ডিজিটেল ডেস্ক: চেপন বিহুতলীত আছে জুবিন গাৰ্গৰ স্মৃতি বিজড়িত আমজোপা। চেপনবাসীয়ে প্ৰাণৰ শিল্পীগৰাকীক উপহাৰ দিছিল আমজোপা।
প্ৰকাণ্ড আমজোপাই চেপনবাসীৰ মাজত প্ৰতিনিয়ত সজীৱ কৰি আছে জুবিনৰ স্মৃতি।
জুবিন গাৰ্গৰ বহু স্মৃতি বিজড়িত চেপন বিহুতলীৰ আমজোপাৰ তলতে শিল্পীজনে আহিলেই জিৰাইছিল। গছজোপাৰ তলত বহি লিখিছিল কবিতা, গীত আৰু গছ জোপাৰ লগত কথা পাতিছিল।
জুবিনক উপহাৰ দি আমজোপাৰ তলতে চেপনবাসীয়ে কৰি আহিছে ৰাজহুৱা অনুষ্ঠানৰ পৰিকল্পনা। জুবিনৰ মহাপ্ৰয়াণৰ এবছৰ হোৱাৰ দিনটোত সন্ধিয়া শিল্পীগৰাকীক স্মৰণৰ প্ৰস্তুতি চলিছে আমজোপাৰ তলতে।