--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতত সম্প্ৰতি ক’ভিড সংক্ৰমণ হ্ৰাস পাই আহিছে। কিন্তু একে সময়তে দেশৰ বিভিন্ন প্ৰান্তৰত ডেংগু জ্বৰৰ সংক্ৰমণ বৃদ্ধি পোৱাটো দেশবাসীৰ সন্মুখত নতুন বিপদ হিচাপে চিহ্নিত হৈছে। দেশৰ ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এতিয়া ডেংগু জ্বৰৰ প্ৰাদুৰ্ভাৱ যথেষ্ট। উত্তৰ প্ৰদেশ, হাৰিয়ান, পঞ্জাৱ, কেৰালা, ৰাজস্থান, তামিলনাডু উত্তৰাখণ্ড, দিল্লী আৰু জম্মু-কাশ্মীৰত বিগত এমাহত যথেষ্ট বৃদ্ধি পাইছে ডেংগুৰ সংক্ৰমণ। বিশেষকৈ উত্তৰ প্ৰদেশ দেশৰ ডেংগুৰ সংক্ৰমণৰ অভিকেন্দ্ৰৰপে চিহ্নিত হৈছে। চলিত নৱেম্বৰ মাহলৈকে উত্তৰ প্ৰদেশত ২৩ হাজাৰ ডেংগু ৰোগী চিনাক্ত হৈছে। বিগত বৰ্ষৰ একেখিনি সময়তকৈ এই সংখ্যা পাঁচগুণ অধিক। ৰাজ্যখনৰ ফিৰোজাবাদ, লক্ষ্ণৌ আৰু ঝাঁছি জিলাত আক্ৰান্ত সৰ্বাধিক সংখ্যক লোক।

ইতিমধ্যে ৰাজ্যখনত শতাধিক লোক ডেংগুত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। ইফালে, দেশৰ ৰাজধানী দিল্লীতো ডেংগুৰ ক্ৰমবৰ্ধিত সংক্ৰমণে জনতাক আতংকিত কৰি তুলিছে। দিল্লীত বিগত কিছু দিনত ২৭০০ গৰাকী ব্যক্তি ডেংগুত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ১০ জন লোকৰ। দিল্লীত ক’ভিড প্ৰায় অন্তৰ্হিত হোৱাৰ সময়ত ডেংগুৱে মহানগৰবাসীলৈ নতুন বিপদ সংকেত কঢ়িয়াই আনিছে। মহানগৰখনত ডেংগু সংক্ৰমণৰ পৰিস্থিতি গুৰুতৰ হোৱালৈ লক্ষ্য ৰাখি হাস্পতালসমূহে ডেংগু ৰোগীৰ বাবে ICU বিচনাৰ সংখ্যা বৃদ্ধি কৰিছে। পঞ্জাৱতো এতিয়া ডেংগুৰ প্ৰাদুৰ্ভাৱ।

বিগত অক্টোবৰ মাহত ৰাজ্যখনত ১৫ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে। ৰাজ্যখনৰ চিকিত্সালয়সমূহত ক্ৰমশঃ অধিকভাৱে ভৰ্তি হৈছে ডেংগু ৰোগী। ইফালে চুবুৰীয়া হাৰিয়ানাতো ডেংগুৱে বহুলোকক আক্ৰান্ত কৰিছে। ইতিমধ্যে ৰাজ্যখন বিগত এমাহত ১৫শতকৈ অধিক লোক আক্ৰান্ত হৈছে। ৰাজ্যখনৰ ছোনেপট আৰু হিচাৰত পৰিস্থিতি বিপজ্জনক হৈ পৰিছে। হিচাৰৰ চিকিত্সালয়সমূহ ডেংগু ৰোগীৰে পৰিপূৰ্ণ হৈ পৰিছে। এনেদৰে দেশৰ বহুকেইখন ৰাজ্যত ডেংগুৱে ক্ৰমশঃ বিপজ্জনক পৰিস্থিতি সৃষ্টি কৰাৰ বাবে উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ।

ডেংগু আক্ৰান্ত ৰাজ্যসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ পৰিস্থিতি অধ্যয়নৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে বিশেষ দল। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগে ডেংগু সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ডেংগু ৰোগীয়ে চৰকাৰী চিকিত্সালয়ত উপযুক্ত চিকিৎসা পোৱাৰ ওপৰত প্ৰদান কৰা হৈছে সৰ্বাধিক গুৰুত্ব। ডেংগু ভাইৰাছ বিয়পোৱা মহ নিৰ্মূলৰ বাবে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰা, ফ’গিং কৰাৰ দৰে ব্যৱস্থা লৈছে চৰকাৰে। কিন্তু বাস্তৱ পৰিস্থিতি এয়ে যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সমস্ত প্ৰয়াসৰ পাছতো দেশত ক্ৰমান্বয়ে গুৰুতৰ হৈ পৰিছে ডেংগু সংক্ৰমণ। দেশৰ চহৰ, মহানগৰ, গ্ৰামাঞ্চলত ডেংগু ভাইৰাছ বিয়পোৱা মহে বংশ বৃদ্ধি কৰা কদৰ্যময় এলেকা বহুলভাৱে থকাৰ বাবেই দেশত বৃদ্ধি পাইছে ৰোগবিধৰ সংক্ৰমণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক