--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান বজাৰত খুচুৰা বিক্ৰীৰ অভাৱত সাধাৰণ জনতাই বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ সৰু সৰু বস্তু ক্ৰয় কৰিবলৈ ডাঙৰ ডাঙৰ নোটৰ খুচুৰা বিক্ৰী কৰাটো প্ৰায় অসম্ভৱ। ইফালে এটিএমত ডাঙৰ ডাঙৰ নোটৰ বাহিৰে একো বিতৰণ কৰা নহয়। ফলত সমস্যাটো বাঢ়ি গৈ থাকে। এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে সেই ক্ষেত্ৰত ডাঙৰ পদক্ষেপ ল’বলৈ ওলাইছে।

দেশৰ খুচুৰা সমস্যা আজিৰ নহয়, সমসাময়িক সময়ত ইউ পি আইয়ে সেই সমস্যা কিছু লাঘৱ কৰিছে, কিন্তু খুচুৰাৰ সমস্যা এতিয়াও আছে।কিন্তু এইবাৰ এই অভিযোগ আৰ বি আইৰ ওচৰলৈ গৈছে। কেন্দ্ৰীয় বেংকে এটিএমত ক্ষুদ্ৰ মূল্যৰ নোটৰ সম্প্ৰসাৰণক লৈ চিন্তা-চৰ্চা কৰিছে। বিশেষকৈ ১০০ আৰু ২০০ টকীয়া নোট।এই সন্দৰ্ভত চৰকাৰে শীঘ্ৰে গাইডলাইন জাৰি কৰিব পাৰে। আৰ বি আইয়ে এই গাইডলাইন ইউ পি আই ভিত্তিক এ টি এম স্থাপনৰ কথা চিন্তা কৰিছে। ইয়াৰ ফলত সাধাৰণ মানুহে সামান্য পৰিমাণৰ ধন উলিয়াব পাৰিব, আৰু লেনদেন ব্যৱস্থাও সহজ হৈ পৰিব। এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে শীঘ্ৰে নতুন পদক্ষেপ ল’ব পাৰে।

ঘৰুৱা খুচুৰা ব্যৱসায়ৰ সমস্যাৰ বাবে আৰ বি আইয়ে আহ্বান কৰিছে বৈঠক। তাত আলোচনাৰ মূল বিষয় আছিল খুচুৰা বিষয়টো। বহুতে ইয়াৰ বিষয়ে বিভিন্ন ধৰণৰ পৰামৰ্শ দিছে। অৱশ্যে আৰ বি আইৰ বিষয়াসকলে ইউ পি আইৰ জৰিয়তে এ টি এম আৰম্ভ কৰিবলৈ আগ্ৰহী।এইক্ষেত্ৰত শীঘ্ৰে কিছু নতুন নিৰ্দেশনা চৰকাৰে জাৰি কৰিব পাৰে৷

উল্লেখযোগ্য যে বজাৰত ৫, ১০, ৫০ টকীয়াৰ দৰে সৰু সৰু নোটৰ ব্যাপক চাহিদা আছে যদিও ইমান সৰু নোট বা মুদ্ৰা পোৱাটো কঠিন হৈ পৰিছে। সৰু সৰু নোটৰ অভাৱত সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ লোক। ইফালে বৃহৎ নোটৰ খুচুৰা বিক্ৰীও জটিল হৈ পৰিছে। ফলত বজাৰত এক প্ৰকাৰৰ উত্তেজনাৰ সৃষ্টি হৈছে। এতিয়া এই সমস্যা দূৰ কৰিবলৈ আৰ বি আইয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া হ’ব উল্লেখনীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল