--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকৌতুক অভিনেতা কপিল শৰ্মাই এইবাৰ তেওঁৰ দ্বিতীয় খন ছবিৰ কামত হাত দিছে। কপিল শৰ্মাৰ নতুন ছবি Zwigato ৰ  পোষ্টাৰ মুকলি  কৰাৰ পিছতে দেশৰ চলচ্চিত্ৰপ্ৰেমীসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে। চলচ্চিত্ৰখনৰ পোষ্টাৰখনে মানুহৰ মনোযোগ আকৰ্ষণ কৰিছে।

টিভিৰ বিখ্যাত কৌতুক অভিনেতা কপিল শৰ্মাক মানুহে কেৱল  আনক হঁহুওৱা লোক হিচাবেই দেখি আহিছে। কিন্তু এইবাৰ কপিল শৰ্মাক দেখা যাব অন্য এক ৰূপত।ডেলিভাৰী বয়ৰ ৰূপত দেখা যাব কপিল শৰ্মাক।ছবি খনৰ শ্বুটিঙৰ বাবেই  কুছুদুন ধৰি কপিল সৰু পৰ্দাৰ পৰা আঁতৰি  আছিল ।  


কপিলে এতিয়া কৌতুকৰ পৃথিৱীৰ পৰা অলপ বাহিৰলৈ গৈ কীম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। এতিয়া তেওঁৰ দ্বিতীয় খন ছবি Zwigato পোষ্টাৰ মুকলি কৰা হৈছে।কপিল শৰ্মাই তেওঁৰ আহিবলগীয়া ছবি Zwigato ৰ পোষ্টাৰ বিভিন্ন মাধ্যমত শ্বেয়াৰ কৰিছে।  চলচ্চিত্ৰ নিৰ্মাতা নন্দিতা দাসৰ দ্বাৰা পৰিচালিত এই ছবিখনত শ্বাহনা গোস্বামীয়ে কপিলৰ  পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে।

 চলচ্চিত্ৰখনৰ এটা নতুন ক্লিপ অহা মাহৰ বিশ্ব প্ৰিমিয়াৰৰ আগতে ৪৭ সংখ্যক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব বুলি জানিব পৰা গৈছে। ইনষ্টাগ্ৰামত পোষ্টাৰখন শ্বেয়াৰ কৰি কপিলে লিখিছে, "Zwigato -এ  ৪৭ সংখ্যক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত কৰিব।" কপিলে তেওঁৰ কমেডি শ্ব' 'দ্য কপিল শৰ্মা শ্ব'ৰ পৰা বিৰতি লৈ উৰিষ্যাত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?