--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱী নামৰ এই ঘূৰ্ণীয়মান গোলকটোতেই চলি থাকে এখন প্ৰতিযোগিতা৷ ধনাঢ্য হোৱাৰ প্ৰতিযোগিতা৷ আৰু এই প্ৰতিযোগিতাত এব্যাহত আছে বিশ্বৰ ধনকুবেৰৰ শীৰ্ষস্থান দখলৰ যুঁজ। প্ৰথম, দ্বিতীয় নহ’লেও এইবাৰ আকৰ্ষণীয় হৈ পৰিল ধনকুবেৰৰ শীৰ্ষৰ তৃতীয় স্থানক লৈ হোৱা যুঁজখন। 

কিয়নো, বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ইলন মাস্কক চেৰ পেলাই শেহতীয়াকৈ বিশ্বৰ তৃতীয়গৰাকী ধনাঢ্য ব্যক্তিৰ সন্মান আঁজুৰিলে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ গৰাকী মাৰ্ক জুকাৰবাৰ্গে। ‘ব্লুমবাৰ্গ’এ শেহতীয়াকৈ প্ৰকাশ কৰা তালিকাত ইলন মাস্কতকৈ অধিক ধনৰ গৰাকী বুলি পৰিগণিত হৈছে ফেচবুকৰ মূল প্ৰতিষ্ঠান ‘মেটা’ৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ। এই মুহূৰ্তত ইলেট্ৰিক বাহন নিৰ্মাতা টেছলাৰ গৰাকী ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৫.০৭ লাখ কোটি। তাৰ বিপৰীতে জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৫.৫৭ লাখ কোটি।

শেহতীয়া তালিকা অনুসৰি বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তিগৰাকী হৈছে ১৮.৫৭ লাখ কোটিৰ গৰাকী বাৰ্নাড আৰ্নল্ট। আনহাতে আমাজ’নৰ গৰাকী জেফ বেজ’ছ ১৭.২৪ লাখ কোটিৰে আছে দ্বিতীয় স্থানত। ধনাঢ্য ব্যক্তিৰ তালিকাত ভাৰতৰ ধনকুবেৰ মুকেশ আম্বানি হৈছে একাদশ স্থানত। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত তালিকাৰ শীৰ্ষ স্থানত থকা ইলন মাস্কক এপ্ৰিল মাহত এনেদৰে পিছ পেলাই তৃতীয় স্থান দখল কৰিলে ফেচবুকৰ জুকাৰবাৰ্গে। এই বৰ্ষত নিজৰ প্ৰতিষ্ঠান টেছলাৰ শ্বেয়াৰৰ মূল্য ৩৩.৬২ শতাংশ হ্ৰাস পোৱাৰ বাবে এনেদৰে ধনকুবেৰৰ প্ৰতিযোগিতাত পিছলি পৰিল ইলন মাস্ক। তাৰ বিপৰীতে ধনকুবেৰৰ শীৰ্ষ স্থান দখলৰ যুঁজত আগবাঢ়ি মাৰ্ক জুকাৰবাৰ্গ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক