--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভয়ংকৰ দুৰ্ঘটনা। শুনিলেই গা শিয়ঁৰি উঠা এটা ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাই শোকাৱহ আৰু অভাৱনীয় এক পৰিস্থিতিৰ সৃষ্টি কৰিলে। দুৰ্ঘটনাগ্ৰস্ত এখন যাত্ৰীবাহী বাছক নিমিষতে আগুৰি ধৰিলে জুয়ে। নিমিষতে হুৱাদুৱা লাগি গ’ল চৌপাশে, জীৱন্তে অগ্নিদগ্ধ হ’ল কমেও ১২জন লোক। বাছখনে এখন টেংকাৰত খুন্দা মৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। বুধবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাই এতিয়া সকলোৰেই গাৰ নোম ঠিয় কৰাই পেলাইছে।

ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বাৰমাৰ-জোধপুৰ হাইৱে’ত। পুৱা ৯.৫৫বজাত বাছখনে বাতলতাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰীভৰ্তি বাছখনৰ বাবে পিছে কালৰূপত ৰৈ আছিল এখন টেংকাৰ। হাইৱেত এক নিয়মীয়া গতিৰে গৈ থকা বাছখনৰ সন্মুখত হঠাতে উপস্থিত হৈছিল বিপৰ্যয়। ভুল দিশৰ পৰা আহি থকা এখন টেংকাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল বাছখনৰ। তাৰ পাছতে জুয়ে আগুৰি ধৰে বাছখন। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল ২৫জনকৈ যাত্ৰী।

ইয়াৰে ১০জন লোকক উদ্ধাৰ কৰা সম্ভৱ হয়। কমেও ১২জন লোক জীৱন্তে অগ্নিদগ্ধ হয়। এই শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে চৌদিশে হুৱা-দুৱা লাগি পৰে। উদ্ধাৰকাৰী আৰু প্ৰশাসনৰ লোকে তৎপৰতাৰে পৰিস্থিতি চম্ভালি লোৱাৰ চেষ্টা কৰে যদিও জুয়ে বাছখন গ্ৰাস কৰি পেলায়। এই দুৰ্ঘটনাৰ পাছতে হাইৱেটোত প্ৰচণ্ড যান-জঁটৰো সৃষ্টি হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক