--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকৌতুক অভিনেতা কপিল শৰ্মাই এইবাৰ তেওঁৰ দ্বিতীয় খন ছবিৰ কামত হাত দিছে। কপিল শৰ্মাৰ নতুন ছবি Zwigato ৰ  পোষ্টাৰ মুকলি  কৰাৰ পিছতে দেশৰ চলচ্চিত্ৰপ্ৰেমীসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে। চলচ্চিত্ৰখনৰ পোষ্টাৰখনে মানুহৰ মনোযোগ আকৰ্ষণ কৰিছে।

টিভিৰ বিখ্যাত কৌতুক অভিনেতা কপিল শৰ্মাক মানুহে কেৱল  আনক হঁহুওৱা লোক হিচাবেই দেখি আহিছে। কিন্তু এইবাৰ কপিল শৰ্মাক দেখা যাব অন্য এক ৰূপত।ডেলিভাৰী বয়ৰ ৰূপত দেখা যাব কপিল শৰ্মাক।ছবি খনৰ শ্বুটিঙৰ বাবেই  কুছুদুন ধৰি কপিল সৰু পৰ্দাৰ পৰা আঁতৰি  আছিল ।  


কপিলে এতিয়া কৌতুকৰ পৃথিৱীৰ পৰা অলপ বাহিৰলৈ গৈ কীম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। এতিয়া তেওঁৰ দ্বিতীয় খন ছবি Zwigato পোষ্টাৰ মুকলি কৰা হৈছে।কপিল শৰ্মাই তেওঁৰ আহিবলগীয়া ছবি Zwigato ৰ পোষ্টাৰ বিভিন্ন মাধ্যমত শ্বেয়াৰ কৰিছে।  চলচ্চিত্ৰ নিৰ্মাতা নন্দিতা দাসৰ দ্বাৰা পৰিচালিত এই ছবিখনত শ্বাহনা গোস্বামীয়ে কপিলৰ  পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে।

 চলচ্চিত্ৰখনৰ এটা নতুন ক্লিপ অহা মাহৰ বিশ্ব প্ৰিমিয়াৰৰ আগতে ৪৭ সংখ্যক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব বুলি জানিব পৰা গৈছে। ইনষ্টাগ্ৰামত পোষ্টাৰখন শ্বেয়াৰ কৰি কপিলে লিখিছে, "Zwigato -এ  ৪৭ সংখ্যক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত কৰিব।" কপিলে তেওঁৰ কমেডি শ্ব' 'দ্য কপিল শৰ্মা শ্ব'ৰ পৰা বিৰতি লৈ উৰিষ্যাত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি