--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বক্স অফিচত আমিৰ খানৰ ছবি ‘লাল সিং চদ্দা’ৰ অৱস্থা অতি বেয়া। ছবিখনৰ ট্ৰেইলাৰ ওলোৱাৰ পিছত ছ’চিয়েল মিডিয়াত ইয়াৰ বৰ্জন আৰম্ভ হয়, যিয়ে ছবিখনৰ উপাৰ্জনত ইয়াৰ প্ৰভাৱ পেলায়। উপাৰ্জনৰ ক্ষেত্ৰত আমিৰ খানৰ এই ছবিখন এক দুৰ্যোগ বুলি প্ৰমাণিত হৈছে। ৭ দিনৰ ভিতৰত ‘লাল সিং চদ্দা’ৰ উপাৰ্জন হৈছে ৪৯.২৫ কোটি টকা। 

শেহতীয়াকৈ এই ক্ষেত্ৰত মুখ খুলিছে পঞ্জাবী গায়ক তথা অভিনেতা গিপ্পী গ্ৰেৱালে। গিপ্পীয়ে কয় যে আমিৰ খানৰ কিছুমান ভুলৰ কাৰণে লাল সিং চদ্দা ফ্লপ হয়। তেওঁ ছবিখনত আমিৰে কোৱা পঞ্জাবী ভাষা আৰু তাৰ সুৰ সম্পৰ্কেও কথা কয়। গিপ্পীয়ে গ্ৰেৱালে কয়, ‘আমিৰ খানৰ পঞ্জাবী ভাষা কোৱা সুৰক বহুত সমালোচনা কৰা হৈছে। সেই কথাত মই একমত। আমিৰৰ পঞ্জাবী উচ্চাৰণ ভাল লগা নাই। কিন্তু যেতিয়া আমি ছবিখনৰ সংলাপৰ কাম কৰি আছিলো, তেতিয়া আমাৰ হাতত আছিল সঠিক শৈলী আৰু শব্দৰ সুৰ। কিন্তু সেয়া ব্যৱহাৰ কৰা নহ'ল।

গিপ্পী গ্ৰেৱালে কয় যে তেওঁ আৰু তেওঁৰ দলটোৱে ‘লাল সিং চদ্দা’ৰ সংলাপ লিখাত সহায় কৰিছিল। অভিনেতা-লেখক ৰাণা ৰণবীৰৰ সৈতে ‘লাল সিং চদ্দা’ৰ পঞ্জাবী সংলাপসমূহ তেওঁ সহ-ৰচনা কৰিছিল। আমি কৈছিলো যে আমিৰৰ পঞ্জাবী ভাষাৰ উচ্চাৰণ ঠিক হোৱা নাই আৰু সেই অংশবোৰ পুনৰ ডাব কৰা উচিত। তেওঁলোকে মান্তি হৈছিল কিন্তু কাৰ্যত একো সলনি নহ’ল। হয়তো তেওঁলোকে ভাবিছিল যে হয়তো চৰিত্ৰটোৰ বাবে এয়া নিখুঁত। কিন্তু তাত  পঞ্জাবী কথা কোৱাৰ সুৰ সামান্য বিচ্ছিন্ন হৈ পৰিছে।'

‘লাল সিং চদ্দা’ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ সময়ত আমিৰ খানৰ পঞ্জাবী উচ্চাৰণক লৈ বহুতো লোকে ঠাট্টা-মস্কৰা কৰিছিল। পঞ্জাবী অভিনেত্ৰী সৰগুণ মেহতাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অভিনেতাগৰাকীয়ে অলপ ভাল কাম কৰিব পাৰিলেহেঁতেন। তাৰপাছত আমিৰ খানে এটা সাক্ষাৎকাৰত ইয়াৰ উত্তৰত কৈছিল যে ''মানুহে ছবিখন চোৱাৰ পিছত এনেবোৰ কথা বিচাৰ কৰিব লাগে, কেৱলমাত্ৰ ২ মিনিটৰ ট্ৰেইলাৰটো চাই নহয়।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী