--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি কৰুণ ঘটনা। ভাতৃৰ গৃহপ্ৰৱেশ অনুষ্ঠানত অংশ লৈ স্কুটীৰে উভতি অহাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত আঢ়ৈ বছৰীয়া পুত্ৰসহ মৃত্যুক সাৱটি ল’লে এজন ২৪ বছৰীয়া যুৱকে।

এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ কোজিকোডৰ কোৰাপুজা নদীৰ কেলাপ্পাজী দলঙত। নিহত যুৱকজনক অতুল বুলি চিনাক্ত কৰা হৈছে। আনহাতে দুৰ্ঘটনাটোত মৃত্যু ঘটে তেওঁৰ আঢ়ৈ বছৰীয়া পুত্ৰ আনভিকৰ।

ইয়াৰ লগতে দুৰ্ঘটনাত আহত হয় অতুলৰ মাতৃ আৰু পত্নী। পৰিয়ালটো ৱেষ্টহিল চুংগামৰ নিৱাসী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বডাকাৰত থকা জ্যেষ্ঠ ভাতৃৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশ লৈ নিশা স্কুটীৰে মাতৃ, পত্নী আৰু আঢ়ৈ বছৰীয়া সন্তানসহ ঘৰলৈ উভতিছিল অতুল।

সেই সময়তে কেলাপ্পাজী দলঙৰ ওপৰত এখন চাৰিচকীয়া বাহনে তেওঁলোকৰ স্কুটীত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত  থিতাতে নিহত হয় অতুল আৰু পুত্ৰ আনভিক।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত মাতৃ কৃষ্ণবেণী আৰু পত্নী মায়াক হাস্পতাললৈ প্ৰেৰণ কৰে। অতুল আৰু কণমানিটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে