--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভয়ংকৰ দুৰ্ঘটনা। শুনিলেই গা শিয়ঁৰি উঠা এটা ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাই শোকাৱহ আৰু অভাৱনীয় এক পৰিস্থিতিৰ সৃষ্টি কৰিলে। দুৰ্ঘটনাগ্ৰস্ত এখন যাত্ৰীবাহী বাছক নিমিষতে আগুৰি ধৰিলে জুয়ে। নিমিষতে হুৱাদুৱা লাগি গ’ল চৌপাশে, জীৱন্তে অগ্নিদগ্ধ হ’ল কমেও ১২জন লোক। বাছখনে এখন টেংকাৰত খুন্দা মৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। বুধবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাই এতিয়া সকলোৰেই গাৰ নোম ঠিয় কৰাই পেলাইছে।

ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বাৰমাৰ-জোধপুৰ হাইৱে’ত। পুৱা ৯.৫৫বজাত বাছখনে বাতলতাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰীভৰ্তি বাছখনৰ বাবে পিছে কালৰূপত ৰৈ আছিল এখন টেংকাৰ। হাইৱেত এক নিয়মীয়া গতিৰে গৈ থকা বাছখনৰ সন্মুখত হঠাতে উপস্থিত হৈছিল বিপৰ্যয়। ভুল দিশৰ পৰা আহি থকা এখন টেংকাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল বাছখনৰ। তাৰ পাছতে জুয়ে আগুৰি ধৰে বাছখন। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল ২৫জনকৈ যাত্ৰী।

ইয়াৰে ১০জন লোকক উদ্ধাৰ কৰা সম্ভৱ হয়। কমেও ১২জন লোক জীৱন্তে অগ্নিদগ্ধ হয়। এই শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে চৌদিশে হুৱা-দুৱা লাগি পৰে। উদ্ধাৰকাৰী আৰু প্ৰশাসনৰ লোকে তৎপৰতাৰে পৰিস্থিতি চম্ভালি লোৱাৰ চেষ্টা কৰে যদিও জুয়ে বাছখন গ্ৰাস কৰি পেলায়। এই দুৰ্ঘটনাৰ পাছতে হাইৱেটোত প্ৰচণ্ড যান-জঁটৰো সৃষ্টি হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক