--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতবৰ্ষত বৈদিক যুগৰ পৰাই হালধি ব্যৱহাৰৰ কথা জনা যায়। এই হালধি ব্যৱহাৰ আজিও সমানে বিদ্যমান। ভাৰতীয় প্ৰায়ভাগ লোকে ব্যঞ্জনত হালধি ব্যৱহাৰ কৰে। হালধি খাদ্য ৰং আৰু সোৱাদৰ বাবে ব্যৱহাৰ কৰা হয় যদিও আমাৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ যথেষ্ট সুপ্ৰভাৱ দেখা যায়। সেয়েহে আমি হালধি অবহিনে আঞ্জাৰ কথা কল্পনাও কৰিব নোৱাৰো।

 উল্লেখ্য যে হালধিত কাৰ্কুমিন নামৰ এবিধ উপাদান থাকে, যিয়ে কেইবাটাও শাৰীৰিক ৰোগৰ পৰা উপশম দিব পাৰে। এছিয়াত হাজাৰ বছৰতকৈও অধিক সময় ধৰি হালধি কেৱল মছলা হিচাপেই নহয়, ঔষধ হিচাপেও ব্যৱহাৰ কৰি অহা হৈছে। ইয়াত ভিটামিন-ই বা ভিটামিন-চি অধিক পৰিমাণে থাকে। হালধিত পাঁচৰ পৰা আঠগুণ বেছি ফলপ্ৰসূ এন্টিঅক্সিডেন্ট কাৰ্কুমিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। আয়ুৰ্বেদিক চিকিৎসকে দাবী কৰে যে কাৰ্কুমিনে বাতবিষ, হাঁপানী, হৃদৰোগ, আলঝেইমাৰ, ডায়েবেটিছ আনকি কেন্সাৰৰো প্ৰতিৰোধত উপযোগী হিচাপে কাম কৰে। যকৃতৰ ৰোগত ই অধিক ফলপ্ৰসূ বুলি কোৱা হয়। কফ জমা হ’লে বা ডিঙিৰ বিষ হ’লে গৰম গাখীৰৰ লগত হালধি মিহলাই খোৱা উচিত। কিন্তু কোনবিধ হালধি বেছি উপকাৰী। কেঁচা নে গুড়ি সেই বিষয়া জানো আহক।

 বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে কেঁচা হালধিত কাৰ্কুমিন যৌগ অধিক পৰিমাণে থাকে। গতিকে কেঁচা হালধি স্বাস্থ্য বাবে বেছি উপকাৰী। মৌৰ লগত মিহলি কেঁচা হালধিৰ ৰসে যকৃতৰ যিকোনো সমস্যাৰ বাবে উপকাৰী। কেঁচা হালধিৰ ৰস সামান্য নিমখ মিহলাই পুৱা খালী পেটত খালে কৃমি ভাল হোৱাৰ উপৰি হজম শক্তি উন্নত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

 অৱশ্যে দৈনিক ৰন্ধা-বঢ়াত কেঁচা হালধিৰে ৰান্ধিবলৈ অলপ সময়ৰ প্ৰয়োজন হয় বাবে ৰন্ধা-বঢ়াত হালধিৰ গুড়ি ব্যৱহাৰ কৰাটোৱে উত্তম বুলিব পাৰি। পুৱা খালী পেটত কেঁচা হালধিৰ ৰস খালে সুস্বাস্থ্য লাভ কৰিব পাৰি। গতিকে দুয়ো ধৰণৰ হালধি ব্যৱহাৰে স্বাস্থ্যৰ পক্ষে উপকাৰী বুলিব পাৰি।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement