--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাইজে অভিযোগ কৰিছে যে নিৰ্বাচনৰ পূৰ্বে প্ৰতিনিধিসকল ভোট বিচাৰি আহে যদিও নিৰ্বাচন পাৰ হোৱাৰ লগে লগে সকলো পাহৰি যায় ৷

ডিজিটেল ডেস্ক : গোসাইগাঁৱৰ থুৰিবাৰি লালপাৰাত বাঁহৰ সাঁকোৰ পৰা পৰি মহিলাৰ মৃত্যু। নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ গাঁওবাসীৰ। 


গোসাইগাঁও মহকুমাৰ তথা বাওখুংৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত থুৰিবাৰী লালপাৰা গাঁৱত বাঁহৰ সাঁকোৰ পৰা পৰি মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি গাঁওবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ 


নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিছে গাঁওবাসীয়ে ৷ জানিব পৰামতে গাঁওখনত থকা মৰাজয়মা নদীৰ ওপৰত দলং নথকাৰ বাবে ৰাইজে বাঁহৰ সাঁকো সাজি যাতায়াত কৰি আহিছে৷ ফলত মাজে মাজতে গাঁৱৰ লোক পৰি আহত হয় ৷ 


যোৱা ৩১ মাৰ্চত মঙল বাৰে গাঁওখনৰ বাসিন্দা মাতি ছৰেন নামৰ এগৰাকী মহিলা সাঁকোৰে নদী পাৰ হওতে সাঁকোৰ পৰা পৰি মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়৷ যোৱা নিশা মহিলাগৰাকীৰ মৃত্যু হয়৷ 


ইয়াৰ পাচতে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ ৰাইজে অভিযোগ কৰিছে যে নিৰ্বাচনৰ পূৰ্বে প্ৰতিনিধিসকল ভোট বিচাৰি আহে যদিও নিৰ্বাচন পাৰ হোৱাৰ লগে লগে সকলো পাহৰি যায় ৷ এইবেলি নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৰাইজে ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু