--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিডনী হ'ল মানুহ আৰু আন সকলো মেৰুদণ্ডী প্ৰাণীৰ প্ৰধান ৰেচন অংগ। ই মূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে, আৰু লগতে শৰীৰৰ পানী বা ইলেকট্ৰোলাইট (চদিয়াম, পটাচিয়াম, ইত্যাদি) ৰ ভাৰসাম্য বজায় ৰাখে। ‌আমাৰ শৰীৰত থকা দুয়োটা কিডনীৰ গুৰুত্ব অতি বেছি। গতিকে ইয়াৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়, বয়সৰ যিকোনো পৰ্যায়ত যদি ইয়াৰ ক্ষতি হয়, তেন্তে জীৱন সংকটজনক হৈ পৰে। 

সাধাৰণতে ডায়েবেটিছ, হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ বাবে আমাৰ কিডনীৰ বহুত ক্ষতিগ্ৰস্ত হয়। আমাৰ কিডনীৰ স্বাস্থ্যৰ বাবে তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰা হয়, যাৰ সহায়ত এলবুমিন নামৰ প্ৰটিন ধৰা পৰে, যিটো সুস্থ কিডনীত নাথাকে। কিডনীৰ কাম হ’ল আমাৰ শৰীৰৰ তৰল পদাৰ্থবোৰ ফিল্টাৰ কৰা।

কিডনী শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ

যদি আপুনি কিডনীৰ সুস্বাস্থ্য বজাই ৰখাটো বিচাৰে তেন্তে শৰীৰত সঠিক পৰিমাণৰ পানী ৰখাটো প্ৰয়োজনীয়। ইয়াৰ ফলত কিডনী সম্পৰ্কীয় ৰোগৰ সম্ভাৱনা হ্ৰাস পায়। কিডনী বিকল হোৱাৰ পৰা কেনেকৈ বচাব পাৰি জানো আহক।

কিডনী সুস্থ কৰি ৰখাৰ উপায়

১) নিজকে সুস্থ কৰি ৰাখক আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ হ’বলৈ নিদিব।

২) ৰক্তচাপ বজাই ৰাখক কিয়নো ই কিডনীৰ স্বাস্থ্যৰ প্ৰথম পদক্ষেপ।

৩) ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখক কাৰণ ডায়েবেটিছ ৰোগীৰ বিপদ বেছি।

৪) দৈনন্দিন খাদ্যত কেৱল স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰক, এইটোৱেই হৈছে স্বাস্থ্যৰ মৌলিক মন্ত্ৰ।

৫) পানী বেছি কম বা অত্যধিক হ’বলৈ নিদিব, ইয়াৰ ফলত কিডনীৰ ফিল্টাৰ কৰাত অসুবিধাৰ সৃষ্টি হয়।

৬) স্বাস্থ্য বিশেষজ্ঞৰ মতে প্ৰতিদিনে ২ৰ পৰা ৩ লিটাৰ পানী খাব লাগিব।

৭) আপোনাৰ ওজন বৃদ্ধি হ’বলৈ নিদিব, যিমান পাৰি পেটৰ চৰ্বি কম কৰিবলৈ চেষ্টা কৰক।

৮) নিমখ সেৱন নিয়ন্ত্ৰণ কৰক, কাৰণ ই বিপি বৃদ্ধি কৰে।

৯) অৱনতি ঘটা জীৱনশৈলী সলনি কৰক, আৰু সঠিক ৰুটিন অনুসৰণ কৰক।

১০) কেৱল সতেজ খাদ্য খাবলৈ চেষ্টা কৰক, বাসি খালে বৃক্কৰ ক্ষতি হ’ব।

১১) চিগাৰেট, বিড়ি, হুকা বা আন কোনো ধৰণৰ ধূমপান নকৰিব।

১২) কিছুমান ঔষধে কিডনীৰ ক্ষতি কৰিব পাৰে, গতিকে চিকিৎসকৰ পৰামৰ্শ লওক।

১৩) মদ্যপান কৰাটো বৃক্কৰ ক্ষতিৰ এটা প্ৰধান কাৰণ, এই নিচা এৰি দিয়ক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু