--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনৰ জোৰ থাকিলে বয়স কোনো কামতে বাধা হ’ব নোৱাৰে৷ সেই কথা পুনৰ বাৰ প্ৰমাণ কৰি দিলে এগৰাকী আইতাই৷ ইটালীৰ এইগৰাকী আইতাৰ বয়স ১০০৷ ১০০ বছৰ বয়সতো তেওঁ ভালপায় গাড়ী চলায়৷ আইতাৰ ইচ্ছাৰ প্ৰতি সন্মান জনায়েই ইটালীৰ চৰকাৰে তেওঁৰ ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ কৰি দিছে৷

ইটালীত ১০০ বছৰ বয়সতো গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ পোৱা এইগৰাকী আইতাই প্ৰথম নহয়৷ চলিতবৰ্ষত দেশ খনৰ আন দুগৰাকী আইতাকো গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে৷  

ভিচেঞ্জাৰ এখন ড্ৰাইভিং স্কুলত চকুৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কেণ্ডিডা উডাৰ্জোক গাড়ী চলোৱাৰ নতুন অনুজ্ঞাপত্ৰ দিয়া হৈছে। চৰকাৰৰ সিদ্ধান্তত সুখী হৈ পৰা ১০০ বছৰীয়া আইতা কেণ্ডিডাই কয়" এই নৱীকৰণে মোক সুখী কৰিছে আৰু মই অলপ মুক্ত অনুভৱ কৰিছো"৷

তেওঁ লগতে কয় "মই ভাগ্যৱান, মোৰ বয়স ১০০ বছৰ, আৰু ইমান স্বাস্থ্যৱান হৈ থাকিব পৰাটো মোৰ বাবেও আচৰিত। মই কেতিয়াও টেবলেট গ্ৰহণ নকৰোঁ, কেৱল  টোপনিৰ বড়ি মাজে মাজে খাওঁ।"

 আইতাৰ দৃষ্টিশক্তি ইমানেই ভাল যে তেওঁ চশমা নোহোৱাকৈ বাতৰি কাকত পঢ়িব পাৰে। ইটালীত এনে শতবাৰ্ষিকী গৰকা লোক ইউৰোপৰ ভিতৰতে সৰ্বাধিক আছে৷

দেশ খনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা সংস্থা ইষ্টাটে মে' মাহৰ আৰম্ভণিতে প্ৰকাশ কৰা তথ্য অনুসৰি, ইটালীত ২০,৪৫৬ গৰাকী  শতবৰ্ষীয় লোকে বাস কৰে,  দেশ খনত ৮০ বছৰৰ অধিক বয়সৰ লোকৰ বাবে গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ প্ৰতি দুবছৰত নৱীকৰণ কৰা হয়৷  ইয়াৰ বাবে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ বুলি চিকিৎসকে প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল