--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ পূৰ্বে বাবৰ আজমে এবটাবাদৰ আৰ্মি ট্ৰেইনিং স্কুলত ফিটনেছ প্ৰশিক্ষণ লৈছিল। পাকিস্তানৰ জাতীয় দলৰ ক্ৰিকেটাৰসকলে জোৱানৰ দৰে প্ৰশিক্ষণ ল’ব লগা হৈছে। পাকিস্তানী ক্ৰিকেটাৰসকলে ইয়াত আকৰ্ষণীয় উপাদান বিচাৰি পাইছে।

আজম খান বাবৰৰ লগত আৰ্মি স্কুলত আছিল। তেওঁ পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ম’ইন খানৰ পুত্ৰ। ক্ৰিকেট খেলৰ দক্ষতাৰ উপৰিও আজম গধুৰ শৰীৰৰ বাবেও পৰিচিত। এঠাইৰ পৰা আন ঠাইলৈ শিল কঢ়িয়াই নিয়া, বিভিন্ন বাধাৰ ওপৰেৰে দৌৰা, ওখ দেৱাল বগাই যোৱাৰ অনুশীলন কৰি আহিছে পাকিস্তানী ক্ৰিকেটাৰসকলে। ফিটনেছ প্ৰশিক্ষণৰ এটা অংশ আছিল দ্ৰুত পাহাৰ বগাই যোৱা।

অৱশেষত আজমেও পাহাৰত উঠিবলৈ সক্ষম হ’ল। দুজন জোৱানৰ সহায় ল’ব লগা হ’ল। তেওঁ পাহাৰ বগাই যোৱাৰ পিছত পাকিস্তানী ক্ৰিকেটাৰসকলে উল্লাসৰ সৃষ্টি কৰে। বিশেষকৈ ইফতিখাৰ আহমেদ আৰু ছাইম আয়ুবৰ উৎসাহ চোৱাৰ যোগ্য আছিল। সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

২৬ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ ওজন ১১০ কিলোগ্ৰাম। বহুতে ভাবিছিল যে আজমে গধুৰ শৰীৰ লৈ পাহাৰৰ ওপৰলৈ খোজ কাঢ়িব নোৱাৰিব। আজমে পাহাৰৰ শিখৰত উপস্থিত হৈ সতীৰ্থসকলক আচৰিত কৰি তুলিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ