--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আৰক্ষীয়ে অব্যাহত ৰাখিছে দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্ত । ছটাৰপুৰৰ আফতাবৰ ফ্লেটত ফৰেণছিকৰ দলে চলাইছে অভিযান। আফতাবৰ পাকঘৰত তেজৰ চেকুৰা উদ্ধাৰ কৰিছে ফৰেণছিকৰ দলে। তদুপৰি আফতাবৰ শোৱনী কোঠাটো ফৰেণছিকৰ  অভিযান চলোৱা হৈছে। তথ্য অনুসৰি বিচনাত ডিঙি চেপি শ্ৰদ্ধাক হত্যা কৰিছিল আফতাবে।

তদন্তত পোহৰলৈ আহিছে যে শ্ৰদ্ধাক হত্যা কৰাৰ পাছতে বাথৰুমত চোকা অস্ত্ৰৰে টুকুৰা–টুকুৰ কৰি কাটিছিল মৃতদেহটো।  মৃতদেহ কটাৰ সময়ত বহু পৰিমাণে পানী ব্যৱহাৰ কৰিছিল আফতাবে। ২০ হাজাৰৰো অধিক লিটাৰ পানী ব্যৱহাৰ কৰিছিল। মে’ মাহৰ পৰা পানীৰ বিল পৰিশোধ কৰা নাছিল আফতাবে।

উল্লেখযোগ্য যে ১৮ মে’ৰ নিশা ৮–৯ বজাৰ ভিতৰত শ্ৰদ্ধাক হত্যা কৰিছিল আফতাবে। শ্ৰদ্ধাৰ তথ্য বিচাৰি অক্টোৰত দিল্লী আৰক্ষীয়ে জেৰা চলাইছিল আফতাবক। শ্ৰদ্ধা হত্যাকাণ্ডৰ ৪ মাহত পিছত জেৰা চলাইছিল আৰক্ষীয়ে। ৬ অক্টোবৰৰ পিছত পিতৃয়ে শ্ৰদ্ধাৰ নিৰুদ্দেশ সম্পৰ্কত দিছিল গোচৰ। পিতৃৰ গোচৰৰ পিছতে আফতাবক জেৰা চলাইছিল আৰক্ষীয়ে। অক্টোবৰৰ প্ৰথমটো সোধা–পোছাত আৰক্ষীৰ আঁভুৱা ভৰিছিল আফতাবে।

দিল্লীৰ ঘৰৰ পৰা কাজিয়া কৰি শ্ৰদ্ধা ওলাই গৈছিল বুলি কৈছিল আফতাবে। শ্ৰদ্ধা সন্দৰ্ভত আৰক্ষীক সহযোগিতাৰ অভিনয় কৰিছিল তেওঁ। দ্বিতীয়বাৰলৈ আৰক্ষীয়ে জেৰা চলাবলৈ মতাৰ সময়ত আৰক্ষীক স্ব–বিৰোধী মন্তব্য আগবঢ়াইছিল আফতাবে। আৰক্ষীৰ লগতো ডাবল গেম খেলাৰ চেষ্টা কৰিছিল। পাছত আফতাবৰ গতি–বিধিক লৈ সন্দেহ হৈছিল আৰক্ষীৰ। সোধা–পোছাৰ অন্তত আফতাবক যাবলৈ দিছিল যদিও অহৰহ অনুসৰণ কৰি আছিল আৰক্ষীয়ে।

তথ্য অনুসৰি, ভাছাই নামৰ এখন বাৰত মদ্যপান কৰিছিল আফতাবে। তেতিয়া সুৰাসক্ত অৱস্থাত আফতাবে শ্ৰদ্ধা হত্যাকাণ্ড সন্দৰ্ভত মুখ খুলিছিল। ৩ নৱেম্বৰত আৰক্ষীয়ে সোধা–পোছা কৰাৰ এদিন পাছতে মুম্বাই এৰিছিল আফতাবে। এই সন্দৰ্ভত দিল্লী আৰক্ষীক অৱগত কৰিছিল মুম্বাই আৰক্ষীয়ে। লগতে আফতাবৰ ওপৰত দিল্লী আৰক্ষীক চোকা দৃষ্টি ৰাখিবলৈ কৈছিল মুম্বাই আৰক্ষীয়ে। আৰক্ষীয়ে ইতিমধ্যে মেহৰ’লি বনাঞ্চলৰ পৰা উদ্ধাৰ কৰিছে শ্ৰদ্ধাৰ ১০-১৩টা হাড় টুকুৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু