--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আনকি বহু লোকে ক্ৰিকেটাৰগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হেক হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছিল। অৱশ্যে বৰ্তমান পুনৰ ঘূৰি আহিছে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্ট।

ডিজিটেল ডেস্ক: পুনৰ উভতি আহিল বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্ট। ৩০ জানুৱাৰীৰ পুৱাৰ ভাগত বহু অনুৰাগীয়ে বিচাৰি পোৱা নাছিল ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্টটো। ইয়াৰ পিছতেই ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে বিৰাট কোহলীয়ে সামাজিক মাধ্যম ত্যাগ কৰিছে নেকি বুলি ধাৰণা কৰিছিল।


আনকি বহু লোকে ক্ৰিকেটাৰগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হেক হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছিল। অৱশ্যে বৰ্তমান পুনৰ ঘূৰি আহিছে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্ট। ২৭ কোটি ফল'ৱাৰ্চ থকা একাউণ্টটো হঠাৎ নোহোৱা হৈ যোৱাৰ ঘটনাই অনুৰাগীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।


বিৰাট কোহলীৰ একাউণ্টটো নোহোৱা হোৱাৰ বহু কাৰণ থাকিব পাৰে। কেতিয়াবা কোনো ব্যৱহাৰকাৰীৰ ওপৰত ইনষ্টাগ্ৰামৰ সন্দেহ উপজিলে সেই একাউণ্টটো ইনষ্টাগ্ৰামে নিজেই অস্থায়ী ভাৱে নিষ্ক্ৰিয় কৰি দিয়ে। কিন্তু বিৰাট কোহলীৰ ক্ষেত্ৰত এনে অসুবিধা হোৱাৰ সম্ভাৱনা কম কাৰণ তেওঁৰ একাউণ্টটো এটা ভেৰীফাইড একাউণ্ট। ইয়াৰ উপৰিও যদি কোনো একাউণ্টে হঠাতে অত্যাধিক ফ’ল’, আনফ’ল’, লাইক, কমেণ্ট লাভ কৰিবলৈ আৰম্ভ কৰে, তেন্তে ইনষ্টাগ্ৰামৰ চিষ্টেমে ইয়াক বট হিচাপে চিনাক্ত কৰিব পাৰে। কিন্তু বিৰাট কোহলীৰ ক্ষেত্ৰত এনে হোৱাৰ সম্ভাৱনা অতি কম।


আনহাতে কেতিয়াবা, ব্যৱহাৰকাৰীয়ে নিজেই নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষ্ক্ৰিয় কৰি থ'ব পাৰে। পিছত লগ ইন কৰি ইয়াক পুনৰ সক্ৰিয় কৰিব পাৰে। নিষ্ক্ৰিয় কৰি থোৱা সময়ছোৱাত একাউণ্টটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যায় আৰু চাৰ্ছ কৰিলেওঁ দেখা পোৱা নাযায়।


কিছুমান ক্ষেত্ৰত এনে সমস্যাৰ সম্পূৰ্ণ কাৰণ ইনষ্টাগ্ৰাম হোৱা দেখা যায়। ইনষ্টাগ্ৰামৰ চাৰ্ভাৰত হোৱা সমস্যাৰ ফলত কিছুমান ব্যৱহাৰকাৰীৰ একাউণ্ট নোহোৱা হৈ যাব পাৰে। অৱশ্যে ইয়াৰ প্ৰভাৱ কেৱল এজন ব্যক্তিৰ ওপৰত নপৰে । আন এটা কাৰণ হ'ল ব্যৱহাৰকাৰীৰ নাম সলনি কৰা। কেতিয়াবা‌ ব্যৱহাৰকাৰীৰ নাম সলনি কৰাৰ বাবেও একাউণ্টটো জনসাধাৰণৰ বাবে অদৃশ্য হৈ পৰে। 


অৱশ্যে বিৰাট কোহলীয়ে নিজেই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টটো নিষ্ক্ৰিয় কৰিছিল নে কাৰীকৰি বিজুতিৰ বাবে এনে হৈছিল, সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ