--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইছৰ' আৰু আই ইউ চি এ এৰ আদিত্য এল-১ মিছনৰ কর্মশালাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র শিক্ষার্থী হিচাপে নির্বাচিত হৈ কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে

ডিজিটেল ডেস্ক : তেজপুৰ বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী হিমানী গুৰুঙে ইছৰ' আৰু আই ইউ চি এ এৰ আদিত্য এল-১ মিছনৰ কর্মশালাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র শিক্ষার্থী হিচাপে নির্বাচিত হৈ কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে।


উল্লেখযোগ্য যে ডিগবৈৰ পাভৈ বনগাঁৱৰ বাসিন্দা, এটা অতি সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ কন্যা হিমানী গুৰুঙে যি কাম কৰিছে উচ্চ শিক্ষাৰ সৈতে জড়িত লাখ লাখ যুৱকে সেয়া সপোন দেখিছে। ইছৰ' আৰু আই ইউ চি এ এৰ উদ্যোগত আয়োজিত আদিত্য এল-১ মিছন কৰ্মশালাৰ বাবে সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত ৩৭ গৰাকী অংশগ্ৰহণকাৰীৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র অংশগ্রহণকাৰী হিচাপে হিমানী পৰিগণিত হোৱাত স্বাভাৱিকতে বিশ্ববিদ্যালয়খনৰ বাবেও গৌৰৱৰ বতৰা হৈ পৰিছে।


কিয়নো ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ৰ ব্যাৱহাৰিক কৰ্মশালাৰ বাবে নিৰ্বাচিত হৈছে উত্তৰ-পূব ভাৰতৰ হিমানী গুৰুং। এই সফলতাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালে আনন্দ প্ৰকাশ কৰাৰ লগতে হিমানীক অভিনন্দন জ্ঞাপন কৰিছে। হিমানীৰ পৰিয়ালতো এই খবৰ লাভ কৰাৰ পিছত উৎসাহৰ পৰিৱেশৰ সৃষ্টি হৈছে।


প্রণিধানযোগ্য যে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰ'ৱে ২০২৩ চনৰ ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ ২০২৪ চনৰ ৬ জানুৱাৰীত সফলতাৰে কক্ষপথত প্ৰৱেশ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল ২০-২২ আগষ্ট। ইফালে, উক্ত কর্মশালাত সূৰ্যৰ পৰ্যবেক্ষণ পদ্ধতি, আদিত্য এল-১ৰ তথ্য বিশ্লেষণ আৰু সূৰ্যৰ বায়ুমণ্ডলৰ গঠন সম্পর্কে গুৰুত্বপূৰ্ণ তথ্য শিকোৱা হ'ব বুলি জানিব পৰা গৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ