ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৪জনকৈ লোকে হেৰুৱালে প্ৰাণ। আনহাতে ৬ জনকৈ লোক এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে। নিহতকেইজনৰ ভিতৰত তিনিজন ছফ্টৱেৰ ইঞ্জিনীয়াৰ আৰু এগৰাকী শিক্ষয়িত্ৰী বুলি জানিব পৰা গৈছে। বাংগালুৰুৰ নাইচ পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা দুজন যুৱক আৰু দুগৰাকী যুৱতী ক্ৰমে- মহম্মদ ফাদজিল (২৫), অভিলাষ(২৫), জীনা(২৬) আৰু শিল্পা(৩০) বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহম্মদ ফাদজিল, অভিলাষ আৰু জীনা ছফ্টৱেৰ ইঞ্জিনীয়াৰ আৰু শিল্পা আছিল বিদ্যালয়ৰ শিক্ষয়িত্ৰী। শুকুৰবাৰে নিশা ৯.৩০ বজাত পুৰৱঙ্কাৰ এপাৰ্টমেণ্টৰ ওচৰৰ নাইচ পথত এখন তামিলনাডুৰ পঞ্জীয়ন নম্বৰৰ দ্ৰুতবেগী ট্ৰাকে প্ৰথমে এখন এখন মাৰুতি চুজুকি ৱাগনআৰ বাহনত খুন্দা মাৰে। ট্ৰাকৰ খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই ৱাগনআৰ বাহনখনে আন কেইবাখনো বাহনত খুন্দা মৰাত এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ সৃষ্টি হয়। এই দুৰ্ঘটনাত ট্ৰাক আৰু ৱাগনআৰ বাহনখনৰ উপৰিও আন এখন টয়োটা কোৱালিছ আৰু এখন মাৰুতি চুজুকি চুইফ্ট আৰু তিনিখন কণ্টেইনাৰ ট্ৰাক ক্ষতিগ্ৰস্ত হয়।
যান-বাহন বিভাগৰ আৰক্ষী উপায়ুক্ত কুলদীপ কুমাৰ জৈনে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত ৱাগনআৰ বাহনখনৰ চাৰিওজন আৰোহীৰ মৃত্যু ঘটাৰ লগতে কোৱালিছ বাহনৰ ৬ জন আৰোহী গুৰুতৰভাৱে আহত হয়। আহত সকলোকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অনুসন্ধানত প্ৰকাশ পাইছিল যে অভিলাষে তেওঁৰ ভনীয়েকৰ এছ.ইউ.ভি.খন চলাইছিল। মৃত চাৰি যুৱক-যুৱতী কৰবাত ফুৰিবলৈ যোৱাৰ উদ্দেশ্যৰে গৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে কিন্তু তেওঁলোকৰ গন্তব্যস্থল কি আছিল সেয়া জানিব পৰা হোৱা নাই।
আৰক্ষীয়ে সদৰী কৰা অনুসৰি দুৰ্ঘটনাটো সংঘটিত হোৱা ঠাইত কিছুমান সৰু পথ মেৰামতিৰ কাম চলি আছিল আৰু বেছিভাগ গাড়ী চালকে লাহে লাহে গাড়ী চলাই আছিল। কিন্তু ট্ৰাকচালকজনে দ্ৰুত গতিত ট্ৰাক চলাইছিল যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল। দুৰ্ঘটনাটোৰ পাছতে তেওঁ পলাই যায় আৰু তেওঁক বিচাৰি উলিওৱাৰ চেষ্টা চলাই থকা হৈছে। এই পথ দুৰ্ঘটনাই সমগ্ৰ বেংগালুৰুতে গভীৰ শোকৰ ছাঁ পেলাইছে।
আৰু পঢ়কঃ গৰ্বিত ভাৰতীয় ! স্পেনিছ অভিনেত্ৰী এষ্টাৰ এচিবোৰ ঘৰত ভগৱান গণেশৰ প্ৰতিচ্ছবি