--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বক্স অফিচত আমিৰ খানৰ ছবি ‘লাল সিং চদ্দা’ৰ অৱস্থা অতি বেয়া। ছবিখনৰ ট্ৰেইলাৰ ওলোৱাৰ পিছত ছ’চিয়েল মিডিয়াত ইয়াৰ বৰ্জন আৰম্ভ হয়, যিয়ে ছবিখনৰ উপাৰ্জনত ইয়াৰ প্ৰভাৱ পেলায়। উপাৰ্জনৰ ক্ষেত্ৰত আমিৰ খানৰ এই ছবিখন এক দুৰ্যোগ বুলি প্ৰমাণিত হৈছে। ৭ দিনৰ ভিতৰত ‘লাল সিং চদ্দা’ৰ উপাৰ্জন হৈছে ৪৯.২৫ কোটি টকা। 

শেহতীয়াকৈ এই ক্ষেত্ৰত মুখ খুলিছে পঞ্জাবী গায়ক তথা অভিনেতা গিপ্পী গ্ৰেৱালে। গিপ্পীয়ে কয় যে আমিৰ খানৰ কিছুমান ভুলৰ কাৰণে লাল সিং চদ্দা ফ্লপ হয়। তেওঁ ছবিখনত আমিৰে কোৱা পঞ্জাবী ভাষা আৰু তাৰ সুৰ সম্পৰ্কেও কথা কয়। গিপ্পীয়ে গ্ৰেৱালে কয়, ‘আমিৰ খানৰ পঞ্জাবী ভাষা কোৱা সুৰক বহুত সমালোচনা কৰা হৈছে। সেই কথাত মই একমত। আমিৰৰ পঞ্জাবী উচ্চাৰণ ভাল লগা নাই। কিন্তু যেতিয়া আমি ছবিখনৰ সংলাপৰ কাম কৰি আছিলো, তেতিয়া আমাৰ হাতত আছিল সঠিক শৈলী আৰু শব্দৰ সুৰ। কিন্তু সেয়া ব্যৱহাৰ কৰা নহ'ল।

গিপ্পী গ্ৰেৱালে কয় যে তেওঁ আৰু তেওঁৰ দলটোৱে ‘লাল সিং চদ্দা’ৰ সংলাপ লিখাত সহায় কৰিছিল। অভিনেতা-লেখক ৰাণা ৰণবীৰৰ সৈতে ‘লাল সিং চদ্দা’ৰ পঞ্জাবী সংলাপসমূহ তেওঁ সহ-ৰচনা কৰিছিল। আমি কৈছিলো যে আমিৰৰ পঞ্জাবী ভাষাৰ উচ্চাৰণ ঠিক হোৱা নাই আৰু সেই অংশবোৰ পুনৰ ডাব কৰা উচিত। তেওঁলোকে মান্তি হৈছিল কিন্তু কাৰ্যত একো সলনি নহ’ল। হয়তো তেওঁলোকে ভাবিছিল যে হয়তো চৰিত্ৰটোৰ বাবে এয়া নিখুঁত। কিন্তু তাত  পঞ্জাবী কথা কোৱাৰ সুৰ সামান্য বিচ্ছিন্ন হৈ পৰিছে।'

‘লাল সিং চদ্দা’ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ সময়ত আমিৰ খানৰ পঞ্জাবী উচ্চাৰণক লৈ বহুতো লোকে ঠাট্টা-মস্কৰা কৰিছিল। পঞ্জাবী অভিনেত্ৰী সৰগুণ মেহতাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অভিনেতাগৰাকীয়ে অলপ ভাল কাম কৰিব পাৰিলেহেঁতেন। তাৰপাছত আমিৰ খানে এটা সাক্ষাৎকাৰত ইয়াৰ উত্তৰত কৈছিল যে ''মানুহে ছবিখন চোৱাৰ পিছত এনেবোৰ কথা বিচাৰ কৰিব লাগে, কেৱলমাত্ৰ ২ মিনিটৰ ট্ৰেইলাৰটো চাই নহয়।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি