--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আনকি বহু লোকে ক্ৰিকেটাৰগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হেক হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছিল। অৱশ্যে বৰ্তমান পুনৰ ঘূৰি আহিছে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্ট।

ডিজিটেল ডেস্ক: পুনৰ উভতি আহিল বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্ট। ৩০ জানুৱাৰীৰ পুৱাৰ ভাগত বহু অনুৰাগীয়ে বিচাৰি পোৱা নাছিল ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্টটো। ইয়াৰ পিছতেই ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে বিৰাট কোহলীয়ে সামাজিক মাধ্যম ত্যাগ কৰিছে নেকি বুলি ধাৰণা কৰিছিল।


আনকি বহু লোকে ক্ৰিকেটাৰগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হেক হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছিল। অৱশ্যে বৰ্তমান পুনৰ ঘূৰি আহিছে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্ট। ২৭ কোটি ফল'ৱাৰ্চ থকা একাউণ্টটো হঠাৎ নোহোৱা হৈ যোৱাৰ ঘটনাই অনুৰাগীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।


বিৰাট কোহলীৰ একাউণ্টটো নোহোৱা হোৱাৰ বহু কাৰণ থাকিব পাৰে। কেতিয়াবা কোনো ব্যৱহাৰকাৰীৰ ওপৰত ইনষ্টাগ্ৰামৰ সন্দেহ উপজিলে সেই একাউণ্টটো ইনষ্টাগ্ৰামে নিজেই অস্থায়ী ভাৱে নিষ্ক্ৰিয় কৰি দিয়ে। কিন্তু বিৰাট কোহলীৰ ক্ষেত্ৰত এনে অসুবিধা হোৱাৰ সম্ভাৱনা কম কাৰণ তেওঁৰ একাউণ্টটো এটা ভেৰীফাইড একাউণ্ট। ইয়াৰ উপৰিও যদি কোনো একাউণ্টে হঠাতে অত্যাধিক ফ’ল’, আনফ’ল’, লাইক, কমেণ্ট লাভ কৰিবলৈ আৰম্ভ কৰে, তেন্তে ইনষ্টাগ্ৰামৰ চিষ্টেমে ইয়াক বট হিচাপে চিনাক্ত কৰিব পাৰে। কিন্তু বিৰাট কোহলীৰ ক্ষেত্ৰত এনে হোৱাৰ সম্ভাৱনা অতি কম।


আনহাতে কেতিয়াবা, ব্যৱহাৰকাৰীয়ে নিজেই নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষ্ক্ৰিয় কৰি থ'ব পাৰে। পিছত লগ ইন কৰি ইয়াক পুনৰ সক্ৰিয় কৰিব পাৰে। নিষ্ক্ৰিয় কৰি থোৱা সময়ছোৱাত একাউণ্টটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যায় আৰু চাৰ্ছ কৰিলেওঁ দেখা পোৱা নাযায়।


কিছুমান ক্ষেত্ৰত এনে সমস্যাৰ সম্পূৰ্ণ কাৰণ ইনষ্টাগ্ৰাম হোৱা দেখা যায়। ইনষ্টাগ্ৰামৰ চাৰ্ভাৰত হোৱা সমস্যাৰ ফলত কিছুমান ব্যৱহাৰকাৰীৰ একাউণ্ট নোহোৱা হৈ যাব পাৰে। অৱশ্যে ইয়াৰ প্ৰভাৱ কেৱল এজন ব্যক্তিৰ ওপৰত নপৰে । আন এটা কাৰণ হ'ল ব্যৱহাৰকাৰীৰ নাম সলনি কৰা। কেতিয়াবা‌ ব্যৱহাৰকাৰীৰ নাম সলনি কৰাৰ বাবেও একাউণ্টটো জনসাধাৰণৰ বাবে অদৃশ্য হৈ পৰে। 


অৱশ্যে বিৰাট কোহলীয়ে নিজেই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টটো নিষ্ক্ৰিয় কৰিছিল নে কাৰীকৰি বিজুতিৰ বাবে এনে হৈছিল, সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু