--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উৰিয়ামঘাট সীমান্তত এতিয়া যুদ্ধকালীন পৰিৱেশ। লাইন লাইনকৈ সজাই থোৱা হৈছে বুলড'জাৰ। ৰাজ্যখনৰ অন্য প্রান্তৰ পৰা ইয়ালৈ অনা হৈছে অসম আৰক্ষী আৰু অর্ধসামৰিক বাহিনী।

ডিজিটেল ডেস্কঃ উৰিয়ামঘাট সীমান্তত এতিয়া যুদ্ধকালীন পৰিৱেশ। লাইন লাইনকৈ সজাই থোৱা হৈছে বুলড'জাৰ। ৰাজ্যখনৰ অন্য প্রান্তৰ পৰা ইয়ালৈ অনা হৈছে অসম আৰক্ষী আৰু অর্ধসামৰিক বাহিনী। অহা ২৯ জুলাইৰ পৰা উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ সৰু-বৰ ৩০খনকৈ গাঁৱত বসবাস কৰা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হ'ব।


তাৰ বাবেই উৰিয়ামঘাট চহৰত আজি দেখা পোৱা গ'ল এই যুদ্ধকালীন পৰিৱেশ। জানিব পৰা মতে, সৰুপথাৰ সমাজিলাৰ ২৬খন আৰু বাহিৰৰ পৰা প্ৰায় ৭৪খন মুঠ ১০০খন বুলড'জাৰ এই উচ্ছেদ অভিযানত লগোৱা হ'ব। অসম আৰক্ষীৰ প্ৰায় ১২শ জোৱান আজি আহি উৰিয়ামঘাটত উপস্থিত হৈছেহি। তেওঁলোকক উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত শিবিৰ স্থাপন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। অসম আৰক্ষীৰ লগতে বন বিভাগৰ আৰু চি আৰ পি এফৰ জোৱানসকলো উৰিয়ামঘাট আৰক্ষী থানা চৌহদ আৰু উৰিয়ামঘাট ফিল্ডত শিবিৰ পাতি আছে।


 বন বিভাগৰ প্ৰায় পাঁচশ আৰু চি আৰ পি এফৰো সমসংখ্যক জোৱানে এই উচ্ছেদত অংশগ্রহণ কৰিব। প্রথম পর্যায়ত ৰেংমা সীমান্তত তিনিদিন ধৰি উচ্ছেদ চলিব। সেই অনুসৰি, বিদ্যাপুৰ, পিঠাঘাট, থুৰিবাৰী, মধুপুৰ, খেৰবাৰী, দলনিপথাৰ, সোণাৰি বিল, দয়ালপুৰ, ৰজাপুখুৰী, গেলাজানৰ দৰে ধৰ্মীয় সংখ্যালঘু লোকে বেদখল কৰা গাঁওসমূহ উচ্ছেদৰ লক্ষ্য কৰি লোৱা হৈছে। 


জানিব পৰা গৈছে যে প্রায় ৭০ শতাংশ বেদখলকাৰী লোকে উচ্ছেদৰ জাননী পাই ঘৰ-বাৰী ভাঙি ইয়াৰ পৰা আঁতৰি যোৱাৰ পাছতো এই বনাঞ্চলত ৩০ শতাংশ লোক এতিয়াও আঁতৰি যোৱা নাই। তেওঁলোকক চৰকাৰে উচ্ছেদ কৰিলেও তাতেই থাকিব বুলি জানিবলৈ দিছে। সেইসকলে জনোৱা মতে, ৰাজ্যখনৰ অন্য ঠাইত তেওঁলোকৰ ঘৰ-বাৰী নাই, ইয়াতেই জন্ম আৰু ইয়াতেই মৰিম বুলি কৈ বনাঞ্চলতেই আছে। 


ইফালে বনাঞ্চল এৰি যোৱাৰ সময়ত লোকসকলে পানীৰ দৰতে গৰু, ছাগলী, মাছ, হাঁহ, কুকুৰাৰ লগতে বাৰীৰ শাক-পাচলি বিক্ৰী কৰাত সীমান্তত নগাৰ লগতে সৰুপথাৰ সমজিলাৰ লোকসকল গৈ সীমান্তত ভিৰ কৰা পৰিলক্ষিত হৈছে। বহু মানুহে এতিয়া বেদখলকাৰীৰ ডাঙৰ ডাঙৰ ফিছাৰীৰ পৰা মাছ ধৰি লৈ আনিছে। বাৰীৰ শাক-পাচলিও গৃহস্থ নথকাৰ বাবে যিয়ে যেনেকৈ পাই ছিঙি লৈ আহিছে। অন্যহাতে, বন বিভাগে আজিৰ ভিতৰত ঘৰ খালী কৰি দিবৰ বাবে শেষ সকীয়নি প্রদান কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ