--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ২৬ বছৰীয়া যুৱকে পেটৰ বিষত থাকিব নোৱাৰি চিকিৎসকৰ কাষ চাপে। চিকিৎসকে যুৱকজনৰ পেটৰ এক্স-ৰে কৰি হতভম্ব হৈ পৰে। কাৰণ তেওঁৰ পেটৰ ভিতৰত বহুতো মুদ্ৰা আৰু চুম্বক সোমাই আছে। 

দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ চিকিৎসকে যুৱকজনৰ অস্ত্ৰোপচাৰ কৰি পেটৰ পৰা ৩৯টা মুদ্ৰা আৰু ৩৭টা চুম্বক উলিয়াই আনে। জিংকে শৰীৰ গঠনত সহায় কৰে বুলি জানি মুদ্ৰা আৰু চুম্বক গিলি পেলাইছিল যুৱকজনে।

যুৱকজনে ভাবিছিল যে মুদ্ৰা আৰু চুম্বক খা্লে শৰীৰে জিংক ভালদৰে লাভ কৰিব।

এই ঘটনা পোহৰলৈ আহে যেতিয়া ২৬ বছৰীয়া ৰোগীগৰাকীয়ে ২০ দিনতকৈ অধিক সময় বাৰে বাৰে বমি আৰু পেটৰ বিষৰ সমস্যা লৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডলৈ আহিছিল। ৰোগীজনে একো খাবও পৰা নাছিল।

ৰোগীজনৰ পেটৰ এক্স-ৰে কৰা হৈছিল, য’ত তেওঁৰ পেটত মুদ্ৰা আৰু চুম্বকৰ আকৃতিৰ অস্বচ্ছ ছাঁ দেখা গৈছিল। মুদ্ৰা আৰু চুম্বকৰ বিশাল বোজাৰ ফলত অন্ত্ৰ বন্ধ হৈ পৰিছিল যুৱকজনৰ। লগে লগে ৰোগীজনৰ অস্ত্ৰোপচাৰ কৰা হয়।

৭ দিনৰ মূৰত সুস্থ হৈ ৰোগীজন চিকিৎসালয়ৰ পৰা ঘৰলৈ যায়। 

ৰোগীগৰাকীয়ে ভাবিছিল যে জিংকে শৰীৰ গঠনত সহায় কৰে। মুদ্ৰাবোৰত জিংক আছিল আৰু তেওঁ চুম্বকবোৰ গ্ৰহণ কৰিছিল যাতে মুদ্ৰাবোৰ অন্ত্ৰত থাকে আৰু জিংক অধিক শোষণ হয়।

ছাৰ গংগা ৰাম হাস্পতালৰ চিকিৎসকৰ দলটোত আছিল ডাঃ তৰুণ মিত্তল, ডাঃ আশীষ দে আৰু ডাঃ আনমোল আহুজা (পৰামৰ্শদাতা); ডাঃ বিক্ৰম সিং (ক্লিনিকেল এচিষ্টেণ্ট); ডাঃ তনুশ্ৰী আৰু ডাঃ কাৰ্তিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক