--°C
Loading...
Advertisement
Listen to Article
5 min read
80%

In Short

  • আয়োগৰ এটা শীর্ষ সূত্রই এই কথা প্ৰকাশ কৰি জনোৱা মতে, অহা মাহৰ প্রথম ভাগতে নির্বাচন আয়োগৰ এটা দলে অসমলৈ আহি ৰাজ্যিক নির্বাচন আয়োগ আৰু প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হৈ প্ৰস্তুতিৰ বুজ ল'ব।

ডিজিটেল ডেস্ক : আগন্তুক ৰঙালী বিহুৰ পূর্বেই অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নির্বাচন আয়োগে বিহুৰ পূৰ্বেই নির্বাচন অনুষ্ঠিত কৰাৰ বাবে পূর্ণ প্রস্তুতি চলাইছে। আনকি ৰাজ্যৰ আইন-শৃংখলাজনিত দিশবোৰৰ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে নির্বাচন আয়োগে। 


আয়োগৰ এটা শীর্ষ সূত্রই এই কথা প্ৰকাশ কৰি জনোৱা মতে, অহা মাহৰ প্রথম ভাগতে নির্বাচন আয়োগৰ এটা দলে অসমলৈ আহি ৰাজ্যিক নির্বাচন আয়োগ আৰু প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হৈ প্ৰস্তুতিৰ বুজ ল'ব। ইয়াৰ পাছতেই ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা কৰিব। সূত্ৰটোৰ মতে, অসমৰ লগতে তামিলনাডু, পশ্চিম বংগ, কেৰালা আৰু পুডুচেৰীত একে সময়তে নির্বাচন অনুষ্ঠিত হ'ব। 


সেয়েহে নির্বাচন আয়োগে অসম আৰু পশ্চিম বংগত প্রথমে, তাৰ পাছত তামিলনাডু, কেৰালা আৰু পুডুচেৰীত নির্বাচন অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে। নির্বাচনত নিয়োজিত কৰিব লগীয়া নিৰাপত্তাৰক্ষী তথা আন আন বিষয়বোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনেদৰে প্ৰথমে অসম আৰু পশ্চিম বংগত নির্বাচন অনুষ্ঠিত কৰাৰ চিন্তা কৰিছে বুলি জনাই সূত্ৰটোৱে কয় যে অসমত দুটা বা তিনিটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে। 


মন কৰিব লগীয়া কথা যে ২০২১ চনত নির্বাচন আয়োগে ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল। সেইবাৰ অসমত তিনিটা পর্যায়ত ক্রমে ২৭ মার্চ, এক এপ্রিল আৰু ৬ এপ্রিলত নির্বাচন অনুষ্ঠিত হৈছিল। প্রথম পৰ্যায়ত উজনিৰ লগতে মধ্য অসমৰ দুখনমান জিলাৰ মুঠ ৪৭টা সমষ্টিত নির্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত বৰাককে ধৰি নগাঁও, মৰিগাঁও, নলবাৰী, দৰঙৰ মুঠ ৩৯টা সমষ্টিত আৰু একেবাৰে শেষৰ পৰ্যায়ত গুৱাহাটীকে ধৰি নামনিৰ ৪০টা সমষ্টিত নির্বাচন অনুষ্ঠিত হৈছিল। 


অৱশ্যে নির্বাচন বিহুৰ পূৰ্বেই অনুষ্ঠিত হ'লেও ভোট গণনা হৈছিল দুই মে'ত। ইয়াৰ পূর্বে ২০১৬ চনতো ৰঙালী বিহুৰ পূৰ্বেই বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। অৱশ্যে ২০১৬ চনত বিধানসভাৰ নিৰ্বাচন দুটা পর্যায়ত অনুষ্ঠিত হৈছিল। সেইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন চাৰি এপ্রিলত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১১ এপ্রিলত অনুষ্ঠিত হৈছিল। অৱশ্যে ২০১৬ চনত ভোট গণনা ১৯ মে'তহে হৈছিল। 


এনে পৰিস্থিতিত এইবাৰো নিৰ্বাচন বিহুৰ পূৰ্বেই অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিহু যাতে অসমীয়া ৰাইজে ভালদৰে উদযাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিহুৰ পূৰ্বেই নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত বিজেপিয়েও পোষকতা কৰাৰ কথা জানিব পৰা গৈছে। নির্বাচন আয়োগৰ সূত্ৰটোৰ মতে, অহা মাহত অসমলৈ আহিব লগীয়া আয়োগৰ দলটোৱে ৰাজ্যৰ ৰাজনৈতিক দলবোৰৰ সৈতেও বাৰ্তালাপত মিলিত হোৱাৰ সম্ভাৱনা আছে। 


আনহাতে, অসমৰ পৰা ঘূৰি গৈয়ে দলটোৱে ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত ঘোষণা কৰিব নিৰ্বাচনৰ দিন। ইফালে, নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক নির্বাচন আয়োগেও অহা ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ দিন স্থিৰ কৰিছে। একেদৰে পৰ্যাপ্ত ই ভি এমৰো যোগাৰ কৰিছে আয়োগে। 


প্রণিধানযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে এইবাৰ অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন। অৱশ্যে পুনৰ নিৰ্ধাৰণৰ ফলত সমষ্টিৰ সংখ্যা বৃদ্ধি নাপালেও প্রতিটো সমষ্টিৰে চাৰিসীমা সলনি হৈছে। বহুকেইটা সমষ্টি বিলুপ্ত হোৱাৰ বিপৰীতে নতুনকৈ গঠন হৈছে কেইবাটাও সমষ্টি। যাৰ বাবে সমষ্টি পুনৰ গঠনৰ পাছত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ বিধানসভাৰ নিৰ্বাচন অসমৰ ৰাইজৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বকাপক লৈ বিতর্ক; ইৰানী অনুৰাগীৰ আবণ্টিত টিকট বাতিল ফিফাৰ
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement