--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহে ঘড়ীৰ প্ৰতি বৰ আকৰ্ষণ অনুভৱ কৰে। ঘড়ীক বৰ্তমান বিলাসী বস্তু হিচাপে দেখা যায়। হীৰা, মুকুতা আৰু সোণ-ৰূপেৰে নিৰ্মিত ঘড়ীত মানুহে লাখ-কোটি টকা খৰচ কৰে। শেহতীয়াকৈ এটা অতি পুৰণি ঘড়ীৰ দাম উঠিছে ১ কোটি ৪৭ লাখ টকাতকৈও অধিক। ৰলেক্স ঘড়ীৰ নিলামত এই অভাৱনীয় দৰ উঠা দেখিবলৈ পোৱা গৈছে।আচলতে এই ঘড়ীটোৱে ইতিহাসৰ কিছুমান স্মৰণীয় মুহূৰ্ত বহন কৰি আছে। এই ঘড়ীটো নিউয়ৰ্কত Christie's য়ে আয়োজন কৰা নিলামত দিয়া হৈছে। 

এই ঘড়ীটো নাজী যুদ্ধ শিবিৰৰ 'গ্ৰেট এস্কেপ'ৰ সময়ত এজন ব্ৰিটিছ বন্দীয়ে পিন্ধিছিল। তেওঁৰ নাম আছিল জেৰাল্ড এমছন। ১৯৪৪ চনত জেৰাল্ড এমছন মিত্ৰশক্তিৰ সৈন্যৰ এটা দলৰ অংশ আছিল যিয়ে ষ্টেলাগ লুফ্ট তৃতীয় বন্দী শিবিৰৰ পৰা পলায়ন কৰাৰ দৰে সাহসী কাম কৰিছিল। ৱেবচাইট WION ৰ খবৰ অনুসৰি এই নিলামত এই Rolex ঘড়ীৰ দাম আছিল ১ লাখ ৮৯ হাজাৰ মাৰ্কিন ডলাৰ অৰ্থাৎ ১ কোটি ৪৭ লাখ ৬৫ হাজাৰ ৭৮৫ টকা। ব্ৰিটিছ নিলাম প্ৰতিষ্ঠান ক্ৰীষ্টিজৰ মতে এমছনে ছুইজাৰলেণ্ডৰ ৰলেক্সৰ পৰা এই ঘড়ীটোৰ অৰ্ডাৰ দিছিল। 

ৰলেক্সে ৰেড ক্ৰছৰ জৰিয়তে বৰ্তমানৰ পোলেণ্ডৰ জাগান চহৰৰ ওচৰৰ এটা কাৰাগাৰৰ শিবিৰলৈ এই চিকচিকিয়া ক’লা ডায়েলযুক্ত ষ্টীলৰ ঘড়ীটো জেৰাল্ড এমছনৰ বাবে পঠিয়াইছিল। স্বাধীনতাৰ বাবে তেওঁৰ পৰিকল্পনা আৰু কাৰ্য্যকৰীকৰণত এই ঘড়ীটোৱে যথেষ্ট সহায় কৰিছিল। নিলাম গৃহটোৱে জনোৱা মতে ঘড়ীটোৱে বন্দীসকলে সুৰংগবোৰৰ মাজেৰে খোজ কাঢ়ি যোৱাৰ বাবে প্ৰয়োজনীয় সময় জনোৱাৰ লগতে শিবিৰৰ প্ৰহৰীৰ টহলদাৰী সময় কেতিয়া সেয়া জনাই আছিল। পলাতক অৱস্থাতো এমছনে পিন্ধিছিল এই ঘড়ীটো।

২০০৩ চনত ৮৫ বছৰ বয়সত (মৃত্যুলৈকে) এই ঘড়ীটো তেওঁৰ লগত ৰাখিছিল। এই ঘড়ী পিন্ধা জোৱানজনৰ ওপৰত এখন হলিউডৰ ছবিও নিৰ্মাণ কৰা হৈছে। অভিনেতা ষ্টিভ মেককুইনে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন ১৯৬৩ চনৰ ছবিত মুক্তি পাইছিল। ছবিখনতো ষ্টিভ মেককুইনক ৰলেক্স ঘড়ী পিন্ধি দেখুওৱা হৈছিল,যিটো নিলাম কৰা ঘড়ীটোৰ সৈতে একে আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস