--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক :  বিজেপিৰ নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাই জ্বলোৱা জুইকুৰাৰ উত্তাপ অলপো কম হোৱা দেখিবলৈ পোৱা হোৱা নাই। হজৰত মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ নিলম্বিত নেত্ৰীগৰাকীৰ ভাষ্যক লৈ দেশে বিদেশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নূপুৰ শৰ্মাৰ মন্তব্যৰ প্ৰতিবাদ আদি দেশৰ কেইবাখনো প্ৰধান চহৰত হাজাৰ হাজাৰ ইছলামধৰ্মী লোকে একত্ৰিত প্ৰতিবাদ কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু প্ৰতিবাদ কেৱল ভাৰততে সীমাবদ্ধ হৈ থকা নাই। আৰৱ বিশ্বৰ বিভিন্ন দেশৰ লগতে আনকি পাকিস্তান, মালয়েছিয়ায়ো ভাৰতৰ বিৰুদ্ধে বিষোদগাৰ কৰাৰ পাছত এইবাৰ এই তালিকাত চামিল হৈছে বাংলাদেশ।

বাংলাদেশত শুকুৰবাৰে নামাজৰ পাছত সহস্ৰাধিক লোকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি নেত্ৰীগৰাকীৰ মন্তব্যৰ বিৰুদ্ধে। টিভি শ্বত হজৰত মহম্মদ সম্পৰ্কে তীব্ৰ বিতৰ্কৰ সূ্ত্ৰপাত ঘটোৱা নূপুৰ শৰ্মাৰ লগতে ভাৰতৰ বিৰুদ্ধেও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। বাংলাদেশৰ ৰাজধানী মহানহৰ ঢাকাৰ ডাউন টাউনত থকা বাইতুল মুকাৰাম মছজিদত নামাজ পঢ়ি উঠি সহ্স্ৰ লোকে প্ৰতিবাদী সমদল উলিয়ায়। তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধেও বিভিন্ন শ্লোগান দিয়ে। কেৱল এয়াই নহয় ১৬ জুনত ঢাকাত থকা ভাৰতীয় দূতাবাস ঘেৰাও কৰাৰ আহ্বান জনোৱা হৈছে।

প্ৰতিবাদকাৰীসকলে ভাৰতীয় সামগ্ৰী আৰু ভাৰতক বৰ্জন কৰাৰো আহ্বান জনাইছে। এই প্ৰতিবাদী কাৰ্যসূচীত জমিয়ত উলেমা বাংলাদেশ, খেলাফত মজলিছ, ইছলাম ঐক্যজোঁট আদিয়ে ভাগ লয়। ঢাকা মেট্ৰোপলিটান আৰক্ষীয়ে প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় মছজিদ আৰু পল্টন এলেকাত তীব্ৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ব্যাপক হাৰত নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে।

ইফালে, মতিঝিল আৰক্ষীৰ উপ আয়ুক্ত আব্দুল আহাদে মন্তব্য কৰিছে যে, এই প্ৰতিবাদী কাৰ্যসূচীৰ গুৰি ধৰা ইছলামিক মুভমেণ্টে কোনো আগতীয়া অনুমতি লোৱা নাছিল। তথাপি প্ৰতিবাৰদৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, কেৱল ঢাকাতে নহয়, দেশখনৰ কেইবাখনো জিলাত ভাৰতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ দৰে পদক্ষেপো গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল