--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আংকল বা খুড়া শব্দটোৰ পৰা অধিকাংশ লোকেই দূৰত থাকিব বিচাৰে। কোনেও নিবিচাৰে যে তেওঁক কোনোবাই আংকল মাতক। কিন্তু কিছুমানৰ সেই শব্দক লৈ কোনো আপত্তি নাথাকে কাৰণ সময়ৰ আহ্বানক তেওঁ হাঁহিমুখে গ্ৰহণ কৰিব জানে। কাক কেনেকৈ সম্বোধন কৰিব লাগে সেই কথাও মানুহে জনাটো শিষ্টাচাৰৰ ভিতৰত পৰে। কাৰোবাক 'আংকল' বা আণ্টি মাতোতে সাৱধান হওক।

এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে এজন ৩৫ বছৰীয়া যুৱকক আংকল বুলি মতাত তেওঁৰ ইমানেই খং উঠিল যে যুৱকজনে যুৱতীগৰাকীক প্ৰহাৰ কৰি আধামৰা কৰিলে। নিশা আহমেদ নামৰ এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে মোহিত কুমাৰ নামৰ ৩৫ বছৰীয়া যুৱকজনক আংকল বুলি সম্বোধন কৰে। মোহিত কুমাৰ পেচাত এজন দোকানী। নিশা আহমেদে মোহিত কুমাৰৰ দোকানৰ পৰা এখন বেডমিণ্টন ৰেকেট ক্ৰয় কৰিছিল।

ঘৰত আহি নিশাই দেখে যে ৰেকেটখন বৰ এটা ঠিক নহয়, সেয়েহে তেওঁ সেইখন ঘূৰাবলৈ যায়। দোকানখনত উপস্থিত হৈ নিশাই মোহিত কুমাৰক আংকল বুলি মাতে। সেই কথাত মোহিতৰ ইমানেই বেছি খং উঠে যে তেওঁ নিশাক নিৰ্মমভাৱে প্ৰহাৰ কৰে। এই প্ৰহাৰৰ ফলত নিশাই মূৰত গুৰুতৰ আঘাত পায়। তেওঁক উপস্থিত লোকসকলে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰায়। নিশাক অক্সিজেনো দিব লগা হৈছে।

এতিয়ালৈকে ভুক্তভোগীৰ পক্ষৰ দ্বাৰা কোনো লিখিত অভিযোগ দিয়া হোৱা নাই কিন্তু আৰক্ষীয়ে নিজৰ ফালৰ পৰা তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে মোহিত কুমাৰৰ বিৰুদ্ধে আইপিচি ধাৰা ৩৫৪ (মহিলাক আক্ৰমণ কৰা), ধাৰা ৩২৩ (স্বেচ্ছাই আঘাত কৰা) আৰু ধাৰা ৫০৬ (অপৰাধমূলক ভাবুকি)ৰ অধীনত গোচৰ ৰুজু কৰিছে। এই ঘটনা উত্তৰাখণ্ডৰ উধম সিং নগৰৰ। এই ঘটনাই সমগ্ৰ উত্তৰাখণ্ডতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰু পঢ়কঃ ৰাতি শোৱাৰ সময়ত ভুলতো নকৰিব এই কাম; নহ’লে হ’ব ভয়ংকৰ পৰিণাম!


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম