--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৪জনকৈ লোকে হেৰুৱালে প্ৰাণ। আনহাতে ৬ জনকৈ লোক এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে। নিহতকেইজনৰ ভিতৰত তিনিজন ছফ্টৱেৰ ইঞ্জিনীয়াৰ আৰু এগৰাকী শিক্ষয়িত্ৰী বুলি জানিব পৰা গৈছে। বাংগালুৰুৰ নাইচ পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা দুজন যুৱক আৰু দুগৰাকী যুৱতী ক্ৰমে- মহম্মদ ফাদজিল (২৫), অভিলাষ(২৫), জীনা(২৬) আৰু শিল্পা(৩০) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহম্মদ ফাদজিল, অভিলাষ আৰু জীনা ছফ্টৱেৰ ইঞ্জিনীয়াৰ আৰু শিল্পা আছিল বিদ্যালয়ৰ শিক্ষয়িত্ৰী। শুকুৰবাৰে নিশা ৯.৩০ বজাত পুৰৱঙ্কাৰ এপাৰ্টমেণ্টৰ ওচৰৰ নাইচ পথত এখন তামিলনাডুৰ পঞ্জীয়ন নম্বৰৰ দ্ৰুতবেগী ট্ৰাকে প্ৰথমে এখন এখন মাৰুতি চুজুকি ৱাগনআৰ বাহনত খুন্দা মাৰে। ট্ৰাকৰ খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই ৱাগনআৰ বাহনখনে আন কেইবাখনো বাহনত খুন্দা মৰাত এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ সৃষ্টি হয়। এই দুৰ্ঘটনাত ট্ৰাক আৰু ৱাগনআৰ বাহনখনৰ উপৰিও আন এখন টয়োটা কোৱালিছ আৰু এখন মাৰুতি চুজুকি চুইফ্ট আৰু তিনিখন কণ্টেইনাৰ ট্ৰাক ক্ষতিগ্ৰস্ত হয়।

যান-বাহন বিভাগৰ আৰক্ষী উপায়ুক্ত কুলদীপ কুমাৰ জৈনে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত ৱাগনআৰ বাহনখনৰ চাৰিওজন আৰোহীৰ মৃত্যু ঘটাৰ লগতে কোৱালিছ বাহনৰ ৬ জন আৰোহী গুৰুতৰভাৱে আহত হয়। আহত সকলোকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অনুসন্ধানত প্ৰকাশ পাইছিল যে অভিলাষে তেওঁৰ ভনীয়েকৰ এছ.ইউ.ভি.খন চলাইছিল। মৃত চাৰি যুৱক-যুৱতী কৰবাত ফুৰিবলৈ যোৱাৰ উদ্দেশ্যৰে গৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে কিন্তু তেওঁলোকৰ গন্তব্যস্থল কি আছিল সেয়া জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি দুৰ্ঘটনাটো সংঘটিত হোৱা ঠাইত কিছুমান সৰু পথ মেৰামতিৰ কাম চলি আছিল আৰু বেছিভাগ গাড়ী চালকে লাহে লাহে গাড়ী চলাই আছিল। কিন্তু ট্ৰাকচালকজনে দ্ৰুত গতিত ট্ৰাক চলাইছিল যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল। দুৰ্ঘটনাটোৰ পাছতে তেওঁ পলাই যায় আৰু তেওঁক বিচাৰি উলিওৱাৰ চেষ্টা চলাই থকা হৈছে। এই পথ দুৰ্ঘটনাই সমগ্ৰ বেংগালুৰুতে গভীৰ শোকৰ ছাঁ পেলাইছে।

আৰু পঢ়কঃ গৰ্বিত ভাৰতীয় ! স্পেনিছ অভিনেত্ৰী এষ্টাৰ এচিবোৰ ঘৰত ভগৱান গণেশৰ প্ৰতিচ্ছবি


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম