--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবাৰ নহয় দুবাৰকৈ সৌৰভ গাংগুলীয়ে ৰমিজ ৰাজাক আইপিএললৈ আমন্ত্ৰণ কৰিছিল। কিন্তু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে বিচিচিআইৰ সভাপতিৰ এই আহ্বানৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি দিয়া নাছিল। এই সন্দৰ্ভত ব্যাপক চৰ্চা হোৱা দেখা গৈছে। সৌৰভৰ আমন্ত্ৰণক কিয় উপেক্ষা কৰিছিল ৰমিজে? এইকথা ৰমিজে নিজেই মুকলিকৈ প্ৰকাশ কৰা দেখা গৈছে।

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘চাওক, মই সৌৰভ গাংগুলীৰ সৈতে কথা পাতিছো। মই তেওঁক এটা এটাকৈ কৈ আহিছো যে এই মুহূৰ্তত মাত্ৰ ২-৩ জন ক্ৰিকেটাৰেহে ব'ৰ্ডৰ প্ৰেচিডেন্ট বা চেয়াৰমেনৰ পদত অধিষ্ঠিত হৈ আছো। আমি যদি কোনো পৰিৱৰ্তন আনিব নোৱাৰো। তেনেহ’লে আৰু কি লাভ! দুৰ্ভাগ্যজনকভাৱে সৌৰভে নিজৰ উদ্বেগ প্ৰকাশ কৰিছে। সৌৰভে মোক দুবাৰকৈ আইপিএললৈ নিমন্ত্ৰণ কৰিছিল। এবাৰ তেওঁ মোক ডুবাইলৈ মাতিছিল আৰু এইবাৰ ভাৰতলৈ। মই যাম নে নাই তাক লৈ মোৰ মাজত দ্বিধাবোধ আছিল। মই ভাবিছিলো,মই যদি যাওঁ তেতিয়া অনুৰাগীয়ে মোক এৰি যাব। কথা নোকোৱা হ’ব। এই মুহূৰ্তত আমাৰ মাজত কেতবোৰ ফাট মেলাও পৰিলক্ষিত হৈছে। সেইবোৰ ঠিক কৰিব লাগিব। কাৰণ... খেলখন ৰাজনৈতিক! ’

মন কৰিবলগীয়া যে, ২০১২-১৩ চনৰ পৰা ভাৰত-পাকিস্তান দ্বিপাক্ষিক শৃংখলাত মুখামুখি হোৱা নাই। কোনো কাৰো দেশলৈ খেলিবলৈ নাযায়। দুই দেশৰ মাজত ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাত ২২ গজ ক্ষতিগ্ৰস্ত হৈছে। আইচিচিৰ একমাত্ৰ ইভেণ্টত ভাৰত আৰু পাকিস্তানে ইজনে সিজনৰ বিৰুদ্ধে খেলে। ভাৰত-পাকিস্তানে অন্তিমবাৰৰ বাবে টি-২০ বিশ্বকাপত মুখামুখি হৈছিল সংযুক্ত আৰব আমিৰ শ্বাহীত। চলিত বৰ্ষৰ জানুৱাৰী মাহত ক্ৰিকেট অনুৰাগীক এটা ডাঙৰ ছাৰপ্ৰাইজ দিব বিচাৰিছিল ৰমিজে। তেওঁ ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডলৈ টি-২০ ছুপাৰ ছিৰিজৰ প্ৰস্তাৱ আগবঢ়াইছিল। পিচিবিৰ মুৰব্বীগৰাকীয়ে কয় যে, ছিৰিজৰ পৰা পোৱা ধন আইচিচিৰ সকলো সদস্যৰ মাজত ভাগ কৰা হ’ব। আইচিচি আৰু বিচিচিআইয়ে পাক ব’ৰ্ডৰ প্ৰস্তাৱ স্পষ্টভাৱে নাকচ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ