--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গাজা-ইজৰাইলৰ সংঘাত-সংঘৰ্ষত সংকটাপন্ন হৈছে সাধাৰণ জনতাৰ জীৱন। দীৰ্ঘদিন ধৰি চলি থকা এই সংঘাত-সংঘৰ্ষই বিস্তৰ ক্ষতি সাধন কৰিছে গাজা-ইজৰাইলৰ। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ। শেহতীয়া তথ্য অনুসৰি ইজৰাইলে ৰাফা সীমান্তৰ নিয়ন্ত্ৰণ দখল কৰাৰ পাছত নাটকীয়ভাৱে হ্ৰাস পাইছে আন্তঃৰাষ্ট্ৰীয় সাহায্য প্ৰদানৰ পৰিমাণ,যাৰ বাবে বৃদ্ধি পাইছে ইজৰাইলী জনসাধাৰণৰ দুৰ্বিষহ অৱস্থা।

প্ৰাপ্ত তথ্য অনুসৰি গাজাৰ শিশু বিশেষজ্ঞ লবনা-আল-আজাইজাৰ ওচৰত ছোৱালী এজনীয়ে চুলি আঁচুৰিবলৈ ফণীৰ অভাৱ বুলি অভিযোগ কৰাত তেওঁলোকক চুলি কাটিবলৈ নিৰ্দেশ দিয়ে। এয়া মাত্ৰ এখন ফণীৰ অভাৱৰ কথা নহয়। দহ মাহ ধৰি যুদ্ধ বিধস্ত ঠাই খনত ইজৰাইলৰ অৱৰোধৰ  ফলত চেম্পু, চাবোন, মহিলাৰ ঋতুস্ৰাবৰ সময়ত প্ৰয়োজনীয় সামগ্ৰীকে ধৰি ঘৰুৱা চাফাই সামগ্ৰীৰ তীব্ৰ নাটনিয়ে দেখা দিছে। অনাময় ব্যৱস্থা তথা নলা-নৰ্দমা পৰিশোধন ব্যৱস্থা সম্পূৰ্ণ ৰূপে ধংস প্ৰাপ্ত হৈছে। অধিক জনসমাগম আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত বিভন্ন সংক্ৰামক ৰোগে দেখা দিছে ঠাইখনত। সধাৰণ ঔষধ সমূহৰ দামেও চুইছে আকাশলংঘী উচ্চতা।
জৰুৰী সাহায্য লাভত বিলম্ব হোৱাৰ বাবে ইজৰাইল দায়িত্বশীল নহয় বুলি সদৰি কৰিছে ইজৰাইলী চৰকাৰে।এনক্লেভৰ ভিতৰত সাহায্য প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘৰ লগতে অন্যান্য সংস্থাসমূহহে দায়বদ্ধ বুলি মন্তব্য কৰে ইজৰাইলে।

ইজিপ্তৰ পৰা ইজৰাইলে ৰাফাহ সীমান্তৰ নিয়ন্ত্ৰণ দখল কৰাৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় সাহায্য বহু পৰিমাণে হ্ৰাস পাইছে, যাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। দিনক দিনে যুদ্ধ বিধস্ত গাজা-ইজৰাইলৰ পৰিস্থিতি অধিক ভয়ানক অৱস্থালৈ গতি কৰিছে। এনে পৰিস্থিতিত গাজা-ইজৰাইলৰ শান্তি প্ৰতিষ্ঠা কিমান দূৰ সম্ভৱ সেয়া চিন্তনীয় বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন