ডিজিটেল ডেস্ক : তেজপুৰ বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী হিমানী গুৰুঙে ইছৰ' আৰু আই ইউ চি এ এৰ আদিত্য এল-১ মিছনৰ কর্মশালাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র শিক্ষার্থী হিচাপে নির্বাচিত হৈ কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে ডিগবৈৰ পাভৈ বনগাঁৱৰ বাসিন্দা, এটা অতি সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ কন্যা হিমানী গুৰুঙে যি কাম কৰিছে উচ্চ শিক্ষাৰ সৈতে জড়িত লাখ লাখ যুৱকে সেয়া সপোন দেখিছে। ইছৰ' আৰু আই ইউ চি এ এৰ উদ্যোগত আয়োজিত আদিত্য এল-১ মিছন কৰ্মশালাৰ বাবে সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত ৩৭ গৰাকী অংশগ্ৰহণকাৰীৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র অংশগ্রহণকাৰী হিচাপে হিমানী পৰিগণিত হোৱাত স্বাভাৱিকতে বিশ্ববিদ্যালয়খনৰ বাবেও গৌৰৱৰ বতৰা হৈ পৰিছে।
কিয়নো ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ৰ ব্যাৱহাৰিক কৰ্মশালাৰ বাবে নিৰ্বাচিত হৈছে উত্তৰ-পূব ভাৰতৰ হিমানী গুৰুং। এই সফলতাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালে আনন্দ প্ৰকাশ কৰাৰ লগতে হিমানীক অভিনন্দন জ্ঞাপন কৰিছে। হিমানীৰ পৰিয়ালতো এই খবৰ লাভ কৰাৰ পিছত উৎসাহৰ পৰিৱেশৰ সৃষ্টি হৈছে।
প্রণিধানযোগ্য যে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰ'ৱে ২০২৩ চনৰ ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ ২০২৪ চনৰ ৬ জানুৱাৰীত সফলতাৰে কক্ষপথত প্ৰৱেশ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল ২০-২২ আগষ্ট। ইফালে, উক্ত কর্মশালাত সূৰ্যৰ পৰ্যবেক্ষণ পদ্ধতি, আদিত্য এল-১ৰ তথ্য বিশ্লেষণ আৰু সূৰ্যৰ বায়ুমণ্ডলৰ গঠন সম্পর্কে গুৰুত্বপূৰ্ণ তথ্য শিকোৱা হ'ব বুলি জানিব পৰা গৈছে।
উৎসঃ দৈনিক জনমভূমি