--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জন্মদিন ৷ সকলোৰে বাবে এই দিনটো যেন বিশেষতকৈয়ো বিশেষ৷ কিন্তু আজিকালি যেন কেৱল মানুহেই জন্মদিন পালন কৰে তেনে নহয়৷ মানুহৰ সমান্তৰালকৈ তেওঁলোকৰ পোহনীয়া মৰমলগা জন্তুবোৰৰো ভিন্নশৈলীৰে জন্মদিন পালন কৰে৷ কিন্তু এইবাৰ এটা কুকুৰ জন্মদিন উদযাপন কৰি ৰঙাঘৰৰ আলহী হ’ব লগা এটা পৰিয়াল ৷ ঘটনাটো সংঘটিত হৈছে আহমেদাবাদত৷ পৰিয়ালটোৱে তেওঁলোকৰ পোহনীয়া কুকুৰটোৰ আড়ম্বৰপূৰ্ণ জন্মদিনৰ পাৰ্টীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল, কিন্তু ইয়াৰ পাছতে গুজৰাট আৰক্ষীয়ে ক’ভিড ১৯ৰ নিয়ম উলংঘা কৰাৰ বাবে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, ‘এবি’ নামৰ পোহনীয়া কুকুৰটোৰ জন্মদিন উদযাপন ত প্ৰায় ৭ লাখ টকা ব্যয় কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, ‘এবি’ নামৰ পোহনীয়া কুকুৰটোৰ জন্মদিন উদযাপনত প্ৰায় ৭ লাখ টকা ব্যয় কৰা হৈছিল। গুজৰাট আৰক্ষীৰ ভাষ্য অনুসৰি, ‘দাগো পেটেল নামৰ লোকজনে তেওঁৰ পোহনীয়া কুকুৰৰ জন্মদিন উদযাপন কৰে আহমেদাবাদৰ মধুৱন গ্ৰীন পাৰ্টী প্লটত৷ এই জন্মদিনত প্ৰায় ৭ লাখ টকা খৰচ কৰা হৈছিল৷ জন্মদিন উদযাপনৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত আৰক্ষীৰ দৃষ্টিগোচৰ হয় আৰু ক’ভিড ১৯ৰ নিয়ম উলংঘা কৰাৰ বাবে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।’

অভিযুক্তসকল ক্ৰমে- এবিৰৰ গৰাকী চিৰাগ, আৰু তেওঁৰ দুজন বন্ধু - উৰ্বশ পেটেল আৰু দিব্যাশ মেহৰিয়া বুলি চিনাক্ত কৰা হৈছে৷ পৰিয়ালটোৰ বহুতো আত্মীয় আৰু বন্ধুবৰ্গ অনুষ্ঠানস্থলীত একত্ৰিত হৈছিল আৰু কোনো মাস্ক বা সামাজিক দূৰুত্ব অবিহনে জন্মদিন উদযাপন কৰাক লৈ আৰক্ষীয়ে আটাইকেইজনলোককে গ্ৰেপ্তাৰ কৰে৷ ভাইৰেল হোৱা ভিডিঅ’টোত, স্থানীয় সংগীত প্ৰদৰ্শনকাৰীৰ এটা দলে সংগীত পৰিৱেশন কৰি আছিল৷ কিন্তু অনুষ্ঠানস্থানত উপস্থিত থকা আটাইয়ে ক’ভিড-১৯ৰ প্ৰটোকল ভংগ কৰিছিল৷

জন্মদিন আয়োজন কৰা মণ্ডপটো গুলপীয়া, নীলা আৰু বগা ৰঙেৰে সজ্জিত হোৱা দেখা গৈছিল। অতুলনীয় মণ্ডপটো কুকুৰৰ পোষ্টাৰ আছিল। উল্লেখ্য যে, ক’ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি, গুজৰাট, আহমেদাবাদকে ধৰি মুখ্য চহৰসমূহত সান্ধ্যআইন আৰু অন্যান্য অন্যান্য নিষেধাজ্ঞ জাৰি কৰিছে। এনে পৰিস্থিতিত নিয়ম উলংঘন কৰাৰ অভিযোগ আহি পৰিছে পৰিয়ালটোৰ ওপৰত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে