--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিজৰ কৰ্মকাণ্ডৰ বাবে প্ৰায়েই সংবাদ শিৰোনামত থকা যোগী আদিত্যনাথৰ জীৱনলৈ ভাবুকি আহিছে নেকি! মাজে-সময়ে বিতৰ্কত সোমাই পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ সভাত সোমাল এজন বন্দুকধাৰী ব্যক্তি। কটকটীয়া নিৰাপত্তাব্যৱস্থাৰ মাজতো এনেদৰে বন্দুকধাৰী লোকৰ প্ৰৱেশে যোগীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিছে।

ৰাজ্যখনৰ বস্তি জিলাৰ অটল বিহাৰী বাজপেয়ী প্ৰেক্ষাগৃহত আদিত্যনাথে এটা অনুষ্ঠানত ভাগ লৈছিল। সভাখনত স্থানীয় আৰক্ষী চকীৰ লগতে অন্য জিলাৰ আৰক্ষী মোতায়েন কৰা হৈছিল। মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ ৪৫ মিনিট পূৰ্বে এগৰাকী লোক তেওঁৰ অনুজ্ঞাপত্ৰ থকা বন্দুক লৈ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে। প্ৰকাশিত তথ্য অনুসৰি জটশংকৰ শুক্লা নামৰ গৌৰ ব্লকৰ প্ৰতিনিধি এগৰাকী সভাগৃহত উপস্থিত হয়। শুক্লাৰ সৈতে জিতেন্দ্ৰ পাণ্ডে নামৰ এগৰাকী আত্মীয় তেওঁৰ অনুজ্ঞাপত্ৰ থকা বন্দুক লগত লৈ সভাখনলৈ গৈছিল। বস্তিৰ আৰক্ষী অধীক্ষক আশীষ শ্ৰীবাস্তৱে কয় যে, বস্তি জিলাত মুখ্যমন্ত্ৰীৰ এটা ভিআইপি অনুষ্ঠান আছিল। মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ ৪৫ মিনিট আগত মানুহজনে তেওঁৰ অনুজ্ঞাপত্ৰ থকা বন্দুক লৈ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে আৰু কৰ্তব্যৰত এজন চক্ৰ বিষয়াই তেওঁক দেখা পায়।
পাছত তেওঁক প্ৰেক্ষাগৃহৰ বাহিৰলৈ লৈ যোৱা হয় যদিও নিৰাপত্তাৰ খাতিৰত কৰ্তব্যৰত কেইবাজন আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। প্ৰাথমিক অৱস্থাত সাতগৰাকী আৰক্ষীৰ লোক কৰ্তব্যত গাফিলতি কৰাৰ বাবে শাস্তিৰ সন্মুখীন হ'ব বুলি জনায়। ইয়াৰে চাৰিগৰাকীক ইতিমধ্যে নিলম্বন কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য