--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ আজি অসমত বহু প্ৰতীক্ষিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। উজনি অসমৰ বহুকেইটা ভোটকেন্দ্ৰত ইভিএমৰ বিসংগতিয়ে দেখা দিছে। সোণাৰী সমষ্টিৰ নামতোলা অঞ্চলৰ টাউকাক পঞ্চায়তৰ ৱাৰ্ড নং ৫ ৩৯ পোলিং চেণ্টাৰত ইভিএমৰ বিসংগতিয়ে দেখা দিয়াৰ লগতে ৮৩নং ধিং সমষ্টিৰ মৈৰাবাৰী মৌজাত বহু কেন্দ্ৰত বিকল হৈছে ইভিএম। হাটিমুৰীয়াৰ ১৬২নং ; মৈৰাবাৰী ছেকেণ্ডাৰী স্কুলৰ ১৮১নং, ১৭৮ নং ভোটকেন্দ্ৰৰ ইভিএম বিকল হোৱাত সাত বজাৰ পৰা ভিৰ কৰা ভোটাৰে বৰ্তমালৈ ভোট প্ৰদান কৰিব পৰা নাই।

আৰু পঢ়িব পাৰিব : প্ৰথম পৰ্যায়ৰ নিৰ্বাচন : আজি ভাগ্য নিৰ্ণয় হ’ব ২৬৪জন প্ৰাৰ্থীৰ


ইফালে তিতাবৰৰ পানীনৰাৰ ভোটকেন্দ্ৰতো ইভিএম বিকল হোৱাৰ বাবেই আধাঘণ্টা পলমকৈ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। আনফালে টীয়কৰ চেনি আমগুৰি ভোটকেন্দ্ৰতো ইভিএম বিকল হোৱাৰ ফলত ২ঘণ্টা পলমকৈ আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। যোৰহাটৰ পৰা মেচিন আনিহে আৰম্ভ কৰিছে ভোটদানৰ প্ৰক্ৰিয়া।


ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ উজনি হাতীমূৰা প্ৰাথমিক বিদ্যালয়তো ৪০গৰাকী ভোটাৰে ভোটদান কৰাৰ পাছতে ইভিএম বিকল হয়। লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ভোটদানৰ বাবে প্ৰায় ৩০মিনিট ধৰি আন ভোটাৰৰ সৈতে লাইনতে থাকিবলগীয়া হয়।

আৰু পঢ়িব পাৰিব : প্ৰেমৰ বাবে কি যে কৰিব নোৱাৰে মানুহে! এই ঘটনা মহাৰাষ্ট্ৰৰ…

ইয়াৰ ফলত অসন্তুষ্টি প্ৰকাশ কৰিছে ভোটাৰসকলে। অতিৰিক্ত নিৰাপত্তা বাহিনীও ভোটকেন্দ্ৰটোত মোতায়েন কৰিবলগীয়া হৈছে। আনফালে মৰিয়নিৰ টেঙাবাৰীস্থিত ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈছে দুটাকৈ ইভি এম। ভিন্নস্থানত উক্ত ইভিএমসমূহ বিকল হোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে ভোটাৰসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ