--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : হিন্দুধৰ্মত তুলসী গছৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। সেয়েহে প্ৰায় প্ৰতিখন হিন্দু ঘৰতে তুলসী গছ ৰোপণ কৰি নিয়মিতভাৱে চাকি-বন্তি জ্বলোৱা হয়। কিন্তু বহু সময়ত আমি অজানিতে এনে কিছুমান ভুল কৰো, যাৰ ফলত আমাৰ জীৱনত বেয়া প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।

১. শিৱ লিংগঃ-বাস্তুশাস্ত্ৰ অনুসৰি তুলসী গছৰ ওচৰত কেতিয়াও শিৱ লিংগ স্থাপন কৰিব নালাগে। ধৰ্মীয় বিশ্বাস অনুসৰি তুলসী ভগৱান বিষ্ণুৰ প্ৰিয়। পুৰাণত উল্লেখ কৰা অনুসৰি জলন্ধৰৰ পত্নী তুলসীৰ পূৰ্বৰ জীৱনত বৃন্দা নাম আছিল যদিও জলন্ধৰৰ অত্যাচাৰত অতিষ্ঠ হৈ মহাদেৱে তেওঁক বধ কৰিবলগীয়া হৈছিল। সেয়েহে শিৱ পূজাত তুলসী ব্যৱহাৰ কৰা নহয়।

২. গণেশৰ মূৰ্তিঃ-এক পৌৰাণিক কাহিনী অনুসৰি ভগৱান গণেশ এখন নদীৰ পাৰত তপস্যাত মগ্ন আছিল। সেই সময়তে মাতুলসী আহি গণেশৰ সৌন্দৰ্য্যত মুহিত হৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়, কিন্তু গণেশে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। যাৰ বাবে মাতুলসীয়ে গণেশক দুখন বিবাহৰ বাবে অভিশাপ দিয়ে। সেয়েহে তুলসী গছৰ ওচৰত কেতিয়াও গণেশৰ মূৰ্তি ৰাখিব নালাগে বা তুলসীৰ পাত গণেশক অৰ্পণ নকৰে।

৩. ঝাড়ুঃ-ধৰ্মীয় বিশ্বাস অনুসৰি তুলসী গছৰ ওচৰত ভুলতো ঝাড়ু ৰাখিব নালাগে, কাৰণ আমি ঘৰ চাফা কৰিবলৈ ঝাড়ু ব্যৱহাৰ কৰো। তুলসী গছৰ ওচৰত ঝাড়ু থলে ঘৰলৈ দৰিদ্ৰতা আহে।

৪. জোতা-চেণ্ডেলঃ-বাস্তুশাস্ত্ৰৰ অনুসৰি তুলসী গছৰ ওচৰত জোতা-চেণ্ডেল ৰাখিব নালাগে। এনে কৰিলে মালক্ষ্মীক অপমান কৰা বুলি বিশ্বাস কৰা হয়। যাৰ বাবে মানুহে আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ লগতে জোতা-চেণ্ডেল ৰাহু আৰু শনিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

৫. ডাষ্টবিনঃ-বাস্তুশাস্ত্ৰৰ মতে ডাষ্টবিন কেতিয়াও তুলসীৰ ওচৰত ৰাখিব নালাগে। কাৰণ তুলসী গছৰ চাৰিওফালে আৱৰ্জনা ৰাখিলে আৰ্থিক সংকটৰ সন্মুখীন হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক