--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনৰ জোৰ থাকিলে বয়স কোনো কামতে বাধা হ’ব নোৱাৰে৷ সেই কথা পুনৰ বাৰ প্ৰমাণ কৰি দিলে এগৰাকী আইতাই৷ ইটালীৰ এইগৰাকী আইতাৰ বয়স ১০০৷ ১০০ বছৰ বয়সতো তেওঁ ভালপায় গাড়ী চলায়৷ আইতাৰ ইচ্ছাৰ প্ৰতি সন্মান জনায়েই ইটালীৰ চৰকাৰে তেওঁৰ ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ কৰি দিছে৷

ইটালীত ১০০ বছৰ বয়সতো গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ পোৱা এইগৰাকী আইতাই প্ৰথম নহয়৷ চলিতবৰ্ষত দেশ খনৰ আন দুগৰাকী আইতাকো গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে৷  

ভিচেঞ্জাৰ এখন ড্ৰাইভিং স্কুলত চকুৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কেণ্ডিডা উডাৰ্জোক গাড়ী চলোৱাৰ নতুন অনুজ্ঞাপত্ৰ দিয়া হৈছে। চৰকাৰৰ সিদ্ধান্তত সুখী হৈ পৰা ১০০ বছৰীয়া আইতা কেণ্ডিডাই কয়" এই নৱীকৰণে মোক সুখী কৰিছে আৰু মই অলপ মুক্ত অনুভৱ কৰিছো"৷

তেওঁ লগতে কয় "মই ভাগ্যৱান, মোৰ বয়স ১০০ বছৰ, আৰু ইমান স্বাস্থ্যৱান হৈ থাকিব পৰাটো মোৰ বাবেও আচৰিত। মই কেতিয়াও টেবলেট গ্ৰহণ নকৰোঁ, কেৱল  টোপনিৰ বড়ি মাজে মাজে খাওঁ।"

 আইতাৰ দৃষ্টিশক্তি ইমানেই ভাল যে তেওঁ চশমা নোহোৱাকৈ বাতৰি কাকত পঢ়িব পাৰে। ইটালীত এনে শতবাৰ্ষিকী গৰকা লোক ইউৰোপৰ ভিতৰতে সৰ্বাধিক আছে৷

দেশ খনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা সংস্থা ইষ্টাটে মে' মাহৰ আৰম্ভণিতে প্ৰকাশ কৰা তথ্য অনুসৰি, ইটালীত ২০,৪৫৬ গৰাকী  শতবৰ্ষীয় লোকে বাস কৰে,  দেশ খনত ৮০ বছৰৰ অধিক বয়সৰ লোকৰ বাবে গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ প্ৰতি দুবছৰত নৱীকৰণ কৰা হয়৷  ইয়াৰ বাবে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ বুলি চিকিৎসকে প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
অসমৰ লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ সন্ধান
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ