--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শান্তনুৰ ভাষাত, জুবিন গাৰ্গৰ সেই সহায় অবিহনে তেওঁৰ চিকিৎসাৰ পথ আৰু অধিক কঠিন হৈ পৰিলহেঁতেন। জুবিন গাৰ্গক হেৰুওৱাৰ পিছত এটা বছৰ অতিক্ৰম কৰাৰ সময়ত সেই কঠিন দিনবোৰ আৰু জুবিন দাৰ সহায়ৰ কথা সুঁৱৰি আৱেগিক হৈ পৰিছে শান্তনু।

ডিজিটেল ডেস্ক: “জুবিন দা নাই বুলি মোৰ এতিয়াও বিশ্বাস নহয়। তেওঁ ক’ৰবাত ব্যস্ত হৈ আছে বুলি ভাবি লওঁ… তেওঁৰ গান শুনিবলৈ এতিয়া সাহস নহয়, গান শুনিলেই চকুৰে পানী ওলাই আহে” — অসমীয়াৰ হিয়াৰ আপোন শিল্পী জুবিন গাৰ্গৰ মানৱীয়তাৰ ঋণত আৱেগিক হৈ এইদৰে কৈছে শিৱসাগৰৰ শান্তনু বৰাই।


২০১০-১১ চনত সংঘটিত এক দুৰ্ঘটনাৰ পিছত Systemic Lupus Erythematosus (SLE) ৰোগত আক্ৰান্ত হৈছিল শান্তনু। ক্ৰমাৎ কিডনী বিকল হৈ পৰাত ডায়েলাইছিছৰ লগতে পৰৱৰ্তী সময়ত কিডনী সংস্থাপন কৰিবলগীয়া হয়। ব্যয়বহুল চিকিৎসাৰ সন্মুখীন হৈ পৰিয়ালটোৱে কঠিন সময় পাৰ কৰাৰ সময়তে বন্ধুসকলে সামাজিক মাধ্যমযোগে সহায়ৰ আহ্বান জনাইছিল।


সেই আহ্বান জুবিন গাৰ্গে সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক শান্তনুৰ সহায়ৰ বাবে আগবাঢ়ি আহে। জুবিন গাৰ্গৰ এটা আবেদনে সলনি কৰি দিছিল পৰিস্থিতি। অসহায় হৈ পৰা ক্ৰিকেট খেলুৱৈ শান্তনুৰ জীৱন ৰক্ষাৰ পথ মুকলি হৈছিল।


শান্তনুৰ ভাষাত, জুবিন গাৰ্গৰ সেই সহায় অবিহনে তেওঁৰ চিকিৎসাৰ পথ আৰু অধিক কঠিন হৈ পৰিলহেঁতেন। জুবিন গাৰ্গক হেৰুওৱাৰ পিছত এটা বছৰ অতিক্ৰম কৰাৰ সময়ত সেই কঠিন দিনবোৰ আৰু জুবিন দাৰ সহায়ৰ কথা সুঁৱৰি আৱেগিক হৈ পৰিছে শান্তনু।


জুবিন গাৰ্গৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি শান্তনুৱে এটাই মাত্ৰ আবেদন জনাইছে— “জুবিন দাক ন্যায় প্ৰদান কৰক।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক