--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবাৰ নহয় দুবাৰকৈ সৌৰভ গাংগুলীয়ে ৰমিজ ৰাজাক আইপিএললৈ আমন্ত্ৰণ কৰিছিল। কিন্তু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে বিচিচিআইৰ সভাপতিৰ এই আহ্বানৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি দিয়া নাছিল। এই সন্দৰ্ভত ব্যাপক চৰ্চা হোৱা দেখা গৈছে। সৌৰভৰ আমন্ত্ৰণক কিয় উপেক্ষা কৰিছিল ৰমিজে? এইকথা ৰমিজে নিজেই মুকলিকৈ প্ৰকাশ কৰা দেখা গৈছে।

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘চাওক, মই সৌৰভ গাংগুলীৰ সৈতে কথা পাতিছো। মই তেওঁক এটা এটাকৈ কৈ আহিছো যে এই মুহূৰ্তত মাত্ৰ ২-৩ জন ক্ৰিকেটাৰেহে ব'ৰ্ডৰ প্ৰেচিডেন্ট বা চেয়াৰমেনৰ পদত অধিষ্ঠিত হৈ আছো। আমি যদি কোনো পৰিৱৰ্তন আনিব নোৱাৰো। তেনেহ’লে আৰু কি লাভ! দুৰ্ভাগ্যজনকভাৱে সৌৰভে নিজৰ উদ্বেগ প্ৰকাশ কৰিছে। সৌৰভে মোক দুবাৰকৈ আইপিএললৈ নিমন্ত্ৰণ কৰিছিল। এবাৰ তেওঁ মোক ডুবাইলৈ মাতিছিল আৰু এইবাৰ ভাৰতলৈ। মই যাম নে নাই তাক লৈ মোৰ মাজত দ্বিধাবোধ আছিল। মই ভাবিছিলো,মই যদি যাওঁ তেতিয়া অনুৰাগীয়ে মোক এৰি যাব। কথা নোকোৱা হ’ব। এই মুহূৰ্তত আমাৰ মাজত কেতবোৰ ফাট মেলাও পৰিলক্ষিত হৈছে। সেইবোৰ ঠিক কৰিব লাগিব। কাৰণ... খেলখন ৰাজনৈতিক! ’

মন কৰিবলগীয়া যে, ২০১২-১৩ চনৰ পৰা ভাৰত-পাকিস্তান দ্বিপাক্ষিক শৃংখলাত মুখামুখি হোৱা নাই। কোনো কাৰো দেশলৈ খেলিবলৈ নাযায়। দুই দেশৰ মাজত ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাত ২২ গজ ক্ষতিগ্ৰস্ত হৈছে। আইচিচিৰ একমাত্ৰ ইভেণ্টত ভাৰত আৰু পাকিস্তানে ইজনে সিজনৰ বিৰুদ্ধে খেলে। ভাৰত-পাকিস্তানে অন্তিমবাৰৰ বাবে টি-২০ বিশ্বকাপত মুখামুখি হৈছিল সংযুক্ত আৰব আমিৰ শ্বাহীত। চলিত বৰ্ষৰ জানুৱাৰী মাহত ক্ৰিকেট অনুৰাগীক এটা ডাঙৰ ছাৰপ্ৰাইজ দিব বিচাৰিছিল ৰমিজে। তেওঁ ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডলৈ টি-২০ ছুপাৰ ছিৰিজৰ প্ৰস্তাৱ আগবঢ়াইছিল। পিচিবিৰ মুৰব্বীগৰাকীয়ে কয় যে, ছিৰিজৰ পৰা পোৱা ধন আইচিচিৰ সকলো সদস্যৰ মাজত ভাগ কৰা হ’ব। আইচিচি আৰু বিচিচিআইয়ে পাক ব’ৰ্ডৰ প্ৰস্তাৱ স্পষ্টভাৱে নাকচ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু