--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সৰস্বতী পূজাৰ দৰে এক পবিত্ৰ দিনত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

ডিজিটেল ডেস্কঃ বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীত এক মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়। মহানগৰীৰ কাহিলীপাৰাত ১০৮ মৃত্যুঞ্জয় এম্বুলেন্সৰ খুন্দাত এগৰাকী ২২ বছৰীয়া যুৱতীয়ে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়।


নিহত যুৱতীগৰাকী বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ বাসিন্দা লুনা ভৰদ্বাজ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোত দেৰগাঁৱৰ অচ্যুত বৰুৱা (২৪) নামৰ এজন যুৱকো গুৰুতৰভাৱে আহত হয়। দুয়োকে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে লুনা ভৰদ্বাজক মৃত বুলি ঘোষণা কৰে। আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অচ্যুত বৰুৱা বৰ্তমান GMCHৰ আই চি ইউত (ICU) চিকিৎসাধীন হৈ আছে।


GMCHৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে কালি জনোৱা মতে, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬:১১ বজাত দুয়োকে হাস্পতাললৈ অনা হৈছিল। লুনাই থিতাতে প্ৰাণ হেৰুৱাইছিল আৰু অচ্যুতৰ পেট তথা ভৰিত গভীৰ আঘাত লাগিছিল। শনিবাৰে পুৱা মৃত যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব।


ইয়াৰ লগতে তেওঁ জি এম চি এইচত ৱাৰ্ড বয় পৰ্যাপ্ত পৰিমাণৰ আছে বুলি মন্তব্য কৰি ৰোগীক দুব্যৱহাৰ কৰা ৱাৰ্ড বয়ৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলিও মন্তব্য কৰে ।


ঘটনাটো সংঘটিত কৰাৰ পিছতে এম্বুলেন্সৰ চালকজনে পলায়ন কৰে। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত মৃত্যুঞ্জয় বাহনখন জব্দ কৰিছে। ইফালে, সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সন্থাৰ অভিযোগ অনুসৰি, অভিজ্ঞ চালকৰ পৰিৱৰ্তে অনভিজ্ঞ চালকৰ দ্বাৰা বাহন চলোৱাৰ বাবেই এনেধৰণৰ মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে।


সৰস্বতী পূজাৰ দৰে এক পবিত্ৰ দিনত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ