--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক :  বিজেপিৰ নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাই জ্বলোৱা জুইকুৰাৰ উত্তাপ অলপো কম হোৱা দেখিবলৈ পোৱা হোৱা নাই। হজৰত মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ নিলম্বিত নেত্ৰীগৰাকীৰ ভাষ্যক লৈ দেশে বিদেশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নূপুৰ শৰ্মাৰ মন্তব্যৰ প্ৰতিবাদ আদি দেশৰ কেইবাখনো প্ৰধান চহৰত হাজাৰ হাজাৰ ইছলামধৰ্মী লোকে একত্ৰিত প্ৰতিবাদ কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু প্ৰতিবাদ কেৱল ভাৰততে সীমাবদ্ধ হৈ থকা নাই। আৰৱ বিশ্বৰ বিভিন্ন দেশৰ লগতে আনকি পাকিস্তান, মালয়েছিয়ায়ো ভাৰতৰ বিৰুদ্ধে বিষোদগাৰ কৰাৰ পাছত এইবাৰ এই তালিকাত চামিল হৈছে বাংলাদেশ।

বাংলাদেশত শুকুৰবাৰে নামাজৰ পাছত সহস্ৰাধিক লোকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি নেত্ৰীগৰাকীৰ মন্তব্যৰ বিৰুদ্ধে। টিভি শ্ব’ত হজৰত মহম্মদ সম্পৰ্কে তীব্ৰ বিতৰ্কৰ সূ্ত্ৰপাত ঘটোৱা নূপুৰ শৰ্মাৰ লগতে ভাৰতৰ বিৰুদ্ধেও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। বাংলাদেশৰ ৰাজধানী মহানহৰ ঢাকাৰ ডাউন টাউনত থকা বাইতুল মুকাৰাম মছজিদত নামাজ পঢ়ি উঠি সহ্স্ৰ লোকে প্ৰতিবাদী সমদল উলিয়ায়। তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধেও বিভিন্ন শ্লোগান দিয়ে। কেৱল এয়াই নহয় ১৬ জুনত ঢাকাত থকা ভাৰতীয় দূতাবাস ঘেৰাও কৰাৰ আহ্বান জনোৱা হৈছে।

প্ৰতিবাদকাৰীসকলে ভাৰতীয় সামগ্ৰী আৰু ভাৰতক বৰ্জন কৰাৰো আহ্বান জনাইছে। এই প্ৰতিবাদী কাৰ্যসূচীত জমিয়ত উলেমা বাংলাদেশ, খেলাফত মজলিছ, ইছলাম ঐক্যজোঁট আদিয়ে ভাগ লয়। ঢাকা মেট্ৰোপলিটান আৰক্ষীয়ে প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় মছজিদ আৰু পল্টন এলেকাত তীব্ৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ব্যাপক হাৰত নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে।

ইফালে, মতিঝিল আৰক্ষীৰ উপ আয়ুক্ত আব্দুল আহাদে মন্তব্য কৰিছে যে, এই প্ৰতিবাদী কাৰ্যসূচীৰ গুৰি ধৰা ইছলামিক মুভমেণ্টে কোনো আগতীয়া অনুমতি লোৱা নাছিল। তথাপি প্ৰতিবাৰদৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, কেৱল ঢাকাতে নহয়, দেশখনৰ কেইবাখনো জিলাত ভাৰতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ দৰে পদক্ষেপো গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস