--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঁইতাভাত অসমীয়াৰ আৱেগ। তাহানি দিনৰে পৰা অসমীয়া সমাজত পঁইতা ভাতৰ প্ৰচলন আছে। গৰম দিনত পঁইতা ভাত খোৱাৰ আমেজেই সুকীয়া। পঁইতা ভাত খালে দেহা-মন জুৰ পৰে। আগদিনা ৰাতি ৰন্ধা ভাত পানী দি তিয়াই পাছদিনা খোৱা ভাতকে পঁইতা ভাত বুলি কোৱা হয়। ভাত আৰু পানীৰ সংমিশ্ৰণত বেক্টেৰিয়াই ফাৰমেনটেচন কৰে। সেইবাবে পঁইতা ভাত টেঙা হয়। পঁইতাভাত গৰৈ মাছ পুৰি তাত কলাখাৰ, মিঠাতেল আৰু কেঁচা জলকীয়া সানি খাবলৈ বৰ জুতি লগা হয়। পঁইতাভাত কেঁচা পিঁয়াজ আৰু আলু পিটিকাৰে খাবলৈও উত্তম। পঁইতাভাত দালি বটাৰে খায়ো বৰ সোৱাদ লাগে। ভিন্ন জুতিৰে পঁইতা ভাতৰ সোৱাদ ল'ব পাৰি।এই ভাতৰ লগত কণী ভাজি খালেও বৰ সোৱাদ লগা হয়। কঁঠালগুটি পিটিকা, কেঁচা বুটৰ লগতো পঁইতাভাত জুতি লগা হয়। পঁইতাভাতত বিভিন্ন ব্যঞ্জনৰ কোনো প্ৰয়োজন নপৰে। 

আমি সাধাৰণ বুলি ভবা পঁইতাভাতৰ বহু অসাধাৰণ গুণ আছে।ই এক উপকাৰী খাদ্য। ইয়াৰ উপকাৰিতাৰ কথা পুৰণি মানুহবোৰৰ মুখত শুনিয়ে হয়তো বহুতো বিজ্ঞানীয়ে গৱেষণা কৰি ইয়াৰ উপকাৰিতাৰ সত্যতা প্ৰমাণ কৰিছে। পঁইতাভাতৰ অনেক উপকাৰিতাৰ বিষয়ে জানো আহক। 


১)পঁইতাভাতত যথেষ্ট কাৰ্ব’হাইড্ৰেট থকা বাবে ই শৰীৰৰ শক্তি বৃদ্ধি কৰে।

২) ভাত ১২ ঘণ্টালৈ তিয়াই থ’লে উপকাৰী বেক্টেৰিয়া উৎপন্ন কৰি দেহৰ শক্তি বঢ়ায়।

৩) পানীত তিয়াই থোৱা ভাতত পটাছিয়াম আৰু আইৰণ যথেষ্ট পোৱা যায়।

৪)মাতৃদুগ্ধ শিশুৰ কাৰণে অতি উপযোগী বুলি সকলোৱে জানে। পঁইতা ভাতত লেক্টিক এচিড অধিক মাত্ৰাত পোৱা যায় বাবে ই মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায়ক হয়।

৫) পঁইতাভাতত ভিটামিন ‘বি’ আৰু মাইক্ৰ’ অৰ্গেনিক তৈয়াৰ হয় আৰু ই মানুহৰ পাকস্থলীৰ ঘা আৰু বিভিন্ন পেটৰ ৰোগ নিৰাময় কৰিব পাৰে।

৬) পঁইতাভাতে ভিটামিন ই সংশ্লেষণৰ দ্বাৰা দেহৰ মৃতকোষসমূহ সক্ৰিয় কৰি তোলে।

৭) এই ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰোবায়েটিকৰ কাম কৰে বুলি কোৱা হয়।

৮) প্ৰ’টিন- কাৰ্ব’হাইড্ৰেট আদি স্বাস্থ্যমৌল যথেষ্ট পৰিমাণে পঁইতাভাতত পোৱা যায়।

৯) ই শৰীৰৰ ভাগৰ দূৰ কৰে। মানুহৰ কৰ্মশক্তি বঢ়ায়। শৰীৰ শীতল কৰি ৰাখে।

১০) এই ভাত খোৱাৰ ফলত মানুহৰ কোষ্ঠকাঠিন্য দূৰ হয়।

১১) শৰীৰত শৰ্কৰা আৰু গ্লুক’জ হিচাপে দেহৰ শক্তি বঢ়াই কৰ্মঠ কৰি তোলে।

১২) পঁইতাভাত খোৱাৰ পৰা মানুহৰ গেছৰ সমস্যা নাইকিয়া কৰি বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে।

১৩) ইয়াত থকা প্ৰ’টিনে মানুহক দীৰ্ঘায়ু কৰি তোলে।

১৪) মানুহৰ পেট ঠাণ্ডা কৰি ৰাখে।

১৫) ই মানুহক দীৰ্ঘজীৱী কৰে বুলি জনা যায়।

১৬) পঁইতাভাত, মাছৰ পিটিকা আৰু কেঁচা পিঁয়াজ খালে মানুহৰ হাৰ্টৰ অসুখ নিৰাময় হয় বুলি কোৱা হয়।

১৭) বিজ্ঞানীসকলৰ মতে পঁইতাভাতত ৭৩.৯১ শতাংশ আইৰণ পোৱা যায়।

১৮)ইয়াৰ উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰে পেটৰ আন ৰোগ দূৰ কৰাত সহায় কৰে।

গতিকে গৰম দিনত পঁইতাভাতৰ জুতি লওক আৰু সুস্বাস্থ্যৱান হৈ থাকক। যিমানেই উপকাৰী অথবা জুতি লগা নহওক কিয়, ঠাণ্ডাৰ দিনত পঁইতাভাত খোৱাটো স্বাস্থ্যসন্মত নহয়। অসমত এই ভাত খোৱাৰ পৰম্পৰা ৰঙালী বিহুৰ দিনাৰ পৰা আৰম্ভ হয় আৰু ভাদ মাহৰ পিছৰ পৰা কোনেও পঁইতা ভাত নাখায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু