--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এদিন আগতে বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰনা সংক্ৰমণ বৃদ্ধি পোৱাৰ খবৰ প্ৰকাশ কৰিছিল। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই এম.পক্স ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে বিশ্বজুৰি ঘোষণা কৰিছে জনস্বাস্থ্যমূলক জৰুৰীকালীন অৱস্থাৰ। আন্তঃৰাষ্ট্ৰীয় স্তৰত সহযোগিতা বিচাৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। যোৱা দুবছৰত দ্বিতীয়বাৰৰ বাবে এই ৰোগৰ বাবে জনস্বাস্থ্যমূলক জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে। 

সমগ্ৰ বিশ্বৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে এম.প’ক্স। ৰোগৰ সংক্ৰমণ বন্ধ কৰিবলৈ তৎকালীন গৱেষণাৰ লগতে পুঁজি, পাৰস্পৰিক সহযোগিতা আৰু কঠোৰ ব্যৱস্থাৱলীৰ প্ৰয়োজন বুলি সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। কংগো গণতান্ত্ৰিক ৰিপাব্লিকত এম.প’ক্সৰ এক শক্তিশালী ভেৰিয়েণ্টৰ উন্মেষ ঘটিছে বুলিও সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। যোৱা সপ্তাহত এই ৰোগ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰী বৈঠক আহ্বান কৰিছিল। ডব্লিউ এইচ অ’ৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰছ আধানম গেব্ৰেইছাছে কংগোত পোৱা এম.প’ক্সৰ প্ৰজাতিটো অতি মাৰাত্মক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰাৰ লগতে আফ্ৰিকাৰ বাহিৰলৈ সংক্ৰমণ ঘটাৰ লগে লগে সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ সম্ভাৱনা ব্যক্ত কৰে৷ 

কংগোত পোৱা নতুন প্ৰজাতিৰ এম.প’ক্স ভাইৰাছ ইমানেই ভয়ানক যে প্ৰতি ১০ জন আক্ৰান্ত ৰোগীৰ ভিতৰত এজনৰ মৃত্যু হয়। কংগোত পৰিলক্ষিত হোৱা নতুন প্ৰজাতিটোক ক্লেড ১ ক্লেড ১বি নাম দিয়া হৈছে। এই ৰোগ ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজনলৈ বিয়পে বুলি জানিব পৰা গৈছে। এই ৰোগ যৌন সম্পৰ্কৰ দ্বাৰাও বিয়পিব পাৰে বুলি জানিব পৰা গৈছে। বৰ্তমান কংগো, বুৰুণ্ডি, কেনিয়া, ৰুৱাণ্ডা, উগাণ্ডালৈ বিয়পি পৰিছে অনাগত সময়ত এই ৰোগ আন দেশলৈও বিয়পিব পাৰে বুলি আশংকা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ডব্লিউ এইচ অ’ৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰ’ছ আধানোম গেব্ৰেইছাছে কয়, এই ৰোগ সংক্ৰমিত হৈ পৰিছে আৰু ইয়াৰ প্ৰতিকাৰ কৰি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন। 


প্ৰাপ্ত তথ্য অনুসৰি পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষৰ ক্ষেত্ৰত এম.প’ক্স ভাইৰাছৰ দ্বৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। ইয়াৰ উপৰিও যিসকলে এজনতকৈ অধিক ব্যক্তিৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে তেওঁলোকৰ এই ভাইৰাছৰ দ্বৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। বৰ্তমানৰ পৰিসংখ্যা অনুসৰি যৌনকৰ্মীসকলৰ মাজত এই ৰোগ অধিক সংক্ৰমিত হৈ আহিছে। ডব্লিউ এইচ অ’ৰ সঞ্চালক ডাঃ টেড্ৰছে কয় যে ডব্লিউ এইচ অ’ই এই ৰোগত আক্ৰান্ত দেশসমূহৰ চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়াইছে আছে আৰু ইয়াৰ প্ৰতিকাৰ কৰাৰ দিশত আগবাঢ়িছে।বৰ্তমান এই ৰোগৰ প্ৰতি লক্ষ্য ৰাখি কংগোত পৰিবহণ সেৱা বন্ধ কৰা হোৱা নাই যদিও এই ক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

২০২২ চনতে লণ্ডনত প্ৰথমবাৰৰ বাবে এম.প’ক্সৰ ৰোগী ধৰা পৰিছিল। সেই সময়তে এম.প’ক্সৰ ৰোগক মহামাৰী হিচাপে গণ্য কৰা হৈছিল। সেই সময়ত ইয়াৰ ৰোগী এশ খনতকৈও অধিক দেশত ধৰা পৰিছিল৷ এই ৰোগত এশ জন লোকৰ মৃত্যুও হৈছিল। এই সময়তো এম.প’ক্সৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছিল যদিও সেই সময়ত থকা এম.প’ক্স ইমান ভয়ানক নাছিল। কিন্তু যোৱা এটাবছৰত কংগোত এম.প’ক্সৰ এক অতি ভয়ানক প্ৰজাতি পৰিলক্ষিত হৈছিল। সম্প্ৰতি তেনে পৰিস্থিতিৰে পুনৰাবৃত্তি ঘটিছে৷ 

সময়েহে নিৰ্ধাৰণ কৰিব অনাগত সময়ত ক’ভিদ ১৯ ৰ দৰে এম.প’ক্সেও জোকাৰি যাব নেকি সমগ্ৰ বিশ্বক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ