--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্রত এনকাউণ্টাৰ স্পেচিয়েলিষ্টক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে বোম্বে হাইকোৰ্টে। ১০০ৰো অধিক এনকাউণ্টাৰ কৰা ছুপাৰকপৰ শেষ ঠিকনা হ’লগৈ কাৰাগাৰৰ অন্ধ কুঠৰী। ভুৱা এনকাউণ্টাৰ গোচৰত ছুপাৰকপ প্ৰদীপ শৰ্মাক বোম্বে হাইক’ৰ্টে দিলে যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ। গেংষ্টাৰ ছোটা ৰাজনৰ ঘনিষ্ঠ ৰামনাৰায়ণ গুপ্তাক ২০০৬ চনত এনকাউণ্টাৰ কৰিছিল সেই সময়ৰ মহাৰাষ্ট্র আৰক্ষীৰ ছুপাৰকপ শৰ্মাই। ৰামনাৰায়ণ গুপ্তাৰ ভুৱা এনকাউণ্টাৰত মঙলবাৰে বোম্বে হাইক’ৰ্টত দোষী সাব্যস্ত হয় প্ৰদীপ শৰ্মা। লক্ষ্মণ ভায়া ওৰফে ৰামনাৰায়ণ গুপ্তাক এনকাউণ্টাৰ কৰা আৰক্ষীৰ দলটোত আছিল ১৩গৰাকী আৰক্ষী জোৱান। সমগ্ৰ ভুৱা এনকাউণ্টাৰ কাণ্ডটোত অভিযুক্ত হৈছিল ২২জনকৈ লোক। ইয়াৰে ২১ জনক ইতিমধ্যে দোষী সাব্যস্ত কৰিছে আদালতে। ২০২৩ বৰ্ষত নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল ঘটনাৰে জড়িত ২১জনক। লক্ষণীয়ভাৱে উপযুক্ত প্ৰমাণৰ অভাৱত দোষমুক্ত হৈছিল প্ৰদীপ শৰ্মা। কিন্তু সমগ্ৰ বিষয় পাইছিলগৈ উচ্চ ন্যায়ালয়ৰ মজিয়া। অৱশেষত বোম্বে হাইকোৰ্টে দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে এসময়ৰ এনকাউণ্টাৰ স্পেচিয়েলিষ্ট প্ৰদীপ শৰ্মাক। এটা সময়ত মুম্বাই আণ্ডাৰৱ’ৰ্ল্ডত সন্ত্ৰাসৰ আন এক নাম আছিল প্ৰদীপ শৰ্মা। চাকৰি জীৱনত ১১৩টা কুখ্যাত গেংষ্টাৰ আৰু অপৰাধীক এনকাউণ্টাৰ কৰিছিল ছুপাৰকপ প্ৰদীপ শৰ্মাই। বহুতৰ বিৰুদ্ধে ভুৱা এনকাউণ্টাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল প্ৰদীপ শৰ্মাৰ বিৰুদ্ধে। ইয়াৰ লগতে একাধিক দুৰ্নীতিৰ গোচৰতো অভিযুক্ত আছিল ছুপাৰকপ প্ৰদীপ শৰ্মা। শেহতীয়াকৈ দেশৰ একাংশ ৰাজ্যত সঘনে সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। বহুতকে আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। অভিযুক্তক ন্যায়বহিৰ্ভূতভাৱে ভুৱা এনকাউণ্টাৰত হত্যা কৰাৰো উত্থাপন হৈছে অভিযোগ। তেনে সময়তে ছুপাৰকপ প্ৰদীপ শৰ্মাক যাৱজ্জীৱন কাৰাদণ্ডক লৈ তুংগত উঠিছে চৰ্চা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত ৩৫৮২টা, পাকিস্তানত ৩৩৪টা সংখ্যালঘু উৎপীড়নৰ ঘটনা
ডিব্ৰুগড়ৰ চাও পাৰ্থ বৰগোহাঁইৰ পৰিচালিত 'হিৰাইথ' নির্বাচিত
বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী ; কোন হয় আটাইতকৈ ধনী ক্ৰিকেটাৰ ?
গেৰুকামুখ প্রকল্প বিপজ্জনক বুলি স্বীকাৰ কেন্দ্ৰৰ
‘অপাৰেচন সিন্দূৰ’ত ভাৰতীয় বায়ুসেনাই ধ্বংস কৰিছিল পাকিস্তানৰ ৬খন যুঁজাৰু বিমান!  বায়ুসেনাৰ মুৰব্বীৰ দাবী
নিষিদ্ধ চেং মাছক কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড় বিমানবন্দৰ
এচিয়া কাপ ২০২৫ৰ স্থান ঘোষণা এচিচিৰ ; ডুবাইত অনুষ্ঠিত হ'ব ভাৰত-পাকিস্তানৰ মেচ
অহা সপ্তাহত মুম্বাইত ভাৰতৰ প্ৰথমটো চাৰ্জিং ষ্টেচন মুকলি কৰিব টেছলাই
সুধাকণ্ঠ স্মাৰক মুদ্রাক লৈ সামাজিক মাধ্যমত বিতর্ক
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ