--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিডনী হ'ল মানুহ আৰু আন সকলো মেৰুদণ্ডী প্ৰাণীৰ প্ৰধান ৰেচন অংগ। ই মূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে, আৰু লগতে শৰীৰৰ পানী বা ইলেকট্ৰোলাইট (চদিয়াম, পটাচিয়াম, ইত্যাদি) ৰ ভাৰসাম্য বজায় ৰাখে। ‌আমাৰ শৰীৰত থকা দুয়োটা কিডনীৰ গুৰুত্ব অতি বেছি। গতিকে ইয়াৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়, বয়সৰ যিকোনো পৰ্যায়ত যদি ইয়াৰ ক্ষতি হয়, তেন্তে জীৱন সংকটজনক হৈ পৰে। 

সাধাৰণতে ডায়েবেটিছ, হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ বাবে আমাৰ কিডনীৰ বহুত ক্ষতিগ্ৰস্ত হয়। আমাৰ কিডনীৰ স্বাস্থ্যৰ বাবে তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰা হয়, যাৰ সহায়ত এলবুমিন নামৰ প্ৰটিন ধৰা পৰে, যিটো সুস্থ কিডনীত নাথাকে। কিডনীৰ কাম হ’ল আমাৰ শৰীৰৰ তৰল পদাৰ্থবোৰ ফিল্টাৰ কৰা।

কিডনী শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ

যদি আপুনি কিডনীৰ সুস্বাস্থ্য বজাই ৰখাটো বিচাৰে তেন্তে শৰীৰত সঠিক পৰিমাণৰ পানী ৰখাটো প্ৰয়োজনীয়। ইয়াৰ ফলত কিডনী সম্পৰ্কীয় ৰোগৰ সম্ভাৱনা হ্ৰাস পায়। কিডনী বিকল হোৱাৰ পৰা কেনেকৈ বচাব পাৰি জানো আহক।

কিডনী সুস্থ কৰি ৰখাৰ উপায়

১) নিজকে সুস্থ কৰি ৰাখক আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ হ’বলৈ নিদিব।

২) ৰক্তচাপ বজাই ৰাখক কিয়নো ই কিডনীৰ স্বাস্থ্যৰ প্ৰথম পদক্ষেপ।

৩) ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখক কাৰণ ডায়েবেটিছ ৰোগীৰ বিপদ বেছি।

৪) দৈনন্দিন খাদ্যত কেৱল স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰক, এইটোৱেই হৈছে স্বাস্থ্যৰ মৌলিক মন্ত্ৰ।

৫) পানী বেছি কম বা অত্যধিক হ’বলৈ নিদিব, ইয়াৰ ফলত কিডনীৰ ফিল্টাৰ কৰাত অসুবিধাৰ সৃষ্টি হয়।

৬) স্বাস্থ্য বিশেষজ্ঞৰ মতে প্ৰতিদিনে ২ৰ পৰা ৩ লিটাৰ পানী খাব লাগিব।

৭) আপোনাৰ ওজন বৃদ্ধি হ’বলৈ নিদিব, যিমান পাৰি পেটৰ চৰ্বি কম কৰিবলৈ চেষ্টা কৰক।

৮) নিমখ সেৱন নিয়ন্ত্ৰণ কৰক, কাৰণ ই বিপি বৃদ্ধি কৰে।

৯) অৱনতি ঘটা জীৱনশৈলী সলনি কৰক, আৰু সঠিক ৰুটিন অনুসৰণ কৰক।

১০) কেৱল সতেজ খাদ্য খাবলৈ চেষ্টা কৰক, বাসি খালে বৃক্কৰ ক্ষতি হ’ব।

১১) চিগাৰেট, বিড়ি, হুকা বা আন কোনো ধৰণৰ ধূমপান নকৰিব।

১২) কিছুমান ঔষধে কিডনীৰ ক্ষতি কৰিব পাৰে, গতিকে চিকিৎসকৰ পৰামৰ্শ লওক।

১৩) মদ্যপান কৰাটো বৃক্কৰ ক্ষতিৰ এটা প্ৰধান কাৰণ, এই নিচা এৰি দিয়ক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক