--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে আছে এক দু-সংবাদ ৷ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰতিটো ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰ বাবে এটিএমৰ পৰা উলিওৱাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মাহিলী বিনামূলীয়া উলিওৱাৰ সীমা শেষ হোৱাৰ পিছত এই বৰ্ধিত মাচুল তেওঁলোকে পৰিশোধ কৰিব লাগিব। আৰ.বি.আই.- জাৰি কৰা অধিসূচনা অনুসৰি, গ্ৰাহকসকলে বিনামূলীয়া টকা উলিওৱা সীমা পাৰ কৰাৰ পাছত এতিয়াৰ পৰা পূৰ্বতকৈ এটকা অধিক পৰিশোধ কৰিব লাগিব।

গ্ৰাহকসকলে ইতিমধ্যে তেওঁলোকৰ নিৰ্দিষ্ট বেংকৰ পৰা এছএমএছৰ জৰিয়তে এই জাননী প্ৰেৰণ কৰা হৈছে। নতুন এই প্ৰণালীত, গ্ৰাহকসকলে বিনামূলীয়া সীমা অতিক্ৰম কৰাৰ পিছত প্ৰতিবাৰ টকা উলিয়ালে ২০ টকাৰ পৰিৱৰ্তে ২১ টকা পৰিশোধ কৰিব লাগিব। আৰবিআইৰ তথ্য অনুসৰি ২০১৪ চনৰ আগষ্টৰ পিছপ পৰা এই মূল্য বৃদ্ধি কৰা হোৱা নাই। উচ্চ বিনিময় মাচুল আৰু মূল্যৰ সাধাৰণ গণনাৰ ক্ষেত্ৰত বেংকসমূহক সহায় কৰিবলৈ এই বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

গ্ৰাহকসকলে তেওঁলোকৰ বেংকৰ প্ৰথম পাঁচটা লেনদেনৰ পিছত এই ধন পৰিশোধ কৰিব লাগিব। গ্ৰাহকসকলে মেট্ৰ' চহৰত প্ৰতি মাহে তিনিবাৰ কৈ আৰু আন চহৰত পাঁচবাৰ কৈ আন বেংকৰ এটিএমৰ পৰা বিনামূলীয়াকৈ ধন উলিয়াব পাৰে। এই নতুন নিয়মটো ধন পুনৰ্ব্যৱহাৰকাৰী যন্ত্ৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। আৰবিআইয়ে এই নতুন নিয়মটো প্ৰস্তুত কৰিবলৈ ২০১৯ চনৰ আগষ্টতে এখন সমিতি গঠন কৰিছিল। এই সমিতিৰ সিদ্ধান্ত ভিত্তিত মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী