--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে আছে এক দু-সংবাদ ৷ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰতিটো ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰ বাবে এটিএমৰ পৰা উলিওৱাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মাহিলী বিনামূলীয়া উলিওৱাৰ সীমা শেষ হোৱাৰ পিছত এই বৰ্ধিত মাচুল তেওঁলোকে পৰিশোধ কৰিব লাগিব। আৰ.বি.আই.- জাৰি কৰা অধিসূচনা অনুসৰি, গ্ৰাহকসকলে বিনামূলীয়া টকা উলিওৱা সীমা পাৰ কৰাৰ পাছত এতিয়াৰ পৰা পূৰ্বতকৈ এটকা অধিক পৰিশোধ কৰিব লাগিব।

গ্ৰাহকসকলে ইতিমধ্যে তেওঁলোকৰ নিৰ্দিষ্ট বেংকৰ পৰা এছএমএছৰ জৰিয়তে এই জাননী প্ৰেৰণ কৰা হৈছে। নতুন এই প্ৰণালীত, গ্ৰাহকসকলে বিনামূলীয়া সীমা অতিক্ৰম কৰাৰ পিছত প্ৰতিবাৰ টকা উলিয়ালে ২০ টকাৰ পৰিৱৰ্তে ২১ টকা পৰিশোধ কৰিব লাগিব। আৰবিআইৰ তথ্য অনুসৰি ২০১৪ চনৰ আগষ্টৰ পিছপ পৰা এই মূল্য বৃদ্ধি কৰা হোৱা নাই। উচ্চ বিনিময় মাচুল আৰু মূল্যৰ সাধাৰণ গণনাৰ ক্ষেত্ৰত বেংকসমূহক সহায় কৰিবলৈ এই বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

গ্ৰাহকসকলে তেওঁলোকৰ বেংকৰ প্ৰথম পাঁচটা লেনদেনৰ পিছত এই ধন পৰিশোধ কৰিব লাগিব। গ্ৰাহকসকলে মেট্ৰ' চহৰত প্ৰতি মাহে তিনিবাৰ কৈ আৰু আন চহৰত পাঁচবাৰ কৈ আন বেংকৰ এটিএমৰ পৰা বিনামূলীয়াকৈ ধন উলিয়াব পাৰে। এই নতুন নিয়মটো ধন পুনৰ্ব্যৱহাৰকাৰী যন্ত্ৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। আৰবিআইয়ে এই নতুন নিয়মটো প্ৰস্তুত কৰিবলৈ ২০১৯ চনৰ আগষ্টতে এখন সমিতি গঠন কৰিছিল। এই সমিতিৰ সিদ্ধান্ত ভিত্তিত মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম