--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভগৱান শিৱ বহুতৰে প্ৰিয় আৰাধ্য দেৱতা৷ এই ভগৱান শিৱক স্মৰণ কৰিয়েই ৰাজস্থানত নিৰ্মাণ কৰা হৈছে  বিশ্বৰ আটাইতকৈ ওখ শিৱৰ প্ৰতিমূৰ্তি৷ 
এই মূৰ্তিটোৰ নাম  'বিশ্বাস স্বৰূপম'৷ 

আজি এই বিশেষ মূৰ্তিটোৰ শুভ উদ্ধোধন কৰা হ’ব বুলি জানিব পৰা গৈছে৷ মূৰ্তিটো ৰাজস্থানৰ ৰাজসমন্দ জিলাত নিৰ্মাণ কৰা হৈছে৷  জিলাখনৰ নাথদ্বাৰ চহৰত স্থাপন কৰা ভগৱান শিৱৰ মূৰ্তিটোৰ উচ্চতা ৩৬৯ ফুট ৷উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰাজস্থানৰ  মুখ্যমন্ত্ৰী অশোক গেহলট, বিধানসভাৰ অধ্যক্ষ চি পি যোশী আদি৷ 


কিয় বিশেষ এই মূৰ্তিটো :এই মূৰ্তিটো উদয়পুৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷ ধ্যানৰত ভঙ্গীত নিৰ্মিত মূৰ্তিটো প্ৰায় ২০ কিলোমিটাৰ দূৰৈৰ পৰা দৃশ্যমান হয়৷মূৰ্তিটোৱে ৫১ বিঘা ঠাই আগুৰি আছে ৷
উল্লেখযোগ্য যে এই মূৰ্তিটো নিশাৰ ভাগতো স্পষ্টৰূপে দৃশ্যমান হয়৷ 

মূৰ্তিটোৰ ভিতৰলৈ যাবলৈ দৰ্শকসকলৰ বাবে চাৰিটা লিফ্ট আৰু তিনিটা চিৰিৰ ব্যৱস্থা কৰা হৈছে৷  
 এই প্ৰকল্পটোৰ আধাৰশিলা ২০১২ চনৰ আগষ্ট মাহত এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু  এই মূৰ্তিটো সম্পূৰ্ণ হ'বলৈ ১০ বছৰ সময় লাগিছিল ৷ 

মূৰ্তিটোৰ নিৰ্মাণত জড়িত সকলৰ মতে প্ৰতিমূৰ্তিটো প্ৰায় ২৫০ বছৰ অক্ষত অৱস্থাত থাকিব৷ তদুপৰি  ই প্ৰতি ঘণ্টাত ২৫০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ গতি সহ্য কৰিব পাৰে৷ এই মূৰ্তিটোক লৈ আশাবাদী হৈ পৰিছে ৰাজস্থানবাসী৷ ৰাজস্থানৰ পৰ্যটন ক্ষেত্ৰখন এই মূৰ্তিটোৰ জৰিয়তে টনকিয়াল হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক