--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আদিংগিৰি পাহাৰৰ বেদখল উচ্ছেদ কৰাটো নিশ্চিত কৰি ইতিমধ্যে প্রশাসনে বেদখলকাৰীসকলক সেই স্থান এৰি আঁতৰি যাবলৈ সাতদিন সময়সীমা নির্ধাৰণ কৰি জাননী প্রদান কৰিছিল

ডিজিটেল ডেস্ক : গুৱাহাটীৰ আদিংগিৰি পাহাৰত বাস কৰা বেদখলকাৰীক সেই স্থান এৰি যাবৰ বাবে প্রশাসনে জাননী জাৰি কৰাৰ পাছত এইবাৰ ফটাশিল সংৰক্ষিত বনাঞ্চলৰ কালাপানী এলেকাত প্রশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে।


উল্লেখযোগ্য যে আদিংগিৰি পাহাৰৰ বেদখল উচ্ছেদ কৰাটো নিশ্চিত কৰি ইতিমধ্যে প্রশাসনে বেদখলকাৰীসকলক সেই স্থান এৰি আঁতৰি যাবলৈ সাতদিন সময়সীমা নির্ধাৰণ কৰি জাননী প্রদান কৰিছিল। আদিংগিৰিৰ পাছতে কালাপানী এলেকাতো উচ্ছেদ অভিযান চলোৱাটো নিশ্চিত হৈছে। বেদখলকাৰীসকলক এসপ্তাহৰ সময়সীমা নির্ধাৰণ কৰি কালাপানী এলেকাতো জাননী জাৰি কৰা হৈছে।


ঘৰে ঘৰে প্ৰশাসনৰ মানুহ গৈ গৃহস্থৰ হাতে হাতে উচ্ছেদৰ পূৰ্বে নিজেই সেই স্থান এৰি আঁতৰি যাবৰ বাবে জাননী দি আহিছে। যি ঘৰৰ মানুহ লগ পোৱা নাই তেনে লোকৰ ঘৰত জাননীখন আঁৰি থৈ আহিছে প্ৰশাসনৰ প্ৰতিনিধিয়ে। সেই জাননীত তেওঁলোকে কোনো মানুহ লগ পোৱা নাই বুলিও উল্লেখ কৰি দিছে। উল্লেখযোগ্য যে ফটাশিল সংৰক্ষিত বনাঞ্চলৰ হাবি ভাঙি ঘৰ সজাৰ লগতে ৰাস্তা-পদূলি নিৰ্মাণ কৰিছিল বেদখলকাৰীসকলে। সাধাৰণ টিনৰ ঘৰৰ পৰা আৰম্ভ কৰি বহুকেইটা পকী ঘৰো নিৰ্মাণ কৰি বেদখল কৰিছিল সংৰক্ষিত বনাঞ্চলত।


বেদখল কৰা স্থানক নামকৰণ কৰিছিল বনফুল নগৰ হিচাপে। দেওবাৰে এই এলেকাৰ শতাধিক লোকৰ ঘৰত জাননী জাৰি কৰি এসপ্তাহৰ ভিতৰত স্বেচ্ছাই এই স্থান এৰি যাবলৈ নিৰ্দেশ দিয়ে। অন্যথা উচ্ছেদ চলোৱাৰ সকীয়নি দিয়া হয়। প্রণিধানযোগ্য যে এই এলেকাত বাস কৰা লোকসকলে বিগত দুটা দশক ধৰি সেই স্থানত বসবাস কৰি থকা বুলি উল্লেখ কৰিছে। আনকি বিদ্যুৎ বিভাগে এই অবৈধ জনাঞ্চলত বিদ্যুৎ যোগানো ধৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ