--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৱেষ্ট ইণ্ডিজৰ এই ১৫ জনীয়া দলটোত পূৰ্বৰ অভিজ্ঞতা আৰু নতুন তেজৰ এক মিশ্ৰণ দেখা গৈছে।

ডিজিটেল ডেস্কঃ আগন্তুক ২০২৬ বৰ্ষৰ টি-২০ বিশ্বকাপৰ বাবে ক্ৰীড়ানুৰাগীৰ মাজত উছাহ বৃদ্ধি পাইছে। ৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্ৰীলংকাত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেণ্টৰ বাবে দুবাৰৰ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজে তেওঁলোকৰ ১৫ জনীয়া শক্তিশালী দলটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এইবাৰ কেৰিবিয়ান বাহিনীৰ নেতৃত্ব অৰ্পণ কৰা হৈছে অভিজ্ঞ খেলুৱৈ শ্বাই হোপক।


পুৰণি খেলুৱৈৰ ওপৰত আস্থা


ৱেষ্ট ইণ্ডিজৰ এই ১৫ জনীয়া দলটোত পূৰ্বৰ অভিজ্ঞতা আৰু নতুন তেজৰ এক মিশ্ৰণ দেখা গৈছে। উল্লেখযোগ্য যে, ২০২৪ চনৰ বিশ্বকাপত অংশ লোৱা ১১ গৰাকী খেলুৱৈক এইবাৰৰ বিশ্বকাপৰ বাবেও নিৰ্বাচক মণ্ডলীয়ে দলত স্থান দিছে। অল-ৰাউণ্ডাৰ ৰষ্টন চেজ, স্পিনাৰ আকিলা হুছেইন আৰু বিস্ফোৰক বেটছমেন শ্বাৰফেন ৰাদাৰফোৰ্ডে দললৈ প্ৰত্যাৱৰ্তন কৰিছে। ইয়াৰ উপৰিও জেছন হোল্ডাৰ, ৰভমেন পাৱেল আৰু ৰোমাৰিয়া শ্বেফাৰ্ডৰ দৰে অভিজ্ঞ খেলুৱৈৰ উপস্থিতিয়ে দলটোৰ ভাৰসাম্য ৰক্ষাত সহায় কৰিব।


আঘাত আৰু বাদ পৰা খেলুৱৈ


এইবাৰৰ বিশ্বকাপ দলটোত কেইবাটাও গুৰুত্বপূৰ্ণ সালসলনিও দেখা গৈছে। শেহতীয়াভাৱে আফগানিস্তানৰ বিৰুদ্ধে হতাশাজনক প্ৰদৰ্শন কৰা বাওঁহতীয়া অ'পেনাৰ ইভিন লুইছক দলৰ পৰা বাদ দিয়া হৈছে। আনহাতে, কেৰিবিয়ান বাহিনীৰ অন্যতম শক্তি হিচাপে পৰিচিত বেগী বলাৰ আলজাৰী জোচেফক আঘাতৰ সমস্যাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা নহ’ল। ইয়াৰ বিপৰীতে, আঘাতৰ সৈতে যুঁজি থকা যুৱ বলাৰ ছামাৰ জোচেফক কিন্তু নিৰ্বাচকে দলত স্থান দিছে।


বিশ্বকাপৰ সূচী আৰু প্ৰস্তুতি


গ্ৰুপ-চিত স্থান লাভ কৰা ৱেষ্ট ইণ্ডিজে তেওঁলোকৰ অভিযান আৰম্ভ কৰিব কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত। দলটোৰ গ্ৰুপ পৰ্যায়ৰ খেলসমূহৰ সূচী তলত দিয়া হ'ল:


৭ ফেব্ৰুৱাৰী: বনাম স্কটলেণ্ড (কলকাতা)


১১ ফেব্ৰুৱাৰী: বনাম ইংলেণ্ড


১৫ ফেব্ৰুৱাৰী: বনাম নেপাল


১৯ ফেব্ৰুৱাৰী: বনাম ইটালী


ৱেষ্ট ইণ্ডিজৰ সম্পূৰ্ণ দল:


শ্বাই হোপ (অধিনায়ক), শ্বিমৰন হেটমায়াৰ, জনছন চাৰ্লছ, ৰষ্টন চেজ, মেথিউ ফৰ্ড, জেছন হোল্ডাৰ, আকিয়েল হুছেইন, শ্বামাৰ জোচেফ, ব্ৰেণ্ডন কিং, গুডাকেশ মটি, ৰভমেন পাৱেল, শ্বাৰফেন ৰাদাৰফোৰ্ড, কুইণ্টন চেম্পছন, জেডেন ছিলছ আৰু ৰোমাৰিয়া শ্বেফাৰ্ড।


বিশ্বকাপৰ মূল মঞ্চত অৱতৰণ কৰাৰ পূৰ্বে ৱেষ্ট ইণ্ডিজৰ দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এখন টি-২০ শৃংখলাত অংশ লৈ নিজৰ শক্তিৰ পৰীক্ষা কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু