--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতবৰ্ষত বৈদিক যুগৰ পৰাই হালধি ব্যৱহাৰৰ কথা জনা যায়। এই হালধি ব্যৱহাৰ আজিও সমানে বিদ্যমান। ভাৰতীয় প্ৰায়ভাগ লোকে ব্যঞ্জনত হালধি ব্যৱহাৰ কৰে। হালধি খাদ্য ৰং আৰু সোৱাদৰ বাবে ব্যৱহাৰ কৰা হয় যদিও আমাৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ যথেষ্ট সুপ্ৰভাৱ দেখা যায়। সেয়েহে আমি হালধি অবহিনে আঞ্জাৰ কথা কল্পনাও কৰিব নোৱাৰো।

 উল্লেখ্য যে হালধিত কাৰ্কুমিন নামৰ এবিধ উপাদান থাকে, যিয়ে কেইবাটাও শাৰীৰিক ৰোগৰ পৰা উপশম দিব পাৰে। এছিয়াত হাজাৰ বছৰতকৈও অধিক সময় ধৰি হালধি কেৱল মছলা হিচাপেই নহয়, ঔষধ হিচাপেও ব্যৱহাৰ কৰি অহা হৈছে। ইয়াত ভিটামিন-ই বা ভিটামিন-চি অধিক পৰিমাণে থাকে। হালধিত পাঁচৰ পৰা আঠগুণ বেছি ফলপ্ৰসূ এন্টিঅক্সিডেন্ট কাৰ্কুমিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। আয়ুৰ্বেদিক চিকিৎসকে দাবী কৰে যে কাৰ্কুমিনে বাতবিষ, হাঁপানী, হৃদৰোগ, আলঝেইমাৰ, ডায়েবেটিছ আনকি কেন্সাৰৰো প্ৰতিৰোধত উপযোগী হিচাপে কাম কৰে। যকৃতৰ ৰোগত ই অধিক ফলপ্ৰসূ বুলি কোৱা হয়। কফ জমা হ’লে বা ডিঙিৰ বিষ হ’লে গৰম গাখীৰৰ লগত হালধি মিহলাই খোৱা উচিত। কিন্তু কোনবিধ হালধি বেছি উপকাৰী। কেঁচা নে গুড়ি সেই বিষয়া জানো আহক।

 বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে কেঁচা হালধিত কাৰ্কুমিন যৌগ অধিক পৰিমাণে থাকে। গতিকে কেঁচা হালধি স্বাস্থ্য বাবে বেছি উপকাৰী। মৌৰ লগত মিহলি কেঁচা হালধিৰ ৰসে যকৃতৰ যিকোনো সমস্যাৰ বাবে উপকাৰী। কেঁচা হালধিৰ ৰস সামান্য নিমখ মিহলাই পুৱা খালী পেটত খালে কৃমি ভাল হোৱাৰ উপৰি হজম শক্তি উন্নত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

 অৱশ্যে দৈনিক ৰন্ধা-বঢ়াত কেঁচা হালধিৰে ৰান্ধিবলৈ অলপ সময়ৰ প্ৰয়োজন হয় বাবে ৰন্ধা-বঢ়াত হালধিৰ গুড়ি ব্যৱহাৰ কৰাটোৱে উত্তম বুলিব পাৰি। পুৱা খালী পেটত কেঁচা হালধিৰ ৰস খালে সুস্বাস্থ্য লাভ কৰিব পাৰি। গতিকে দুয়ো ধৰণৰ হালধি ব্যৱহাৰে স্বাস্থ্যৰ পক্ষে উপকাৰী বুলিব পাৰি।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু