--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জুয়ে আগুৰি ধৰিছিল এটা বিলাসী আবাসিক অট্টালিকা । ৬৪মহলীয়া অট্টালিকাটোৰ ১৯সংখ্যক মহলাত অগ্নিকাণ্ডৰ ফলত সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতিৰ। জুইৰ আগ্ৰাসনৰ মাজতে দেখা গৈছিল ১৯ মহলাৰ এটা বেলকনিৰ ৰেলিঙত ধৰি ওলমি ৰৈছে এজন লোক। তেওঁ আপ্ৰাণ চেষ্টা চলাইছে নিজকে এই সৰ্বনাশী জুইৰ পৰা ৰক্ষা কৰিবলৈ। কিন্তু শেষ ৰক্ষা নহ’ল লোকজনৰ। এটা মুহূৰ্তত তেওঁৰ হাত পিছলি গ’ল আৰু ১৯মহলাৰ পৰা তেওঁ সৰি তলত পৰিল। শিহৰণকাৰী এই সমগ্ৰ দৃশ্য বন্দী হ’ল কেমেৰাত। তাৰ পাছতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।


এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ লালবাগ এলেকাত। এলেকাটোত থকা এটা ৬৪মহলীয়া বিলাসী অট্টালিকা ত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। এই জুইৰ পৰা বাছিবলৈ চেষ্টা কৰাৰ সময়তে এজন লোক সৰি-পৰি মৃত্যু মুখত পৰে। মু্ম্বাইৰ মেয়ৰ কিশোৰী পেডনেকাৰে ঘটনাৰ সবিশেষ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ নিজে দুৰ্ঘটনাস্থলীত উপস্থিত গৈ জুই নিৰ্বাপন আৰু উদ্ধাৰ অভিযানৰ তদাৰক কৰে।

তেওঁ প্ৰকাশ কৰিছে যে, অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাটাও কোম্পানীয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপনত ব্যস্ত হৈ পৰিছে। বহু লোকক নিৰাপদে অট্টালিকাটোৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ অভিযান চলি আছে। এজন ৩০বছৰীয়া লোকে ভীতিগ্ৰস্ত হৈ অট্টালিকাটোৰ তললৈ নামিবলৈ চেষ্টা কৰোঁতে তেওঁ সৰি পৰি মৃত্যু হোৱা বুলিও পেডনেকাৰে প্ৰকাশ কৰিছে। কি কাৰণে এই জুইৰ সূত্ৰপাত হৈছিল সেয়া এতিয়াও নিশ্চিতকৈ জানিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক