--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঁইতাভাত অসমীয়াৰ আৱেগ। তাহানি দিনৰে পৰা অসমীয়া সমাজত পঁইতা ভাতৰ প্ৰচলন আছে। গৰম দিনত পঁইতা ভাত খোৱাৰ আমেজেই সুকীয়া। পঁইতা ভাত খালে দেহা-মন জুৰ পৰে। আগদিনা ৰাতি ৰন্ধা ভাত পানী দি তিয়াই পাছদিনা খোৱা ভাতকে পঁইতা ভাত বুলি কোৱা হয়। ভাত আৰু পানীৰ সংমিশ্ৰণত বেক্টেৰিয়াই ফাৰমেনটেচন কৰে। সেইবাবে পঁইতা ভাত টেঙা হয়। পঁইতাভাত গৰৈ মাছ পুৰি তাত কলাখাৰ, মিঠাতেল আৰু কেঁচা জলকীয়া সানি খাবলৈ বৰ জুতি লগা হয়। পঁইতাভাত কেঁচা পিঁয়াজ আৰু আলু পিটিকাৰে খাবলৈও উত্তম। পঁইতাভাত দালি বটাৰে খায়ো বৰ সোৱাদ লাগে। ভিন্ন জুতিৰে পঁইতা ভাতৰ সোৱাদ ল'ব পাৰি।এই ভাতৰ লগত কণী ভাজি খালেও বৰ সোৱাদ লগা হয়। কঁঠালগুটি পিটিকা, কেঁচা বুটৰ লগতো পঁইতাভাত জুতি লগা হয়। পঁইতাভাতত বিভিন্ন ব্যঞ্জনৰ কোনো প্ৰয়োজন নপৰে। 

আমি সাধাৰণ বুলি ভবা পঁইতাভাতৰ বহু অসাধাৰণ গুণ আছে।ই এক উপকাৰী খাদ্য। ইয়াৰ উপকাৰিতাৰ কথা পুৰণি মানুহবোৰৰ মুখত শুনিয়ে হয়তো বহুতো বিজ্ঞানীয়ে গৱেষণা কৰি ইয়াৰ উপকাৰিতাৰ সত্যতা প্ৰমাণ কৰিছে। পঁইতাভাতৰ অনেক উপকাৰিতাৰ বিষয়ে জানো আহক। 


১)পঁইতাভাতত যথেষ্ট কাৰ্ব’হাইড্ৰেট থকা বাবে ই শৰীৰৰ শক্তি বৃদ্ধি কৰে।

২) ভাত ১২ ঘণ্টালৈ তিয়াই থ’লে উপকাৰী বেক্টেৰিয়া উৎপন্ন কৰি দেহৰ শক্তি বঢ়ায়।

৩) পানীত তিয়াই থোৱা ভাতত পটাছিয়াম আৰু আইৰণ যথেষ্ট পোৱা যায়।

৪)মাতৃদুগ্ধ শিশুৰ কাৰণে অতি উপযোগী বুলি সকলোৱে জানে। পঁইতা ভাতত লেক্টিক এচিড অধিক মাত্ৰাত পোৱা যায় বাবে ই মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায়ক হয়।

৫) পঁইতাভাতত ভিটামিন ‘বি’ আৰু মাইক্ৰ’ অৰ্গেনিক তৈয়াৰ হয় আৰু ই মানুহৰ পাকস্থলীৰ ঘা আৰু বিভিন্ন পেটৰ ৰোগ নিৰাময় কৰিব পাৰে।

৬) পঁইতাভাতে ভিটামিন ই সংশ্লেষণৰ দ্বাৰা দেহৰ মৃতকোষসমূহ সক্ৰিয় কৰি তোলে।

৭) এই ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰোবায়েটিকৰ কাম কৰে বুলি কোৱা হয়।

৮) প্ৰ’টিন- কাৰ্ব’হাইড্ৰেট আদি স্বাস্থ্যমৌল যথেষ্ট পৰিমাণে পঁইতাভাতত পোৱা যায়।

৯) ই শৰীৰৰ ভাগৰ দূৰ কৰে। মানুহৰ কৰ্মশক্তি বঢ়ায়। শৰীৰ শীতল কৰি ৰাখে।

১০) এই ভাত খোৱাৰ ফলত মানুহৰ কোষ্ঠকাঠিন্য দূৰ হয়।

১১) শৰীৰত শৰ্কৰা আৰু গ্লুক’জ হিচাপে দেহৰ শক্তি বঢ়াই কৰ্মঠ কৰি তোলে।

১২) পঁইতাভাত খোৱাৰ পৰা মানুহৰ গেছৰ সমস্যা নাইকিয়া কৰি বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে।

১৩) ইয়াত থকা প্ৰ’টিনে মানুহক দীৰ্ঘায়ু কৰি তোলে।

১৪) মানুহৰ পেট ঠাণ্ডা কৰি ৰাখে।

১৫) ই মানুহক দীৰ্ঘজীৱী কৰে বুলি জনা যায়।

১৬) পঁইতাভাত, মাছৰ পিটিকা আৰু কেঁচা পিঁয়াজ খালে মানুহৰ হাৰ্টৰ অসুখ নিৰাময় হয় বুলি কোৱা হয়।

১৭) বিজ্ঞানীসকলৰ মতে পঁইতাভাতত ৭৩.৯১ শতাংশ আইৰণ পোৱা যায়।

১৮)ইয়াৰ উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰে পেটৰ আন ৰোগ দূৰ কৰাত সহায় কৰে।

গতিকে গৰম দিনত পঁইতাভাতৰ জুতি লওক আৰু সুস্বাস্থ্যৱান হৈ থাকক। যিমানেই উপকাৰী অথবা জুতি লগা নহওক কিয়, ঠাণ্ডাৰ দিনত পঁইতাভাত খোৱাটো স্বাস্থ্যসন্মত নহয়। অসমত এই ভাত খোৱাৰ পৰম্পৰা ৰঙালী বিহুৰ দিনাৰ পৰা আৰম্ভ হয় আৰু ভাদ মাহৰ পিছৰ পৰা কোনেও পঁইতা ভাত নাখায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ