--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ধৈৰ্য আৰু অধ্যৱসায়ে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ শক্তি দিয়ে৷ সেই শক্তিৰেই সফলতা লাভ কৰিলে বেংগালুৰুৰ এজন যুৱকে৷  বাৰে-বাৰে বিফল হৈছিল তেওঁ । কিন্তু বেংগালুৰুৰ এডভিন ৰয় নেটোৱে চেষ্টা এৰি দিয়া নাছিল। সেই নেৰা-নেপেৰা চেষ্টাই সফলতাৰ ৰূপ পালে বাৰ বছৰৰ পিছত৷ আৰু তেওঁ নিযুক্তি লাভ কৰিলে   'সপোনৰ কোম্পানী' গুগলত৷ 
 
এডভিন পেছাত এজন ডিজিটেল ডিজাইনাৰ৷  এডভিনে ২০০৭  চনত এনিমেচন আৰু গ্ৰাফিক ডিজাইনিংত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০০৮  চনৰ পৰা, তেওঁ এটা স্থানীয় কোম্পানীত ৱেব ডিজাইনাৰ হিচাপে কাম কৰা আৰম্ভ কৰে। তাত প্ৰায় ডেৰ বছৰৰ অভিজ্ঞতাৰ বাবে কাম কৰাৰ পিছত, তেওঁ গুগলত চাকৰিৰ বাবে আবেদন কৰিছিল। কিন্তু তেওঁৰ আবেদন নাকচ কৰা হৈছিল। এনেদৰে, ১০ বাৰ আবেদন কৰাৰ পিছত,  অৱশেষত তেওঁলৈ ফোন আহিল গুগলৰ পৰা৷ 
 
গুগলত চাকৰি পোৱাতকৈ হয়তো বেছি প্ৰশংসা কৰিব লাগিব  এডভিনৰ ধৈৰ্য আৰু অধ্যৱসায়ক৷  গুগলত চাকৰি পোৱাৰ ভাল খবৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে, এডভিনে তেওঁৰ সফলতাৰ মন্ত্ৰও ভাগ বতৰা কৰে। "প্ৰতি বছৰে, মই দেখিছিলো যে মোৰ আবেদন নাকচ কৰা হৈছে। কিন্তু মোৰ মনোবল নোহোৱাকৈ, মই ক'ত ভুল কৰি আছোঁ জানিবলৈ চেষ্টা কৰিছিলো। মই সেই ভুলবোৰ সংশোধন কৰিবলৈ চেষ্টা কৰি আছিলো। " এনেদৰেই নিজৰ সফলতাৰ আঁৰৰ কথাবোৰ সকলোকে জনাইছিল এডভিনে৷ 

উল্লেখযোগ্য যে এই চাকৰিৰ বাবে এক লক্ষাধিক মানুহে আবেদন কৰিছিল৷ ইয়াৰে ১৪৪ জনকহে নিৰ্বাচিত কৰা হৈছিল৷ এই ১৪৪ জনৰ ভিতৰত এডভিনৰ নামো আছিল৷ ধৈৰ্যৰ ফল যে মিঠা সেইয়া এডভিনৰ ক্ষেত্ৰত পুনৰবাৰ প্ৰমাণ হ’ল৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক