--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গাজা-ইজৰাইলৰ সংঘাত-সংঘৰ্ষত সংকটাপন্ন হৈছে সাধাৰণ জনতাৰ জীৱন। দীৰ্ঘদিন ধৰি চলি থকা এই সংঘাত-সংঘৰ্ষই বিস্তৰ ক্ষতি সাধন কৰিছে গাজা-ইজৰাইলৰ। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ। শেহতীয়া তথ্য অনুসৰি ইজৰাইলে ৰাফা সীমান্তৰ নিয়ন্ত্ৰণ দখল কৰাৰ পাছত নাটকীয়ভাৱে হ্ৰাস পাইছে আন্তঃৰাষ্ট্ৰীয় সাহায্য প্ৰদানৰ পৰিমাণ,যাৰ বাবে বৃদ্ধি পাইছে ইজৰাইলী জনসাধাৰণৰ দুৰ্বিষহ অৱস্থা।

প্ৰাপ্ত তথ্য অনুসৰি গাজাৰ শিশু বিশেষজ্ঞ লবনা-আল-আজাইজাৰ ওচৰত ছোৱালী এজনীয়ে চুলি আঁচুৰিবলৈ ফণীৰ অভাৱ বুলি অভিযোগ কৰাত তেওঁলোকক চুলি কাটিবলৈ নিৰ্দেশ দিয়ে। এয়া মাত্ৰ এখন ফণীৰ অভাৱৰ কথা নহয়। দহ মাহ ধৰি যুদ্ধ বিধস্ত ঠাই খনত ইজৰাইলৰ অৱৰোধৰ  ফলত চেম্পু, চাবোন, মহিলাৰ ঋতুস্ৰাবৰ সময়ত প্ৰয়োজনীয় সামগ্ৰীকে ধৰি ঘৰুৱা চাফাই সামগ্ৰীৰ তীব্ৰ নাটনিয়ে দেখা দিছে। অনাময় ব্যৱস্থা তথা নলা-নৰ্দমা পৰিশোধন ব্যৱস্থা সম্পূৰ্ণ ৰূপে ধংস প্ৰাপ্ত হৈছে। অধিক জনসমাগম আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত বিভন্ন সংক্ৰামক ৰোগে দেখা দিছে ঠাইখনত। সধাৰণ ঔষধ সমূহৰ দামেও চুইছে আকাশলংঘী উচ্চতা।
জৰুৰী সাহায্য লাভত বিলম্ব হোৱাৰ বাবে ইজৰাইল দায়িত্বশীল নহয় বুলি সদৰি কৰিছে ইজৰাইলী চৰকাৰে।এনক্লেভৰ ভিতৰত সাহায্য প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘৰ লগতে অন্যান্য সংস্থাসমূহহে দায়বদ্ধ বুলি মন্তব্য কৰে ইজৰাইলে।

ইজিপ্তৰ পৰা ইজৰাইলে ৰাফাহ সীমান্তৰ নিয়ন্ত্ৰণ দখল কৰাৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় সাহায্য বহু পৰিমাণে হ্ৰাস পাইছে, যাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। দিনক দিনে যুদ্ধ বিধস্ত গাজা-ইজৰাইলৰ পৰিস্থিতি অধিক ভয়ানক অৱস্থালৈ গতি কৰিছে। এনে পৰিস্থিতিত গাজা-ইজৰাইলৰ শান্তি প্ৰতিষ্ঠা কিমান দূৰ সম্ভৱ সেয়া চিন্তনীয় বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক