--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ আজি অসমত বহু প্ৰতীক্ষিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। উজনি অসমৰ বহুকেইটা ভোটকেন্দ্ৰত ইভিএমৰ বিসংগতিয়ে দেখা দিছে। সোণাৰী সমষ্টিৰ নামতোলা অঞ্চলৰ টাউকাক পঞ্চায়তৰ ৱাৰ্ড নং ৫ ৩৯ পোলিং চেণ্টাৰত ইভিএমৰ বিসংগতিয়ে দেখা দিয়াৰ লগতে ৮৩নং ধিং সমষ্টিৰ মৈৰাবাৰী মৌজাত বহু কেন্দ্ৰত বিকল হৈছে ইভিএম। হাটিমুৰীয়াৰ ১৬২নং ; মৈৰাবাৰী ছেকেণ্ডাৰী স্কুলৰ ১৮১নং, ১৭৮ নং ভোটকেন্দ্ৰৰ ইভিএম বিকল হোৱাত সাত বজাৰ পৰা ভিৰ কৰা ভোটাৰে বৰ্তমানলৈ ভোট প্ৰদান কৰিব পৰা নাই।

আৰু পঢ়িব পাৰিব : প্ৰথম পৰ্যায়ৰ নিৰ্বাচন : আজি ভাগ্য নিৰ্ণয় হ’ব ২৬৪জন প্ৰাৰ্থীৰ


ইফালে তিতাবৰৰ পানীনৰাৰ ভোটকেন্দ্ৰতো ইভিএম বিকল হোৱাৰ বাবেই আধাঘণ্টা পলমকৈ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। আনফালে টীয়কৰ চেনি আমগুৰি ভোটকেন্দ্ৰতো ইভিএম বিকল হোৱাৰ ফলত ২ঘণ্টা পলমকৈ আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। যোৰহাটৰ পৰা মেচিন আনিহে আৰম্ভ কৰিছে ভোটদানৰ প্ৰক্ৰিয়া।


ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ উজনি হাতীমূৰা প্ৰাথমিক বিদ্যালয়তো ৪০গৰাকী ভোটাৰে ভোটদান কৰাৰ পাছতে ইভিএম বিকল হয়। লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ভোটদানৰ বাবে প্ৰায় ৩০মিনিট ধৰি আন ভোটাৰৰ সৈতে লাইনতে থাকিবলগীয়া হয়।

আৰু পঢ়িব পাৰিব : প্ৰেমৰ বাবে কি যে কৰিব নোৱাৰে মানুহে! এই ঘটনা মহাৰাষ্ট্ৰৰ…

ইয়াৰ ফলত অসন্তুষ্টি প্ৰকাশ কৰিছে ভোটাৰসকলে। অতিৰিক্ত নিৰাপত্তা বাহিনীও ভোটকেন্দ্ৰটোত মোতায়েন কৰিবলগীয়া হৈছে। আনফালে মৰিয়নিৰ টেঙাবাৰীস্থিত ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈছে দুটাকৈ ইভি এম। ভিন্নস্থানত উক্ত ইভিএমসমূহ বিকল হোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে ভোটাৰসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু