--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভগৱান শিৱ বহুতৰে প্ৰিয় আৰাধ্য দেৱতা৷ এই ভগৱান শিৱক স্মৰণ কৰিয়েই ৰাজস্থানত নিৰ্মাণ কৰা হৈছে  বিশ্বৰ আটাইতকৈ ওখ শিৱৰ প্ৰতিমূৰ্তি৷ 
এই মূৰ্তিটোৰ নাম  'বিশ্বাস স্বৰূপম'৷ 

আজি এই বিশেষ মূৰ্তিটোৰ শুভ উদ্ধোধন কৰা হ’ব বুলি জানিব পৰা গৈছে৷ মূৰ্তিটো ৰাজস্থানৰ ৰাজসমন্দ জিলাত নিৰ্মাণ কৰা হৈছে৷  জিলাখনৰ নাথদ্বাৰ চহৰত স্থাপন কৰা ভগৱান শিৱৰ মূৰ্তিটোৰ উচ্চতা ৩৬৯ ফুট ৷উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰাজস্থানৰ  মুখ্যমন্ত্ৰী অশোক গেহলট, বিধানসভাৰ অধ্যক্ষ চি পি যোশী আদি৷ 


কিয় বিশেষ এই মূৰ্তিটো :এই মূৰ্তিটো উদয়পুৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷ ধ্যানৰত ভঙ্গীত নিৰ্মিত মূৰ্তিটো প্ৰায় ২০ কিলোমিটাৰ দূৰৈৰ পৰা দৃশ্যমান হয়৷মূৰ্তিটোৱে ৫১ বিঘা ঠাই আগুৰি আছে ৷
উল্লেখযোগ্য যে এই মূৰ্তিটো নিশাৰ ভাগতো স্পষ্টৰূপে দৃশ্যমান হয়৷ 

মূৰ্তিটোৰ ভিতৰলৈ যাবলৈ দৰ্শকসকলৰ বাবে চাৰিটা লিফ্ট আৰু তিনিটা চিৰিৰ ব্যৱস্থা কৰা হৈছে৷  
 এই প্ৰকল্পটোৰ আধাৰশিলা ২০১২ চনৰ আগষ্ট মাহত এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু  এই মূৰ্তিটো সম্পূৰ্ণ হ'বলৈ ১০ বছৰ সময় লাগিছিল ৷ 

মূৰ্তিটোৰ নিৰ্মাণত জড়িত সকলৰ মতে প্ৰতিমূৰ্তিটো প্ৰায় ২৫০ বছৰ অক্ষত অৱস্থাত থাকিব৷ তদুপৰি  ই প্ৰতি ঘণ্টাত ২৫০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ গতি সহ্য কৰিব পাৰে৷ এই মূৰ্তিটোক লৈ আশাবাদী হৈ পৰিছে ৰাজস্থানবাসী৷ ৰাজস্থানৰ পৰ্যটন ক্ষেত্ৰখন এই মূৰ্তিটোৰ জৰিয়তে টনকিয়াল হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু