--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এদিন আগতে বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰনা সংক্ৰমণ বৃদ্ধি পোৱাৰ খবৰ প্ৰকাশ কৰিছিল। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই এম.পক্স ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে বিশ্বজুৰি ঘোষণা কৰিছে জনস্বাস্থ্যমূলক জৰুৰীকালীন অৱস্থাৰ। আন্তঃৰাষ্ট্ৰীয় স্তৰত সহযোগিতা বিচাৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। যোৱা দুবছৰত দ্বিতীয়বাৰৰ বাবে এই ৰোগৰ বাবে জনস্বাস্থ্যমূলক জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে। 

সমগ্ৰ বিশ্বৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে এম.প’ক্স। ৰোগৰ সংক্ৰমণ বন্ধ কৰিবলৈ তৎকালীন গৱেষণাৰ লগতে পুঁজি, পাৰস্পৰিক সহযোগিতা আৰু কঠোৰ ব্যৱস্থাৱলীৰ প্ৰয়োজন বুলি সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। কংগো গণতান্ত্ৰিক ৰিপাব্লিকত এম.প’ক্সৰ এক শক্তিশালী ভেৰিয়েণ্টৰ উন্মেষ ঘটিছে বুলিও সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। যোৱা সপ্তাহত এই ৰোগ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰী বৈঠক আহ্বান কৰিছিল। ডব্লিউ এইচ অ’ৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰছ আধানম গেব্ৰেইছাছে কংগোত পোৱা এম.প’ক্সৰ প্ৰজাতিটো অতি মাৰাত্মক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰাৰ লগতে আফ্ৰিকাৰ বাহিৰলৈ সংক্ৰমণ ঘটাৰ লগে লগে সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ সম্ভাৱনা ব্যক্ত কৰে৷ 

কংগোত পোৱা নতুন প্ৰজাতিৰ এম.প’ক্স ভাইৰাছ ইমানেই ভয়ানক যে প্ৰতি ১০ জন আক্ৰান্ত ৰোগীৰ ভিতৰত এজনৰ মৃত্যু হয়। কংগোত পৰিলক্ষিত হোৱা নতুন প্ৰজাতিটোক ক্লেড ১ ক্লেড ১বি নাম দিয়া হৈছে। এই ৰোগ ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজনলৈ বিয়পে বুলি জানিব পৰা গৈছে। এই ৰোগ যৌন সম্পৰ্কৰ দ্বাৰাও বিয়পিব পাৰে বুলি জানিব পৰা গৈছে। বৰ্তমান কংগো, বুৰুণ্ডি, কেনিয়া, ৰুৱাণ্ডা, উগাণ্ডালৈ বিয়পি পৰিছে অনাগত সময়ত এই ৰোগ আন দেশলৈও বিয়পিব পাৰে বুলি আশংকা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ডব্লিউ এইচ অ’ৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰ’ছ আধানোম গেব্ৰেইছাছে কয়, এই ৰোগ সংক্ৰমিত হৈ পৰিছে আৰু ইয়াৰ প্ৰতিকাৰ কৰি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন। 


প্ৰাপ্ত তথ্য অনুসৰি পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষৰ ক্ষেত্ৰত এম.প’ক্স ভাইৰাছৰ দ্বৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। ইয়াৰ উপৰিও যিসকলে এজনতকৈ অধিক ব্যক্তিৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে তেওঁলোকৰ এই ভাইৰাছৰ দ্বৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। বৰ্তমানৰ পৰিসংখ্যা অনুসৰি যৌনকৰ্মীসকলৰ মাজত এই ৰোগ অধিক সংক্ৰমিত হৈ আহিছে। ডব্লিউ এইচ অ’ৰ সঞ্চালক ডাঃ টেড্ৰছে কয় যে ডব্লিউ এইচ অ’ই এই ৰোগত আক্ৰান্ত দেশসমূহৰ চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়াইছে আছে আৰু ইয়াৰ প্ৰতিকাৰ কৰাৰ দিশত আগবাঢ়িছে।বৰ্তমান এই ৰোগৰ প্ৰতি লক্ষ্য ৰাখি কংগোত পৰিবহণ সেৱা বন্ধ কৰা হোৱা নাই যদিও এই ক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

২০২২ চনতে লণ্ডনত প্ৰথমবাৰৰ বাবে এম.প’ক্সৰ ৰোগী ধৰা পৰিছিল। সেই সময়তে এম.প’ক্সৰ ৰোগক মহামাৰী হিচাপে গণ্য কৰা হৈছিল। সেই সময়ত ইয়াৰ ৰোগী এশ খনতকৈও অধিক দেশত ধৰা পৰিছিল৷ এই ৰোগত এশ জন লোকৰ মৃত্যুও হৈছিল। এই সময়তো এম.প’ক্সৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছিল যদিও সেই সময়ত থকা এম.প’ক্স ইমান ভয়ানক নাছিল। কিন্তু যোৱা এটাবছৰত কংগোত এম.প’ক্সৰ এক অতি ভয়ানক প্ৰজাতি পৰিলক্ষিত হৈছিল। সম্প্ৰতি তেনে পৰিস্থিতিৰে পুনৰাবৃত্তি ঘটিছে৷ 

সময়েহে নিৰ্ধাৰণ কৰিব অনাগত সময়ত ক’ভিদ ১৯ ৰ দৰে এম.প’ক্সেও জোকাৰি যাব নেকি সমগ্ৰ বিশ্বক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান