ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকে নিয়মিতভাৱে কলেষ্টেৰল পৰীক্ষা কৰাব লাগে। সেইবাবেই ২০ বছৰ আৰু তাৰ ওপৰৰ যুৱক-যুৱতীসকলে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে কলেষ্টেৰল পৰীক্ষা কৰা উচিত, যদিও তেওঁলোকক ফিট দেখা যায়। আৰু যদি কোনো লক্ষণ দেখা যায় তেন্তে প্ৰতি বছৰে পৰীক্ষা কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ