--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্রত এনকাউণ্টাৰ স্পেচিয়েলিষ্টক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে বোম্বে হাইকোৰ্টে। ১০০ৰো অধিক এনকাউণ্টাৰ কৰা ছুপাৰকপৰ শেষ ঠিকনা হ’লগৈ কাৰাগাৰৰ অন্ধ কুঠৰী। ভুৱা এনকাউণ্টাৰ গোচৰত ছুপাৰকপ প্ৰদীপ শৰ্মাক বোম্বে হাইক’ৰ্টে দিলে যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ। গেংষ্টাৰ ছোটা ৰাজনৰ ঘনিষ্ঠ ৰামনাৰায়ণ গুপ্তাক ২০০৬ চনত এনকাউণ্টাৰ কৰিছিল সেই সময়ৰ মহাৰাষ্ট্র আৰক্ষীৰ ছুপাৰকপ শৰ্মাই। ৰামনাৰায়ণ গুপ্তাৰ ভুৱা এনকাউণ্টাৰত মঙলবাৰে বোম্বে হাইক’ৰ্টত দোষী সাব্যস্ত হয় প্ৰদীপ শৰ্মা। লক্ষ্মণ ভায়া ওৰফে ৰামনাৰায়ণ গুপ্তাক এনকাউণ্টাৰ কৰা আৰক্ষীৰ দলটোত আছিল ১৩গৰাকী আৰক্ষী জোৱান। সমগ্ৰ ভুৱা এনকাউণ্টাৰ কাণ্ডটোত অভিযুক্ত হৈছিল ২২জনকৈ লোক। ইয়াৰে ২১ জনক ইতিমধ্যে দোষী সাব্যস্ত কৰিছে আদালতে। ২০২৩ বৰ্ষত নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল ঘটনাৰে জড়িত ২১জনক। লক্ষণীয়ভাৱে উপযুক্ত প্ৰমাণৰ অভাৱত দোষমুক্ত হৈছিল প্ৰদীপ শৰ্মা। কিন্তু সমগ্ৰ বিষয় পাইছিলগৈ উচ্চ ন্যায়ালয়ৰ মজিয়া। অৱশেষত বোম্বে হাইকোৰ্টে দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে এসময়ৰ এনকাউণ্টাৰ স্পেচিয়েলিষ্ট প্ৰদীপ শৰ্মাক। এটা সময়ত মুম্বাই আণ্ডাৰৱ’ৰ্ল্ডত সন্ত্ৰাসৰ আন এক নাম আছিল প্ৰদীপ শৰ্মা। চাকৰি জীৱনত ১১৩টা কুখ্যাত গেংষ্টাৰ আৰু অপৰাধীক এনকাউণ্টাৰ কৰিছিল ছুপাৰকপ প্ৰদীপ শৰ্মাই। বহুতৰ বিৰুদ্ধে ভুৱা এনকাউণ্টাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল প্ৰদীপ শৰ্মাৰ বিৰুদ্ধে। ইয়াৰ লগতে একাধিক দুৰ্নীতিৰ গোচৰতো অভিযুক্ত আছিল ছুপাৰকপ প্ৰদীপ শৰ্মা। শেহতীয়াকৈ দেশৰ একাংশ ৰাজ্যত সঘনে সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। বহুতকে আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। অভিযুক্তক ন্যায়বহিৰ্ভূতভাৱে ভুৱা এনকাউণ্টাৰত হত্যা কৰাৰো উত্থাপন হৈছে অভিযোগ। তেনে সময়তে ছুপাৰকপ প্ৰদীপ শৰ্মাক যাৱজ্জীৱন কাৰাদণ্ডক লৈ তুংগত উঠিছে চৰ্চা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement