--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জন্মদিন ৷ সকলোৰে বাবে এই দিনটো যেন বিশেষতকৈয়ো বিশেষ৷ কিন্তু আজিকালি যেন কেৱল মানুহেই জন্মদিন পালন কৰে তেনে নহয়৷ মানুহৰ সমান্তৰালকৈ তেওঁলোকৰ পোহনীয়া মৰমলগা জন্তুবোৰৰো ভিন্নশৈলীৰে জন্মদিন পালন কৰে৷ কিন্তু এইবাৰ এটা কুকুৰ জন্মদিন উদযাপন কৰি ৰঙাঘৰৰ আলহী হ’ব লগা এটা পৰিয়াল ৷ ঘটনাটো সংঘটিত হৈছে আহমেদাবাদত৷ পৰিয়ালটোৱে তেওঁলোকৰ পোহনীয়া কুকুৰটোৰ আড়ম্বৰপূৰ্ণ জন্মদিনৰ পাৰ্টীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল, কিন্তু ইয়াৰ পাছতে গুজৰাট আৰক্ষীয়ে ক’ভিড ১৯ৰ নিয়ম উলংঘা কৰাৰ বাবে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, ‘এবি’ নামৰ পোহনীয়া কুকুৰটোৰ জন্মদিন উদযাপন ত প্ৰায় ৭ লাখ টকা ব্যয় কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, ‘এবি’ নামৰ পোহনীয়া কুকুৰটোৰ জন্মদিন উদযাপনত প্ৰায় ৭ লাখ টকা ব্যয় কৰা হৈছিল। গুজৰাট আৰক্ষীৰ ভাষ্য অনুসৰি, ‘দাগো পেটেল নামৰ লোকজনে তেওঁৰ পোহনীয়া কুকুৰৰ জন্মদিন উদযাপন কৰে আহমেদাবাদৰ মধুৱন গ্ৰীন পাৰ্টী প্লটত৷ এই জন্মদিনত প্ৰায় ৭ লাখ টকা খৰচ কৰা হৈছিল৷ জন্মদিন উদযাপনৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত আৰক্ষীৰ দৃষ্টিগোচৰ হয় আৰু ক’ভিড ১৯ৰ নিয়ম উলংঘা কৰাৰ বাবে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।’

অভিযুক্তসকল ক্ৰমে- এবিৰৰ গৰাকী চিৰাগ, আৰু তেওঁৰ দুজন বন্ধু - উৰ্বশ পেটেল আৰু দিব্যাশ মেহৰিয়া বুলি চিনাক্ত কৰা হৈছে৷ পৰিয়ালটোৰ বহুতো আত্মীয় আৰু বন্ধুবৰ্গ অনুষ্ঠানস্থলীত একত্ৰিত হৈছিল আৰু কোনো মাস্ক বা সামাজিক দূৰুত্ব অবিহনে জন্মদিন উদযাপন কৰাক লৈ আৰক্ষীয়ে আটাইকেইজনলোককে গ্ৰেপ্তাৰ কৰে৷ ভাইৰেল হোৱা ভিডিঅ’টোত, স্থানীয় সংগীত প্ৰদৰ্শনকাৰীৰ এটা দলে সংগীত পৰিৱেশন কৰি আছিল৷ কিন্তু অনুষ্ঠানস্থানত উপস্থিত থকা আটাইয়ে ক’ভিড-১৯ৰ প্ৰটোকল ভংগ কৰিছিল৷

জন্মদিন আয়োজন কৰা মণ্ডপটো গুলপীয়া, নীলা আৰু বগা ৰঙেৰে সজ্জিত হোৱা দেখা গৈছিল। অতুলনীয় মণ্ডপটো কুকুৰৰ পোষ্টাৰ আছিল। উল্লেখ্য যে, ক’ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি, গুজৰাট, আহমেদাবাদকে ধৰি মুখ্য চহৰসমূহত সান্ধ্যআইন আৰু অন্যান্য অন্যান্য নিষেধাজ্ঞ জাৰি কৰিছে। এনে পৰিস্থিতিত নিয়ম উলংঘন কৰাৰ অভিযোগ আহি পৰিছে পৰিয়ালটোৰ ওপৰত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম