--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আংকল বা খুড়া শব্দটোৰ পৰা অধিকাংশ লোকেই দূৰত থাকিব বিচাৰে। কোনেও নিবিচাৰে যে তেওঁক কোনোবাই আংকল মাতক। কিন্তু কিছুমানৰ সেই শব্দক লৈ কোনো আপত্তি নাথাকে কাৰণ সময়ৰ আহ্বানক তেওঁ হাঁহিমুখে গ্ৰহণ কৰিব জানে। কাক কেনেকৈ সম্বোধন কৰিব লাগে সেই কথাও মানুহে জনাটো শিষ্টাচাৰৰ ভিতৰত পৰে। কাৰোবাক 'আংকল' বা আণ্টি মাতোতে সাৱধান হওক।

এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে এজন ৩৫ বছৰীয়া যুৱকক আংকল বুলি মতাত তেওঁৰ ইমানেই খং উঠিল যে যুৱকজনে যুৱতীগৰাকীক প্ৰহাৰ কৰি আধামৰা কৰিলে। নিশা আহমেদ নামৰ এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে মোহিত কুমাৰ নামৰ ৩৫ বছৰীয়া যুৱকজনক আংকল বুলি সম্বোধন কৰে। মোহিত কুমাৰ পেচাত এজন দোকানী। নিশা আহমেদে মোহিত কুমাৰৰ দোকানৰ পৰা এখন বেডমিণ্টন ৰেকেট ক্ৰয় কৰিছিল।

ঘৰত আহি নিশাই দেখে যে ৰেকেটখন বৰ এটা ঠিক নহয়, সেয়েহে তেওঁ সেইখন ঘূৰাবলৈ যায়। দোকানখনত উপস্থিত হৈ নিশাই মোহিত কুমাৰক আংকল বুলি মাতে। সেই কথাত মোহিতৰ ইমানেই বেছি খং উঠে যে তেওঁ নিশাক নিৰ্মমভাৱে প্ৰহাৰ কৰে। এই প্ৰহাৰৰ ফলত নিশাই মূৰত গুৰুতৰ আঘাত পায়। তেওঁক উপস্থিত লোকসকলে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰায়। নিশাক অক্সিজেনো দিব লগা হৈছে।

এতিয়ালৈকে ভুক্তভোগীৰ পক্ষৰ দ্বাৰা কোনো লিখিত অভিযোগ দিয়া হোৱা নাই কিন্তু আৰক্ষীয়ে নিজৰ ফালৰ পৰা তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে মোহিত কুমাৰৰ বিৰুদ্ধে আইপিচি ধাৰা ৩৫৪ (মহিলাক আক্ৰমণ কৰা), ধাৰা ৩২৩ (স্বেচ্ছাই আঘাত কৰা) আৰু ধাৰা ৫০৬ (অপৰাধমূলক ভাবুকি)ৰ অধীনত গোচৰ ৰুজু কৰিছে। এই ঘটনা উত্তৰাখণ্ডৰ উধম সিং নগৰৰ। এই ঘটনাই সমগ্ৰ উত্তৰাখণ্ডতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰু পঢ়কঃ ৰাতি শোৱাৰ সময়ত ভুলতো নকৰিব এই কাম; নহ’লে হ’ব ভয়ংকৰ পৰিণাম!


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা