--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ তীব্ৰ হৈ পৰিছে মল্লযুঁজাৰুসকলৰ ধৰ্মঘট। বুধবাৰে নিশা দিল্লী আৰক্ষীৰ ব্যৱহাৰক লৈ ক্ষুব্ধ হৈ পৰিছে মল্লযোদ্ধাসকল। তেওঁলোকৰ সকলো পদক আৰু চৰকাৰে প্ৰদান কৰা বঁটা ঘূৰাই দিয়াৰ হুংকাৰ দিছে। তেওঁলোকে দাবী কৰে যে যদি তেওঁলোকক এনেদৰে অপমান কৰিব লাগে, তেন্তে এইসমূহ সন্মান দি লাভ নাই।

বৃহস্পতিবাৰে পুৱা মল্লযোদ্ধা বজৰঙ পুনিয়াই কয়, ''যদি মল্লযুঁজাৰুৰ লগত এনে ব্যৱহাৰ কৰা হয়, তেন্তে পদক লৈ আমি কি কৰিম? ইয়াতকৈ স্বাভাৱিক জীৱন যাপন কৰাটো ভাল। চৰকাৰৰ সকলো পদক আৰু সকলো বঁটা ঘূৰাই দিবলৈ আমি সন্মত।”

উল্লেখ্য যে বজৰং, বিনেশ ফোগাট আৰু সাক্ষী মালিকে চৰকাৰৰ পৰা দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা খেলৰত্ন লাভ কৰিছিল।

বজৰঙে লগতে কয়, ''পুলিচে যেতিয়া আমাক মাৰপিট কৰিছিল, বেয়া আচৰণ কৰিছিল, তেতিয়া তেওঁলোকে দেখা নাছিল যে আমি পদ্মশ্ৰী বঁটা বিজয়ী। আমাৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। কিন্তু কোনেও আমাক ন্যায় দিয়াৰ কথা চিন্তা কৰা নাই।”

বিনেশ ফোগাটে কয় “সকলো পদক লৈ লওক। মই বৰ অপমানিত হৈছো। ইয়াত সন্মানৰ বাবে যুঁজি আছো। নাৰীক অত্যাচাৰ কৰাৰ অধিকাৰ পুৰুষৰ আছেনে?”












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে