--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিজৰ কৰ্মকাণ্ডৰ বাবে প্ৰায়েই সংবাদ শিৰোনামত থকা যোগী আদিত্যনাথৰ জীৱনলৈ ভাবুকি আহিছে নেকি! মাজে-সময়ে বিতৰ্কত সোমাই পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ সভাত সোমাল এজন বন্দুকধাৰী ব্যক্তি। কটকটীয়া নিৰাপত্তাব্যৱস্থাৰ মাজতো এনেদৰে বন্দুকধাৰী লোকৰ প্ৰৱেশে যোগীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিছে।

ৰাজ্যখনৰ বস্তি জিলাৰ অটল বিহাৰী বাজপেয়ী প্ৰেক্ষাগৃহত আদিত্যনাথে এটা অনুষ্ঠানত ভাগ লৈছিল। সভাখনত স্থানীয় আৰক্ষী চকীৰ লগতে অন্য জিলাৰ আৰক্ষী মোতায়েন কৰা হৈছিল। মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ ৪৫ মিনিট পূৰ্বে এগৰাকী লোক তেওঁৰ অনুজ্ঞাপত্ৰ থকা বন্দুক লৈ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে। প্ৰকাশিত তথ্য অনুসৰি জটশংকৰ শুক্লা নামৰ গৌৰ ব্লকৰ প্ৰতিনিধি এগৰাকী সভাগৃহত উপস্থিত হয়। শুক্লাৰ সৈতে জিতেন্দ্ৰ পাণ্ডে নামৰ এগৰাকী আত্মীয় তেওঁৰ অনুজ্ঞাপত্ৰ থকা বন্দুক লগত লৈ সভাখনলৈ গৈছিল। বস্তিৰ আৰক্ষী অধীক্ষক আশীষ শ্ৰীবাস্তৱে কয় যে, বস্তি জিলাত মুখ্যমন্ত্ৰীৰ এটা ভিআইপি অনুষ্ঠান আছিল। মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ ৪৫ মিনিট আগত মানুহজনে তেওঁৰ অনুজ্ঞাপত্ৰ থকা বন্দুক লৈ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে আৰু কৰ্তব্যৰত এজন চক্ৰ বিষয়াই তেওঁক দেখা পায়।
পাছত তেওঁক প্ৰেক্ষাগৃহৰ বাহিৰলৈ লৈ যোৱা হয় যদিও নিৰাপত্তাৰ খাতিৰত কৰ্তব্যৰত কেইবাজন আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। প্ৰাথমিক অৱস্থাত সাতগৰাকী আৰক্ষীৰ লোক কৰ্তব্যত গাফিলতি কৰাৰ বাবে শাস্তিৰ সন্মুখীন হ'ব বুলি জনায়। ইয়াৰে চাৰিগৰাকীক ইতিমধ্যে নিলম্বন কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক