--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আদিংগিৰি পাহাৰৰ বেদখল উচ্ছেদ কৰাটো নিশ্চিত কৰি ইতিমধ্যে প্রশাসনে বেদখলকাৰীসকলক সেই স্থান এৰি আঁতৰি যাবলৈ সাতদিন সময়সীমা নির্ধাৰণ কৰি জাননী প্রদান কৰিছিল

ডিজিটেল ডেস্ক : গুৱাহাটীৰ আদিংগিৰি পাহাৰত বাস কৰা বেদখলকাৰীক সেই স্থান এৰি যাবৰ বাবে প্রশাসনে জাননী জাৰি কৰাৰ পাছত এইবাৰ ফটাশিল সংৰক্ষিত বনাঞ্চলৰ কালাপানী এলেকাত প্রশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে।


উল্লেখযোগ্য যে আদিংগিৰি পাহাৰৰ বেদখল উচ্ছেদ কৰাটো নিশ্চিত কৰি ইতিমধ্যে প্রশাসনে বেদখলকাৰীসকলক সেই স্থান এৰি আঁতৰি যাবলৈ সাতদিন সময়সীমা নির্ধাৰণ কৰি জাননী প্রদান কৰিছিল। আদিংগিৰিৰ পাছতে কালাপানী এলেকাতো উচ্ছেদ অভিযান চলোৱাটো নিশ্চিত হৈছে। বেদখলকাৰীসকলক এসপ্তাহৰ সময়সীমা নির্ধাৰণ কৰি কালাপানী এলেকাতো জাননী জাৰি কৰা হৈছে।


ঘৰে ঘৰে প্ৰশাসনৰ মানুহ গৈ গৃহস্থৰ হাতে হাতে উচ্ছেদৰ পূৰ্বে নিজেই সেই স্থান এৰি আঁতৰি যাবৰ বাবে জাননী দি আহিছে। যি ঘৰৰ মানুহ লগ পোৱা নাই তেনে লোকৰ ঘৰত জাননীখন আঁৰি থৈ আহিছে প্ৰশাসনৰ প্ৰতিনিধিয়ে। সেই জাননীত তেওঁলোকে কোনো মানুহ লগ পোৱা নাই বুলিও উল্লেখ কৰি দিছে। উল্লেখযোগ্য যে ফটাশিল সংৰক্ষিত বনাঞ্চলৰ হাবি ভাঙি ঘৰ সজাৰ লগতে ৰাস্তা-পদূলি নিৰ্মাণ কৰিছিল বেদখলকাৰীসকলে। সাধাৰণ টিনৰ ঘৰৰ পৰা আৰম্ভ কৰি বহুকেইটা পকী ঘৰো নিৰ্মাণ কৰি বেদখল কৰিছিল সংৰক্ষিত বনাঞ্চলত।


বেদখল কৰা স্থানক নামকৰণ কৰিছিল বনফুল নগৰ হিচাপে। দেওবাৰে এই এলেকাৰ শতাধিক লোকৰ ঘৰত জাননী জাৰি কৰি এসপ্তাহৰ ভিতৰত স্বেচ্ছাই এই স্থান এৰি যাবলৈ নিৰ্দেশ দিয়ে। অন্যথা উচ্ছেদ চলোৱাৰ সকীয়নি দিয়া হয়। প্রণিধানযোগ্য যে এই এলেকাত বাস কৰা লোকসকলে বিগত দুটা দশক ধৰি সেই স্থানত বসবাস কৰি থকা বুলি উল্লেখ কৰিছে। আনকি বিদ্যুৎ বিভাগে এই অবৈধ জনাঞ্চলত বিদ্যুৎ যোগানো ধৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ