--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৱেষ্ট ইণ্ডিজৰ এই ১৫ জনীয়া দলটোত পূৰ্বৰ অভিজ্ঞতা আৰু নতুন তেজৰ এক মিশ্ৰণ দেখা গৈছে।

ডিজিটেল ডেস্কঃ আগন্তুক ২০২৬ বৰ্ষৰ টি-২০ বিশ্বকাপৰ বাবে ক্ৰীড়ানুৰাগীৰ মাজত উছাহ বৃদ্ধি পাইছে। ৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্ৰীলংকাত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেণ্টৰ বাবে দুবাৰৰ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজে তেওঁলোকৰ ১৫ জনীয়া শক্তিশালী দলটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এইবাৰ কেৰিবিয়ান বাহিনীৰ নেতৃত্ব অৰ্পণ কৰা হৈছে অভিজ্ঞ খেলুৱৈ শ্বাই হোপক।


পুৰণি খেলুৱৈৰ ওপৰত আস্থা


ৱেষ্ট ইণ্ডিজৰ এই ১৫ জনীয়া দলটোত পূৰ্বৰ অভিজ্ঞতা আৰু নতুন তেজৰ এক মিশ্ৰণ দেখা গৈছে। উল্লেখযোগ্য যে, ২০২৪ চনৰ বিশ্বকাপত অংশ লোৱা ১১ গৰাকী খেলুৱৈক এইবাৰৰ বিশ্বকাপৰ বাবেও নিৰ্বাচক মণ্ডলীয়ে দলত স্থান দিছে। অল-ৰাউণ্ডাৰ ৰষ্টন চেজ, স্পিনাৰ আকিলা হুছেইন আৰু বিস্ফোৰক বেটছমেন শ্বাৰফেন ৰাদাৰফোৰ্ডে দললৈ প্ৰত্যাৱৰ্তন কৰিছে। ইয়াৰ উপৰিও জেছন হোল্ডাৰ, ৰভমেন পাৱেল আৰু ৰোমাৰিয়া শ্বেফাৰ্ডৰ দৰে অভিজ্ঞ খেলুৱৈৰ উপস্থিতিয়ে দলটোৰ ভাৰসাম্য ৰক্ষাত সহায় কৰিব।


আঘাত আৰু বাদ পৰা খেলুৱৈ


এইবাৰৰ বিশ্বকাপ দলটোত কেইবাটাও গুৰুত্বপূৰ্ণ সালসলনিও দেখা গৈছে। শেহতীয়াভাৱে আফগানিস্তানৰ বিৰুদ্ধে হতাশাজনক প্ৰদৰ্শন কৰা বাওঁহতীয়া অ'পেনাৰ ইভিন লুইছক দলৰ পৰা বাদ দিয়া হৈছে। আনহাতে, কেৰিবিয়ান বাহিনীৰ অন্যতম শক্তি হিচাপে পৰিচিত বেগী বলাৰ আলজাৰী জোচেফক আঘাতৰ সমস্যাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা নহ’ল। ইয়াৰ বিপৰীতে, আঘাতৰ সৈতে যুঁজি থকা যুৱ বলাৰ ছামাৰ জোচেফক কিন্তু নিৰ্বাচকে দলত স্থান দিছে।


বিশ্বকাপৰ সূচী আৰু প্ৰস্তুতি


গ্ৰুপ-চিত স্থান লাভ কৰা ৱেষ্ট ইণ্ডিজে তেওঁলোকৰ অভিযান আৰম্ভ কৰিব কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত। দলটোৰ গ্ৰুপ পৰ্যায়ৰ খেলসমূহৰ সূচী তলত দিয়া হ'ল:


৭ ফেব্ৰুৱাৰী: বনাম স্কটলেণ্ড (কলকাতা)


১১ ফেব্ৰুৱাৰী: বনাম ইংলেণ্ড


১৫ ফেব্ৰুৱাৰী: বনাম নেপাল


১৯ ফেব্ৰুৱাৰী: বনাম ইটালী


ৱেষ্ট ইণ্ডিজৰ সম্পূৰ্ণ দল:


শ্বাই হোপ (অধিনায়ক), শ্বিমৰন হেটমায়াৰ, জনছন চাৰ্লছ, ৰষ্টন চেজ, মেথিউ ফৰ্ড, জেছন হোল্ডাৰ, আকিয়েল হুছেইন, শ্বামাৰ জোচেফ, ব্ৰেণ্ডন কিং, গুডাকেশ মটি, ৰভমেন পাৱেল, শ্বাৰফেন ৰাদাৰফোৰ্ড, কুইণ্টন চেম্পছন, জেডেন ছিলছ আৰু ৰোমাৰিয়া শ্বেফাৰ্ড।


বিশ্বকাপৰ মূল মঞ্চত অৱতৰণ কৰাৰ পূৰ্বে ৱেষ্ট ইণ্ডিজৰ দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এখন টি-২০ শৃংখলাত অংশ লৈ নিজৰ শক্তিৰ পৰীক্ষা কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ