--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সৰস্বতী পূজাৰ দৰে এক পবিত্ৰ দিনত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

ডিজিটেল ডেস্কঃ বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীত এক মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়। মহানগৰীৰ কাহিলীপাৰাত ১০৮ মৃত্যুঞ্জয় এম্বুলেন্সৰ খুন্দাত এগৰাকী ২২ বছৰীয়া যুৱতীয়ে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়।


নিহত যুৱতীগৰাকী বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ বাসিন্দা লুনা ভৰদ্বাজ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোত দেৰগাঁৱৰ অচ্যুত বৰুৱা (২৪) নামৰ এজন যুৱকো গুৰুতৰভাৱে আহত হয়। দুয়োকে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে লুনা ভৰদ্বাজক মৃত বুলি ঘোষণা কৰে। আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অচ্যুত বৰুৱা বৰ্তমান GMCHৰ আই চি ইউত (ICU) চিকিৎসাধীন হৈ আছে।


GMCHৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে কালি জনোৱা মতে, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬:১১ বজাত দুয়োকে হাস্পতাললৈ অনা হৈছিল। লুনাই থিতাতে প্ৰাণ হেৰুৱাইছিল আৰু অচ্যুতৰ পেট তথা ভৰিত গভীৰ আঘাত লাগিছিল। শনিবাৰে পুৱা মৃত যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব।


ইয়াৰ লগতে তেওঁ জি এম চি এইচত ৱাৰ্ড বয় পৰ্যাপ্ত পৰিমাণৰ আছে বুলি মন্তব্য কৰি ৰোগীক দুব্যৱহাৰ কৰা ৱাৰ্ড বয়ৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলিও মন্তব্য কৰে ।


ঘটনাটো সংঘটিত কৰাৰ পিছতে এম্বুলেন্সৰ চালকজনে পলায়ন কৰে। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত মৃত্যুঞ্জয় বাহনখন জব্দ কৰিছে। ইফালে, সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সন্থাৰ অভিযোগ অনুসৰি, অভিজ্ঞ চালকৰ পৰিৱৰ্তে অনভিজ্ঞ চালকৰ দ্বাৰা বাহন চলোৱাৰ বাবেই এনেধৰণৰ মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে।


সৰস্বতী পূজাৰ দৰে এক পবিত্ৰ দিনত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু