--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ধৈৰ্য আৰু অধ্যৱসায়ে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ শক্তি দিয়ে৷ সেই শক্তিৰেই সফলতা লাভ কৰিলে বেংগালুৰুৰ এজন যুৱকে৷  বাৰে-বাৰে বিফল হৈছিল তেওঁ । কিন্তু বেংগালুৰুৰ এডভিন ৰয় নেটোৱে চেষ্টা এৰি দিয়া নাছিল। সেই নেৰা-নেপেৰা চেষ্টাই সফলতাৰ ৰূপ পালে বাৰ বছৰৰ পিছত৷ আৰু তেওঁ নিযুক্তি লাভ কৰিলে   'সপোনৰ কোম্পানী' গুগলত৷ 
 
এডভিন পেছাত এজন ডিজিটেল ডিজাইনাৰ৷  এডভিনে ২০০৭  চনত এনিমেচন আৰু গ্ৰাফিক ডিজাইনিংত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০০৮  চনৰ পৰা, তেওঁ এটা স্থানীয় কোম্পানীত ৱেব ডিজাইনাৰ হিচাপে কাম কৰা আৰম্ভ কৰে। তাত প্ৰায় ডেৰ বছৰৰ অভিজ্ঞতাৰ বাবে কাম কৰাৰ পিছত, তেওঁ গুগলত চাকৰিৰ বাবে আবেদন কৰিছিল। কিন্তু তেওঁৰ আবেদন নাকচ কৰা হৈছিল। এনেদৰে, ১০ বাৰ আবেদন কৰাৰ পিছত,  অৱশেষত তেওঁলৈ ফোন আহিল গুগলৰ পৰা৷ 
 
গুগলত চাকৰি পোৱাতকৈ হয়তো বেছি প্ৰশংসা কৰিব লাগিব  এডভিনৰ ধৈৰ্য আৰু অধ্যৱসায়ক৷  গুগলত চাকৰি পোৱাৰ ভাল খবৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে, এডভিনে তেওঁৰ সফলতাৰ মন্ত্ৰও ভাগ বতৰা কৰে। "প্ৰতি বছৰে, মই দেখিছিলো যে মোৰ আবেদন নাকচ কৰা হৈছে। কিন্তু মোৰ মনোবল নোহোৱাকৈ, মই ক'ত ভুল কৰি আছোঁ জানিবলৈ চেষ্টা কৰিছিলো। মই সেই ভুলবোৰ সংশোধন কৰিবলৈ চেষ্টা কৰি আছিলো। " এনেদৰেই নিজৰ সফলতাৰ আঁৰৰ কথাবোৰ সকলোকে জনাইছিল এডভিনে৷ 

উল্লেখযোগ্য যে এই চাকৰিৰ বাবে এক লক্ষাধিক মানুহে আবেদন কৰিছিল৷ ইয়াৰে ১৪৪ জনকহে নিৰ্বাচিত কৰা হৈছিল৷ এই ১৪৪ জনৰ ভিতৰত এডভিনৰ নামো আছিল৷ ধৈৰ্যৰ ফল যে মিঠা সেইয়া এডভিনৰ ক্ষেত্ৰত পুনৰবাৰ প্ৰমাণ হ’ল৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস