--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দুৰ্বল জীৱনশৈলী, খাদ্যাভ্যাস, শাৰীৰিক ব্যায়ামৰ অভাৱ আৰু কম পুষ্টিকৰ খাদ্যৰ বাবে ভাৰতীয় যুৱক-যুৱতীসকলৰ হাই কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাইছে। কলেষ্টেৰল হৃদৰোগ, ডায়েবেটিছ আৰু মেদবহুলতাৰ কাৰণ।

ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত কিয় বৃদ্ধি পাইছে কলেষ্টেৰল?

নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালৰ আভ্যন্তৰীণ চিকিৎসা বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ সুৰঞ্জিত চেটাৰ্জীয়ে জনাইছে যে, “মোৰ বহু ৰোগী আছে যিসকলৰ বয়স ২০ বছৰ আৰু তেওঁলোকে বিশ্বাস নকৰে যে তেওঁলোকৰ কলেষ্টেৰলৰ উচ্চতা আছে। কলেষ্টেৰল ৰোগক দীৰ্ঘদিন ধৰি বৃদ্ধসকলৰ ৰোগ বুলি গণ্য কৰা হৈছিল যদিও শেহতীয়া বছৰবোৰত এক চিন্তনীয় অভিলেখ পোহৰলৈ আহিছে য’ত যুৱ জনসংখ্যাৰ মাজত কলেষ্টেৰলৰ ক্ৰমাৎ বৃদ্ধি পোৱা ধাৰা দেখা গৈছে। আটাইতকৈ ভয়ংকৰ কথাটো হ’ল এই স্বাস্থ্যজনিত সমস্যাটোক প্ৰায়ে আওকাণ কৰা হয় কাৰণ হাই কলেষ্টেৰলে লক্ষণ দেখুৱাত দেৰি কৰে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কলেষ্টেৰলৰ ৰোগ অতি কম বয়সৰ পৰাই আৰম্ভ হ’ব পাৰে, আনকি কৈশোৰ কালতো, কিন্তু ৰোগীয়ে ২০ বছৰ বয়স অতিক্ৰম নকৰালৈকে কোনো সমস্যাৰ সন্মুখীন নহয়। এই কাৰণেই বহু যুৱক-যুৱতী কম বয়সতে কলেষ্টেৰল বেছি হোৱাৰ ফলত হোৱা প্লেকৰ বাবে হাৰ্ট এটেকৰ বলি হয়।

কলেষ্টেৰল কি

কলেষ্টেৰল হৈছে যকৃতত উৎপন্ন হোৱা মমৰ সদৃশ পদাৰ্থ যিয়ে হজমৰ বাবে প্ৰয়োজনীয় বহুতো হৰম’ন উৎপন্ন কৰে। উচ্চ ঘনত্বৰ লাইপোপ্ৰটিন (HDL) আৰু নিম্ন ঘনত্বৰ লাইপোপ্ৰটিন (LDL)ক এল ডি এল বোলা হয়। এইচ ডি এলক ভাল কলেষ্টেৰল বুলি জনা যায় আৰু ইয়াৰ পৰিমাণ ৫০মিলিগ্ৰাম/ডেচিলিটাৰ বা তাতকৈ অধিক হ’ব লাগে। আপোনাৰ শৰীৰত এল ডি এল অৰ্থাৎ বেয়া কলেষ্টেৰলৰ পৰিমাণ কম কৰিব লাগে। বিশেষকৈ ভাৰতীয়সকলৰ বাবে এল ডি এল কলেষ্টেৰল ১০০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ কম হ’ব লাগে।

হাই কলেষ্টেৰলৰ লক্ষণ

হাই কলেষ্টেৰলৰ সাধাৰণতে কোনো লক্ষণ নাথাকে যদিও চিকিৎসা নকৰিলে হাৰ্ট এটেক আৰু ষ্ট্ৰোক হ’ব পাৰে। এইটো প্ৰায়ে এটা লুকাই থকা বিপদজনক কাৰক, অৰ্থাৎ বহু দেৰি নোহোৱালৈকে আমি নজনাকৈয়ে হ’ব পাৰে, যাৰ বাবে নিয়মিতভাৱে কলেষ্টেৰল পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।

যুৱক-যুৱতীৰ কলেষ্টেৰল বৃদ্ধিৰ কাৰণ কি?

ই জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ সৈতে জড়িত যিটো আপোনাৰ শৈশৱৰ চিপছৰ পেকেটৰ পৰা আৰম্ভ হয়। প্ৰচেছড ফুড আৰু চেচুৰেটেড ফেট আৰু ট্ৰেন্স ফেটেৰে সমৃদ্ধ ফাষ্ট ফুডৰ ধাৰা যোৱা দশকবোৰত আকাশলংঘী হৈছে। অস্বাস্থ্যকৰ খাদ্যাভ্যাস, দুৰ্বল জীৱনশৈলী আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি কৰে।

পাৰিবাৰিক ইতিহাস আৰু ডায়েবেটিছৰো ইয়াৰ কাৰণ হ’ব পাৰে

হাই কলেষ্টেৰলৰ ফলত হৃদৰোগ হ’ব পাৰে, যদিও উচ্চ মাত্ৰাই নিজেই লক্ষণৰ সৃষ্টি নকৰে, গতিকে ২০ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকে নিয়মিতভাৱে কলেষ্টেৰল পৰীক্ষা কৰাব লাগে। সেইবাবেই ২০ বছৰ আৰু তাৰ ওপৰৰ যুৱক-যুৱতীসকলে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে কলেষ্টেৰল পৰীক্ষা কৰা উচিত, যদিও তেওঁলোকক ফিট দেখা যায়। আৰু যদি কোনো লক্ষণ দেখা যায় তেন্তে প্ৰতি বছৰে পৰীক্ষা কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু