--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আৰক্ষীয়ে অব্যাহত ৰাখিছে দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্ত । ছটাৰপুৰৰ আফতাবৰ ফ্লেটত ফৰেণছিকৰ দলে চলাইছে অভিযান। আফতাবৰ পাকঘৰত তেজৰ চেকুৰা উদ্ধাৰ কৰিছে ফৰেণছিকৰ দলে। তদুপৰি আফতাবৰ শোৱনী কোঠাটো ফৰেণছিকৰ  অভিযান চলোৱা হৈছে। তথ্য অনুসৰি বিচনাত ডিঙি চেপি শ্ৰদ্ধাক হত্যা কৰিছিল আফতাবে।

তদন্তত পোহৰলৈ আহিছে যে শ্ৰদ্ধাক হত্যা কৰাৰ পাছতে বাথৰুমত চোকা অস্ত্ৰৰে টুকুৰা–টুকুৰ কৰি কাটিছিল মৃতদেহটো।  মৃতদেহ কটাৰ সময়ত বহু পৰিমাণে পানী ব্যৱহাৰ কৰিছিল আফতাবে। ২০ হাজাৰৰো অধিক লিটাৰ পানী ব্যৱহাৰ কৰিছিল। মে’ মাহৰ পৰা পানীৰ বিল পৰিশোধ কৰা নাছিল আফতাবে।

উল্লেখযোগ্য যে ১৮ মে’ৰ নিশা ৮–৯ বজাৰ ভিতৰত শ্ৰদ্ধাক হত্যা কৰিছিল আফতাবে। শ্ৰদ্ধাৰ তথ্য বিচাৰি অক্টোৰত দিল্লী আৰক্ষীয়ে জেৰা চলাইছিল আফতাবক। শ্ৰদ্ধা হত্যাকাণ্ডৰ ৪ মাহত পিছত জেৰা চলাইছিল আৰক্ষীয়ে। ৬ অক্টোবৰৰ পিছত পিতৃয়ে শ্ৰদ্ধাৰ নিৰুদ্দেশ সম্পৰ্কত দিছিল গোচৰ। পিতৃৰ গোচৰৰ পিছতে আফতাবক জেৰা চলাইছিল আৰক্ষীয়ে। অক্টোবৰৰ প্ৰথমটো সোধা–পোছাত আৰক্ষীৰ আঁভুৱা ভৰিছিল আফতাবে।

দিল্লীৰ ঘৰৰ পৰা কাজিয়া কৰি শ্ৰদ্ধা ওলাই গৈছিল বুলি কৈছিল আফতাবে। শ্ৰদ্ধা সন্দৰ্ভত আৰক্ষীক সহযোগিতাৰ অভিনয় কৰিছিল তেওঁ। দ্বিতীয়বাৰলৈ আৰক্ষীয়ে জেৰা চলাবলৈ মতাৰ সময়ত আৰক্ষীক স্ব–বিৰোধী মন্তব্য আগবঢ়াইছিল আফতাবে। আৰক্ষীৰ লগতো ডাবল গেম খেলাৰ চেষ্টা কৰিছিল। পাছত আফতাবৰ গতি–বিধিক লৈ সন্দেহ হৈছিল আৰক্ষীৰ। সোধা–পোছাৰ অন্তত আফতাবক যাবলৈ দিছিল যদিও অহৰহ অনুসৰণ কৰি আছিল আৰক্ষীয়ে।

তথ্য অনুসৰি, ভাছাই নামৰ এখন বাৰত মদ্যপান কৰিছিল আফতাবে। তেতিয়া সুৰাসক্ত অৱস্থাত আফতাবে শ্ৰদ্ধা হত্যাকাণ্ড সন্দৰ্ভত মুখ খুলিছিল। ৩ নৱেম্বৰত আৰক্ষীয়ে সোধা–পোছা কৰাৰ এদিন পাছতে মুম্বাই এৰিছিল আফতাবে। এই সন্দৰ্ভত দিল্লী আৰক্ষীক অৱগত কৰিছিল মুম্বাই আৰক্ষীয়ে। লগতে আফতাবৰ ওপৰত দিল্লী আৰক্ষীক চোকা দৃষ্টি ৰাখিবলৈ কৈছিল মুম্বাই আৰক্ষীয়ে। আৰক্ষীয়ে ইতিমধ্যে মেহৰ’লি বনাঞ্চলৰ পৰা উদ্ধাৰ কৰিছে শ্ৰদ্ধাৰ ১০-১৩টা হাড় টুকুৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক