--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি কৰুণ ঘটনা। ভাতৃৰ গৃহপ্ৰৱেশ অনুষ্ঠানত অংশ লৈ স্কুটীৰে উভতি অহাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত আঢ়ৈ বছৰীয়া পুত্ৰসহ মৃত্যুক সাৱটি ল’লে এজন ২৪ বছৰীয়া যুৱকে।

এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ কোজিকোডৰ কোৰাপুজা নদীৰ কেলাপ্পাজী দলঙত। নিহত যুৱকজনক অতুল বুলি চিনাক্ত কৰা হৈছে। আনহাতে দুৰ্ঘটনাটোত মৃত্যু ঘটে তেওঁৰ আঢ়ৈ বছৰীয়া পুত্ৰ আনভিকৰ।

ইয়াৰ লগতে দুৰ্ঘটনাত আহত হয় অতুলৰ মাতৃ আৰু পত্নী। পৰিয়ালটো ৱেষ্টহিল চুংগামৰ নিৱাসী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বডাকাৰত থকা জ্যেষ্ঠ ভাতৃৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশ লৈ নিশা স্কুটীৰে মাতৃ, পত্নী আৰু আঢ়ৈ বছৰীয়া সন্তানসহ ঘৰলৈ উভতিছিল অতুল।

সেই সময়তে কেলাপ্পাজী দলঙৰ ওপৰত এখন চাৰিচকীয়া বাহনে তেওঁলোকৰ স্কুটীত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত  থিতাতে নিহত হয় অতুল আৰু পুত্ৰ আনভিক।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত মাতৃ কৃষ্ণবেণী আৰু পত্নী মায়াক হাস্পতাললৈ প্ৰেৰণ কৰে। অতুল আৰু কণমানিটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ