--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিহুৰ বতৰত পৰিয়ালক খোৱাই চাওক বগা তিলৰ নিমখীয়া পিঠা৷ ৰন্ধন প্ৰণালীৰ বাবে আপোনাক লাগিব এইসমূহ উপকৰণঃ

বগা তিল,
চুজি-আধা কাপ,
ৰঙা আটা একাপ,
চফ দুটামান,
কাঠ বাদাম-৫টা (নিজৰ মতে),
ঘিউ-২ টেবুল চামুচ,
জালুকৰ গুড়ি আধা চামুচ,
পিহি লোৱা নাৰিকল ২ টেবুল চামুচ,
ৰিফাইন তেল (ভাজিবৰ জোখত)
নিমখ-সোৱাদ অনুসৰি,
মিঠা খোৱাসকলে গুড় বা চেনি দিব পাৰে,
বেকিং পাউদাৰ-চামুচৰ আগত অকণমান।

প্ৰস্তুত প্ৰণালীঃ মিক্সাৰ গ্ৰাইণ্ডাৰত বগা তিল, কাঠ বাদাম, চুজি আৰু চফ একেলগে মিহিকৈ পিহি ল’ব। কেৰাহী পাতি আটা আৰু পিহি লোৱা মিক্সাৰখিনি গোন্ধ ওলোৱালৈকে সুন্দৰকৈ ভাজি এটা পাত্ৰত কাঢ়ি থ’ব। হাতেৰে চুব পৰা হ’লে নিমখ, জালুক, পিহা নাৰিকল, বেকিং পাউদাৰ আৰু ঘিউ মিহলাই পানীৰে মথি ল’ব। ১০ মিনিট ঢাকি থৈ দিয়াৰ তাৰ পাছত বেলনাত এক ইঞ্চি ডাঠ কৰি ৰুটীৰ দৰে বেলি লওক।

বেলোতে গোটা তিল ছটিয়াই বেলিলে ওপৰত তিল লাগি থাকে। যিকোনো গিলাচ বা বটলৰ মুখনিয়ে গোল গোল কৰি সৰু সৰু লুচিৰ দৰে কৰি যাব। সকলোখিনি একে পদ্ধতিৰে কৰিব। ৰিফাইন গৰম কৰি তেলত দি যাব। দুয়ো পিঠি ৰঙচুৱা বৰণ আৰু মচমচীয়া হ’লে বগা কাগজত তেলৰ পৰা কাঢ়ি থ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ