--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ২৬ বছৰীয়া যুৱকে পেটৰ বিষত থাকিব নোৱাৰি চিকিৎসকৰ কাষ চাপে। চিকিৎসকে যুৱকজনৰ পেটৰ এক্স-ৰে কৰি হতভম্ব হৈ পৰে। কাৰণ তেওঁৰ পেটৰ ভিতৰত বহুতো মুদ্ৰা আৰু চুম্বক সোমাই আছে। 

দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ চিকিৎসকে যুৱকজনৰ অস্ত্ৰোপচাৰ কৰি পেটৰ পৰা ৩৯টা মুদ্ৰা আৰু ৩৭টা চুম্বক উলিয়াই আনে। জিংকে শৰীৰ গঠনত সহায় কৰে বুলি জানি মুদ্ৰা আৰু চুম্বক গিলি পেলাইছিল যুৱকজনে।

যুৱকজনে ভাবিছিল যে মুদ্ৰা আৰু চুম্বক খা্লে শৰীৰে জিংক ভালদৰে লাভ কৰিব।

এই ঘটনা পোহৰলৈ আহে যেতিয়া ২৬ বছৰীয়া ৰোগীগৰাকীয়ে ২০ দিনতকৈ অধিক সময় বাৰে বাৰে বমি আৰু পেটৰ বিষৰ সমস্যা লৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডলৈ আহিছিল। ৰোগীজনে একো খাবও পৰা নাছিল।

ৰোগীজনৰ পেটৰ এক্স-ৰে কৰা হৈছিল, য’ত তেওঁৰ পেটত মুদ্ৰা আৰু চুম্বকৰ আকৃতিৰ অস্বচ্ছ ছাঁ দেখা গৈছিল। মুদ্ৰা আৰু চুম্বকৰ বিশাল বোজাৰ ফলত অন্ত্ৰ বন্ধ হৈ পৰিছিল যুৱকজনৰ। লগে লগে ৰোগীজনৰ অস্ত্ৰোপচাৰ কৰা হয়।

৭ দিনৰ মূৰত সুস্থ হৈ ৰোগীজন চিকিৎসালয়ৰ পৰা ঘৰলৈ যায়। 

ৰোগীগৰাকীয়ে ভাবিছিল যে জিংকে শৰীৰ গঠনত সহায় কৰে। মুদ্ৰাবোৰত জিংক আছিল আৰু তেওঁ চুম্বকবোৰ গ্ৰহণ কৰিছিল যাতে মুদ্ৰাবোৰ অন্ত্ৰত থাকে আৰু জিংক অধিক শোষণ হয়।

ছাৰ গংগা ৰাম হাস্পতালৰ চিকিৎসকৰ দলটোত আছিল ডাঃ তৰুণ মিত্তল, ডাঃ আশীষ দে আৰু ডাঃ আনমোল আহুজা (পৰামৰ্শদাতা); ডাঃ বিক্ৰম সিং (ক্লিনিকেল এচিষ্টেণ্ট); ডাঃ তনুশ্ৰী আৰু ডাঃ কাৰ্তিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু