--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ প্ৰেমিক-প্ৰেমিকাসকল ‘ভেলেন্টাইন ডে’ উদযাপনৰ বাবে অতিশয় উৎসাহিত। এনে পৰিস্থিতিত যদি আপুনি সংগীবিহীন, তেন্তে এই প্ৰেমৰ সপ্তাহটো কেৱল দম্পতীসকলৰ বাবেই নহয়। হয়, প্ৰতি বছৰে ‘গেলেন্টাইন ডে’ ভেলেণ্টাইন সপ্তাহৰ সপ্তম দিনা অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীত পালন কৰা হয়। ‘ভেলেন্টাইন ডে’ৰ মাত্ৰ এদিন আগতে এই দিৱস পালন কৰা হয়। ইয়াক ভেলেণ্টাইন ডে’ৰ বন্ধুত্বসুলভ সংস্কৰণ বুলিও গণ্য কৰিব পাৰি। ইয়াৰ বিষয়ে জানো আহক…

'গেলেন্টাইন দিৱস' কি?
গেলেন্টাইন দিৱসৰ ধাৰণাটো সকলোৱে উদযাপন কৰিব পৰা ধাৰণা। সেয়া লাগিলে অকলশৰীয়া হওক; দম্পতী হওক বা আনকি বন্ধুৱে হওক।গেলেণ্টাইন ডে আমাৰ ভাল বেয়া সময়ত সদায় আমাৰ লগত থিয় হৈ থকা সেই অৰ্থপূৰ্ণ সম্পৰ্কবোৰক উদ্‌যাপন আৰু সময় দিয়াৰ দিন। অৰ্থাৎ সেই শক্তিশালী বন্ধুত্ব যিবোৰ বহু সম্পৰ্ক উত্থান-পতনৰ পাছতো একেই থাকে। পুৰুষ হওক বা মহিলা হওক, লিংগ আৰু অভিমুখীতাক একাষৰীয়া কৰি প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ ধৰণেৰে এই দিনটো পালন কৰিব পাৰে৷


গেলেন্টাইন দিৱস কেনেকৈ পালন কৰিব?

চিনেমা চাওক: যদি আপোনাৰ ভিৰ কৰা ঠাইত ওলাই যাবলৈ মন নাযায়, তেন্তে আপুনি আপোনাৰ বেষ্ট ফ্ৰেণ্ডৰ সৈতে ঘৰতে এই দিনটো উপভোগ কৰিব পাৰিব। এই সময়ছোৱাত আপুনি কিছুমান চিনেমা বা ছিৰিজ চাব পাৰে,তদুপৰি আত্ম-যত্ন লৈ আপোনাৰ মি-টাইমো উদ্‌যাপন কৰিব পাৰে।

ৰাতিৰ আহাৰৰ বাবেহ যাওক: বন্ধু-বান্ধৱীৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ ডেটত যোৱাটোও এটা উত্তম বিকল্প। ইয়াৰ বাবে আপুনি আপোনাৰ প্ৰিয় সাজ-পোছাক পিন্ধিব পাৰে আৰু আপোনাৰ বন্ধুৰ সৈতে আপোনাৰ পুৰণি স্মৃতিবোৰ নতুন ধৰণেৰে পুনৰ সজীৱ কৰিব পাৰে।

আপোনাৰ অভিৰুচিক সময় দিয়ক: যদি আপুনি বা আপোনাৰ বন্ধুৱে  শিল্পৰ প্ৰতি আগ্ৰহী, তেন্তে আপুনি সেই ধৰণেও এই দিনটো উদ্‌যাপন কৰিব পাৰে। আপোনাৰ চখ বা প্ৰিয় কামত সময় কটালে বহু সময় উপভোগ কৰিব পাৰি।

আপোনাৰ প্ৰিয় খাদ্য উপভোগ কৰক: খাদ্যপ্ৰেমীসকলেও বিভিন্ন খাদ্য বা ইয়াৰ সৈতে জড়িত ঠাইসমূহ অন্বেষণ কৰি গেলেণ্টাইন দিৱস উদযাপন কৰিব পাৰে। মুঠতে নিজৰ ষ্টাইলত আপোনাৰ বন্ধু বা নিজকে বিশেষ অনুভৱ কৰাব পাৰে। এই কাৰণেই এই দিৱসটো পালন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ