ডিজিটেল ডেস্কঃ ক্ৰমাৎ তীব্ৰ হৈ পৰিছে মল্লযুঁজাৰুসকলৰ ধৰ্মঘট। বুধবাৰে নিশা দিল্লী আৰক্ষীৰ ব্যৱহাৰক লৈ ক্ষুব্ধ হৈ পৰিছে মল্লযোদ্ধাসকল। তেওঁলোকৰ সকলো পদক আৰু চৰকাৰে প্ৰদান কৰা বঁটা ঘূৰাই দিয়াৰ হুংকাৰ দিছে। তেওঁলোকে দাবী কৰে যে যদি তেওঁলোকক এনেদৰে অপমান কৰিব লাগে, তেন্তে এইসমূহ সন্মান দি লাভ নাই।
বৃহস্পতিবাৰে পুৱা মল্লযোদ্ধা বজৰঙ পুনিয়াই কয়, ''যদি মল্লযুঁজাৰুৰ লগত এনে ব্যৱহাৰ কৰা হয়, তেন্তে পদক লৈ আমি কি কৰিম? ইয়াতকৈ স্বাভাৱিক জীৱন যাপন কৰাটো ভাল। চৰকাৰৰ সকলো পদক আৰু সকলো বঁটা ঘূৰাই দিবলৈ আমি সন্মত।”
উল্লেখ্য যে বজৰং, বিনেশ ফোগাট আৰু সাক্ষী মালিকে চৰকাৰৰ পৰা দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা খেলৰত্ন লাভ কৰিছিল।
বজৰঙে লগতে কয়, ''পুলিচে যেতিয়া আমাক মাৰপিট কৰিছিল, বেয়া আচৰণ কৰিছিল, তেতিয়া তেওঁলোকে দেখা নাছিল যে আমি পদ্মশ্ৰী বঁটা বিজয়ী। আমাৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। কিন্তু কোনেও আমাক ন্যায় দিয়াৰ কথা চিন্তা কৰা নাই।”
বিনেশ ফোগাটে কয় “সকলো পদক লৈ লওক। মই বৰ অপমানিত হৈছো। ইয়াত সন্মানৰ বাবে যুঁজি আছো। নাৰীক অত্যাচাৰ কৰাৰ অধিকাৰ পুৰুষৰ আছেনে?”