--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাইজে অভিযোগ কৰিছে যে নিৰ্বাচনৰ পূৰ্বে প্ৰতিনিধিসকল ভোট বিচাৰি আহে যদিও নিৰ্বাচন পাৰ হোৱাৰ লগে লগে সকলো পাহৰি যায় ৷

ডিজিটেল ডেস্ক : গোসাইগাঁৱৰ থুৰিবাৰি লালপাৰাত বাঁহৰ সাঁকোৰ পৰা পৰি মহিলাৰ মৃত্যু। নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ গাঁওবাসীৰ। 


গোসাইগাঁও মহকুমাৰ তথা বাওখুংৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত থুৰিবাৰী লালপাৰা গাঁৱত বাঁহৰ সাঁকোৰ পৰা পৰি মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি গাঁওবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ 


নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিছে গাঁওবাসীয়ে ৷ জানিব পৰামতে গাঁওখনত থকা মৰাজয়মা নদীৰ ওপৰত দলং নথকাৰ বাবে ৰাইজে বাঁহৰ সাঁকো সাজি যাতায়াত কৰি আহিছে৷ ফলত মাজে মাজতে গাঁৱৰ লোক পৰি আহত হয় ৷ 


যোৱা ৩১ মাৰ্চত মঙল বাৰে গাঁওখনৰ বাসিন্দা মাতি ছৰেন নামৰ এগৰাকী মহিলা সাঁকোৰে নদী পাৰ হওতে সাঁকোৰ পৰা পৰি মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়৷ যোৱা নিশা মহিলাগৰাকীৰ মৃত্যু হয়৷ 


ইয়াৰ পাচতে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ ৰাইজে অভিযোগ কৰিছে যে নিৰ্বাচনৰ পূৰ্বে প্ৰতিনিধিসকল ভোট বিচাৰি আহে যদিও নিৰ্বাচন পাৰ হোৱাৰ লগে লগে সকলো পাহৰি যায় ৷ এইবেলি নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৰাইজে ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ