--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহে ঘড়ীৰ প্ৰতি বৰ আকৰ্ষণ অনুভৱ কৰে। ঘড়ীক বৰ্তমান বিলাসী বস্তু হিচাপে দেখা যায়। হীৰা, মুকুতা আৰু সোণ-ৰূপেৰে নিৰ্মিত ঘড়ীত মানুহে লাখ-কোটি টকা খৰচ কৰে। শেহতীয়াকৈ এটা অতি পুৰণি ঘড়ীৰ দাম উঠিছে ১ কোটি ৪৭ লাখ টকাতকৈও অধিক। ৰলেক্স ঘড়ীৰ নিলামত এই অভাৱনীয় দৰ উঠা দেখিবলৈ পোৱা গৈছে।আচলতে এই ঘড়ীটোৱে ইতিহাসৰ কিছুমান স্মৰণীয় মুহূৰ্ত বহন কৰি আছে। এই ঘড়ীটো নিউয়ৰ্কত Christie's য়ে আয়োজন কৰা নিলামত দিয়া হৈছে। 

এই ঘড়ীটো নাজী যুদ্ধ শিবিৰৰ 'গ্ৰেট এস্কেপ'ৰ সময়ত এজন ব্ৰিটিছ বন্দীয়ে পিন্ধিছিল। তেওঁৰ নাম আছিল জেৰাল্ড এমছন। ১৯৪৪ চনত জেৰাল্ড এমছন মিত্ৰশক্তিৰ সৈন্যৰ এটা দলৰ অংশ আছিল যিয়ে ষ্টেলাগ লুফ্ট তৃতীয় বন্দী শিবিৰৰ পৰা পলায়ন কৰাৰ দৰে সাহসী কাম কৰিছিল। ৱেবচাইট WION ৰ খবৰ অনুসৰি এই নিলামত এই Rolex ঘড়ীৰ দাম আছিল ১ লাখ ৮৯ হাজাৰ মাৰ্কিন ডলাৰ অৰ্থাৎ ১ কোটি ৪৭ লাখ ৬৫ হাজাৰ ৭৮৫ টকা। ব্ৰিটিছ নিলাম প্ৰতিষ্ঠান ক্ৰীষ্টিজৰ মতে এমছনে ছুইজাৰলেণ্ডৰ ৰলেক্সৰ পৰা এই ঘড়ীটোৰ অৰ্ডাৰ দিছিল। 

ৰলেক্সে ৰেড ক্ৰছৰ জৰিয়তে বৰ্তমানৰ পোলেণ্ডৰ জাগান চহৰৰ ওচৰৰ এটা কাৰাগাৰৰ শিবিৰলৈ এই চিকচিকিয়া ক’লা ডায়েলযুক্ত ষ্টীলৰ ঘড়ীটো জেৰাল্ড এমছনৰ বাবে পঠিয়াইছিল। স্বাধীনতাৰ বাবে তেওঁৰ পৰিকল্পনা আৰু কাৰ্য্যকৰীকৰণত এই ঘড়ীটোৱে যথেষ্ট সহায় কৰিছিল। নিলাম গৃহটোৱে জনোৱা মতে ঘড়ীটোৱে বন্দীসকলে সুৰংগবোৰৰ মাজেৰে খোজ কাঢ়ি যোৱাৰ বাবে প্ৰয়োজনীয় সময় জনোৱাৰ লগতে শিবিৰৰ প্ৰহৰীৰ টহলদাৰী সময় কেতিয়া সেয়া জনাই আছিল। পলাতক অৱস্থাতো এমছনে পিন্ধিছিল এই ঘড়ীটো।

২০০৩ চনত ৮৫ বছৰ বয়সত (মৃত্যুলৈকে) এই ঘড়ীটো তেওঁৰ লগত ৰাখিছিল। এই ঘড়ী পিন্ধা জোৱানজনৰ ওপৰত এখন হলিউডৰ ছবিও নিৰ্মাণ কৰা হৈছে। অভিনেতা ষ্টিভ মেককুইনে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন ১৯৬৩ চনৰ ছবিত মুক্তি পাইছিল। ছবিখনতো ষ্টিভ মেককুইনক ৰলেক্স ঘড়ী পিন্ধি দেখুওৱা হৈছিল,যিটো নিলাম কৰা ঘড়ীটোৰ সৈতে একে আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস