--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জুয়ে আগুৰি ধৰিছিল এটা বিলাসী আবাসিক অট্টালিকা । ৬৪মহলীয়া অট্টালিকাটোৰ ১৯সংখ্যক মহলাত অগ্নিকাণ্ডৰ ফলত সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতিৰ। জুইৰ আগ্ৰাসনৰ মাজতে দেখা গৈছিল ১৯ মহলাৰ এটা বেলকনিৰ ৰেলিঙত ধৰি ওলমি ৰৈছে এজন লোক। তেওঁ আপ্ৰাণ চেষ্টা চলাইছে নিজকে এই সৰ্বনাশী জুইৰ পৰা ৰক্ষা কৰিবলৈ। কিন্তু শেষ ৰক্ষা নহ’ল লোকজনৰ। এটা মুহূৰ্তত তেওঁৰ হাত পিছলি গ’ল আৰু ১৯মহলাৰ পৰা তেওঁ সৰি তলত পৰিল। শিহৰণকাৰী এই সমগ্ৰ দৃশ্য বন্দী হ’ল কেমেৰাত। তাৰ পাছতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।


এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ লালবাগ এলেকাত। এলেকাটোত থকা এটা ৬৪মহলীয়া বিলাসী অট্টালিকা ত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। এই জুইৰ পৰা বাছিবলৈ চেষ্টা কৰাৰ সময়তে এজন লোক সৰি-পৰি মৃত্যু মুখত পৰে। মু্ম্বাইৰ মেয়ৰ কিশোৰী পেডনেকাৰে ঘটনাৰ সবিশেষ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ নিজে দুৰ্ঘটনাস্থলীত উপস্থিত গৈ জুই নিৰ্বাপন আৰু উদ্ধাৰ অভিযানৰ তদাৰক কৰে।

তেওঁ প্ৰকাশ কৰিছে যে, অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাটাও কোম্পানীয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপনত ব্যস্ত হৈ পৰিছে। বহু লোকক নিৰাপদে অট্টালিকাটোৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ অভিযান চলি আছে। এজন ৩০বছৰীয়া লোকে ভীতিগ্ৰস্ত হৈ অট্টালিকাটোৰ তললৈ নামিবলৈ চেষ্টা কৰোঁতে তেওঁ সৰি পৰি মৃত্যু হোৱা বুলিও পেডনেকাৰে প্ৰকাশ কৰিছে। কি কাৰণে এই জুইৰ সূত্ৰপাত হৈছিল সেয়া এতিয়াও নিশ্চিতকৈ জানিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন